বিপদৰ সময়ত ভূপেন হাজৰিকাক আঁকোৱালি লৈছিল কলকাতাৰ মাটিয়ে
ভূপেন হাজৰিকাৰ জীৱনৰ আধাৰত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত 'ভাৰত ৰত্ন ভূপেন হাজৰিকা' নামৰ গ্ৰন্থখন কলকাতা গ্ৰন্থমেলাত মুকলি কৰা হয় ।

By ETV Bharat Entertainment Team
Published : January 28, 2026 at 1:07 PM IST
কলকাতা : জন্মশতবাৰ্ষিকী উপলক্ষে ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক ৪৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলাত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । 'পাব্লিকেশ্যন ব'ৰ্ড অসম'ৰ উদ্যোগত আৰু 'পাব্লিছাৰ্চ এণ্ড বুকছেলাৰ গীল্ড, কলকাতা'ৰ সহযোগত এছ বি আই প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় । হাজৰিকাৰ বহু জনপ্ৰিয় গীত শিল্পীসকলে পৰিৱেশন কৰে মঞ্চত ।
গ্ৰন্থমেলাত জন্ম শতবাৰ্ষিকী উপলক্ষে সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক অনুৰাধা পূজাৰী শৰ্মাৰ দ্বাৰা ভূপেন হাজৰিকাৰ জীৱনৰ আধাৰত ৰচিত গ্ৰন্থ ‘ভাৰত ৰত্ন ভূপেন হাজৰিকা’ মুকলি কৰা হয় । গ্ৰন্থখন ২১ টা ভাষালৈ অনুবাদ কৰা হৈছে । তাৰ ভিতৰত বাংলাও অন্যতম । কলকাতা গ্ৰন্থমেলাত এই গ্ৰন্থখন উপলব্ধ ।
অনুৰাধা শৰ্মা পূজাৰীয়ে কয়, "অসমৰ মুখ্যমন্ত্ৰীয়ে মোক ভূপেন হাজৰিকাৰ জীৱনৰ আধাৰত এখন কিতাপ লিখিবলৈ কৈছিল । মোৰ সময় আছিল অতি কম । ডেৰ মাহত লিখি শেষ কৰিলোঁ । লিখাৰ পিছতো মই ভাবিলোঁ, এভাৰেষ্টৰ শিখৰত আৰোহণ কৰাটো ইমান সহজ নেকি ? আৰু বহুত বাকী আছে ।"
কলকাতাৰ সৈতে ভূপেন হাজৰিকাৰ সম্পৰ্ক আৰু বন্ধনৰ কথা কওঁতে সাহিত্যিকগৰাকীয়ে কয়, "ভূপেন দা অতি কঠিন সময়ত কলকাতালৈ আহিছিল আৰু কলকাতাৰ মাটিয়ে তেওঁক বুকুৰ মাজত সোমোৱাই লৈছিল । আমি অসমবাসীয়ে কেতিয়াও এই ঋণ পৰিশোধ কৰিব নোৱাৰিম । আঠ বছৰ ধৰি কলকাতাত বাস কৰিছিলো । ভূপেন দাৰ বাবে ইয়াত মানুহৰ উন্মাদনা মই নিজ চকুৰে দেখিছোঁ । ভূপেন দা মোৰ ঘৰলৈ আহিব বুলি গম পালেই, তেওঁক চাবলৈ কিমান মানুহ যে গোট খাইছিল । ভূপেন দাই ইয়াৰ মানুহৰ পৰা বহুত মৰম লাভ কৰিছে ।"
স্মৃতিৰ পৃষ্ঠা লুটিয়াই তেওঁ কয়, "ভূপেন দাই মোক বহু অনুষ্ঠানলৈ লৈ গৈছিল । এবাৰ ভূপেন দাৰ লগত মেদিনাপুৰৰ এখন গাঁৱলৈ গৈছিলো । বহুতে হাতত লাঠি আৰু বন্তি লৈ থকা দেখিছিলো । ভূপেন দাই যেতিয়া শেষৰ গানটো গাই আছিল, সকলো গুচি গৈছিল, দৰ্শকৰ আসন প্ৰায় খালী হৈ পৰিছিল । ভূপেন দাই কিয় গুচি গৈছে বুলি সুধিলে । তেওঁলোকে ক’লে যে- আমি চাৰি পাঁচ ঘণ্টা অপেক্ষা কৰি আছিলো কেৱল আপোনাৰ গানটোৰ বাবে । আমি বহু দূৰৰ পৰা আহিছো । এতিয়া আমি যাব লাগিব ।" সেইদিনা মঞ্চত উঠোতে ভূপেন দাৰ বহুত দেৰি হৈছিল । কিন্তু মানুহখিনি ৰৈ আছিল গান শুনিবলৈ ৷ ইয়াৰ পৰাই বুজা যায় যে ভূপেনদাৰ বাবে মানুহৰ মাজত কিমান উন্মাদনা আছিল ।"
তেওঁ লগতে আৰু কয়, "আমি কওঁ 'মোৰ ভূপেন দা' আৰু এই কলকাতাখনে 'আমাৰ ভূপেন দা' বুলি কয় । এগৰাকী শিল্পীৰ এইটোৱেই প্ৰাপ্য । এই সৌভাগ্য সকলোৰে নাই । ভূপেন দাই নিজেই এই সৌভাগ্য গঢ়ি তুলিছিল, গীত আৰু প্ৰেমেৰে । তেওঁৰ প্ৰতিটো গীততে বিভিন্ন ধৰণৰ প্ৰেমৰ কাহিনী আছিল । ভূপেন দাক কলকাতাত চিনাকি কৰাই দিয়াত হেমন্ত মুখাৰ্জীয়ে উল্লেখনীয় ভূমিকা পালন কৰিছিল । আমি অসমবাসীয়ে তেওঁৰ অৱদানক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো ।" আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলাৰ সাধাৰণ সম্পাদক ত্ৰিদীৱ চেটাৰ্জীয়ে কয় যে, ভূপেন হাজৰিকাই যুৱ প্ৰজন্মক এক নতুন দৰ্শন শিকাইছিল ।
নৃত্য গীতৰ জৰিয়তে গ্ৰন্থমেলাত কিংবদন্তি শিল্পীগৰাকীৰ জন্মশতবাৰ্ষিকী উদযাপন কৰা হয় । শিল্পীসকলে বহুকেইটা গীত পৰিবেশন কৰে । নৃত্য প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । অনুৰাধা পূজাৰী শৰ্মাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলাৰ সাধাৰণ সম্পাদক ত্ৰিদীৱ চেটাৰ্জী, সাহিত্যিক সুমন্ত চলিহা (প্ৰকাশন বৰ্ড অসমৰ উপাধ্যক্ষ), প্ৰমোদ কলিতা (প্ৰকাশন বৰ্ড অসমৰ সম্পাদক), সংগীত শিল্পী তথা ভূপেন হাজৰিকাৰ ভাই বোৱাৰী মনীষা হাজৰিকা, সংগীত শিল্পী পৰ্ণভ বেনাৰ্জী, সংগীত শিল্পী ময়ূখ হাজৰিকা (ভূপেন হাজৰিকাৰ ভতিজা) আৰু অধ্যাপক তথা সংগীত শিল্পী শুভপ্ৰসাদ নন্দী মজুমদাৰকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক : লোকশিল্পী দিলি তেৰাঙক বকুলবন বঁটা ২০২৬ প্ৰদান

