ETV Bharat / entertainment

বাঁহ-বেঙেনাৰ যুঁজত কঁপিল ইটিভি ভাৰত অসমৰ ষ্টুডিঅ'

ইটিভি ভাৰত অসমৰ ষ্টুডিঅ'ত বাকযুদ্ধত লিপ্ত দুগৰাকী অভিনেত্ৰী, কিন্তু কিয় ?

An exclusive interview with two actresses from the new Assamese film XYZ
বাঁহ-বেঙেনাৰ যুঁজত কঁপিল ইটিভি ভাৰত অসমৰ ষ্টুডিঅ' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 7:36 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: ইটিভি ভাৰত অসমৰ ষ্টুডিঅ'ত দুগৰাকী অভিনেত্ৰীৰ তয়াময়া ৰণ । দুয়োৰে মাজত হোৱা তীব্ৰ বাক-বিতণ্ডাই উত্তপ্ত কৰি তোলে পৰিস্থিতি । এগৰাকীয়ে যদি বাঁহৰ সমৰ্থনত আনগৰাকীয়ে আকৌ বেঙেনাৰ সমৰ্থনত তুলি ধৰিছে যুক্তি । ইটিভি ভাৰতৰ সাংবাদিক দীপাঞ্জলি শৰ্মাৰ মধ্যস্থতাত কিছু শাম কাটে এই যুঁজৰ । কিন্তু ২৪ জুলাইৰ পাছত এই ৰণে কি ৰূপ ল'ব সেয়া হ'ব লক্ষ্যণীয় ।

কিন্তু কিয় দুয়োগৰাকী অভিনেত্ৰী লিপ্ত হ'ল বাক-বিতণ্ডাত ?

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে দুটা দলে, এটা দলৰ প্ৰতীক বাঁহ আনটো দলৰ প্ৰতীক বেঙেনা । বাঁহ প্ৰতীকৰ দলটোৰ সমৰ্থক অভিনেত্ৰী প্ৰণামী বৰা আৰু বেঙেনা দলটোৰ সমৰ্থক পল্লৱী ফুকন । সেয়ে দুয়ো নিজৰ দলৰ সমৰ্থনত নামিল বাক-যুদ্ধত ।

পিছে এয়া সঁচা বাকযুদ্ধ নহয় । দুয়োগৰাকী অভিনেত্ৰীয়ে অভিনয় কৰিছে আহিবলগীয়া এখন নতুন অসমীয়া ছবিত । ছাকিৰা আহিব বকুল তলৰ বিহুলৈ, গৰু, বুলু ফিল্ম, জয় হনুমেনৰ পাছত পৰিচালক হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে অহা ২৪ জুলাইত ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি 'XYZ' । ৰীডম ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজক হেমন্ত কলিতাৰ ।

সমাজত ঘটি থকা কিছু কাহিনী লগতে নিৰ্বাচনৰ লগত জড়িত কিছু কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ছবিখনৰ দুগৰাকী অভিনেত্ৰী প্ৰণামী বৰা আৰু পল্লৱী ফুকনে কয় ছবিখনৰ সন্দৰ্ভত কিছু কথা ।

ছবিখন সন্দৰ্ভত অভিনেত্ৰী প্ৰণামী বৰা আৰু পল্লৱী ফুকনৰ মন্তব্য:

ছবিখনৰ সন্দৰ্ভত প্ৰণামী বৰাই কয়,"ছবিখন এখন ৰাজনৈতিক কমেডী ছবি । ২৪ জুলাইত অনুষ্ঠান হ'ব নিৰ্বাচন । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দুটাকৈ দলে । দল দুটা হ'ল বাঁহ আৰু বেঙেনা পাৰ্টী । পাৰ্টীক লৈয়ে যুদ্ধ এখন হ'ব আৰু শেষত কোন জিকে সেইটোৱেই কাহিনীটোৰ আচল ৰহস্য । খুবেই সুন্দৰ এটা বিষয়ৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে ।"

পল্লৱী ফুকনে কয়,"হিমাংশু প্ৰসাদ দাসৰ চিন্তাধাৰাবোৰ সদায় অকণমান ব্যতিক্ৰমী ধৰণৰ হয় । প্ৰতিখন ছবিৰে সোৱাদ বেলেগ বেলেগ ধৰণৰ হয় । এই ছবিখনৰো কাহিনীটো এক ব্যতিক্ৰমী ধৰণৰ । ছবিখনত দর্শকে এক্সনো দেখিব, এটা খুব মৰম লগা প্ৰেম কাহিনীও আছে । সাধাৰণ মানুহৰ এটা কাহিনী । কাহিনীটো দর্শকে নিজকে বিচাৰি পাব । সকলো শ্ৰেণীৰ দর্শকে ছবিখন উপভোগ কৰিব পাৰিব ।"

ছবিখনত অভিনয়ৰ অনুভৱ

ছবিখনত অভিনয়ৰ বাবে প্ৰথম যেতিয়া প্ৰস্তাৱ লাভ কৰিছিল সেই সময়ৰ অনুভৱ সন্দৰ্ভত অভিনেত্ৰী পল্লৱী ফুকনে কয়, "ছবিখনৰ চিত্ৰনাট্য মোৰ স্বামী চাংকু নিৰঞ্জন নাথেও লিখিছিল । কিবা এটা লিখি আছে বুলি জানো, কিন্তু কি কাহিনী লিখি আছিল সেইটো গম পোৱা নাছিলোঁ । পিছত হিমাংশু দাই কওঁতে গম পালোঁ । ছবিখনত অভিনয়ৰ বাবে আমি লুক টেষ্টও দিব লগা হৈছিল । 'ৰ‘দৰ চিঠি' ছবিখনৰ পাছত মই প্ৰায় ১৫ বছৰ পাছত এইখন ছবি কৰিছোঁ । মোৰ বাবে খুব ভাল লগা এটা বিষয় ।"

ছবিখন কামৰ আৰম্ভ

সততে আন ছবিসমূহৰ দৰে এই ছবিখনৰ কথা দর্শকে আগতে গম পোৱা নাছিল । এই সন্দৰ্ভত প্ৰণামী বৰাই কয়, "আচলতে নীৰৱে নহয়, খুব কম সময়ৰ ভিতৰত ছবিখনৰ কাম কৰা হৈছিল । ছবিখন চিত্ৰনাট্যৰ বহুত দিনৰ পৰা লিখি থকা হৈছিল । এই বছৰৰ ফেব্ৰুৱাৰীৰ ২৪ তাৰিখৰ পৰা দৃশ্যগ্ৰহণ আৰম্ভ কৰিছিলোঁ । ২৫ দিন মানৰ দৃশ্যগ্ৰহণ হৈছিল ।"

উল্লেখ্য যে, ছবিখনৰ কাহিনী আশিক জামানৰ । চিত্ৰনাট্য লিখিছে হিমাংশু প্ৰসাদ দাস, চাংকু নিৰঞ্জন নাথ, মহম্মদ ছাহজাহান আৰু মহৰ্ষি তুহিন কাশ্যপে । সংগীত কৰিছে চন্দন দাসে । আনহাতে ৰাজনৈতিক কমেডী চিনেমাখনত অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মা, ভবেশ বৰুৱা, প্ৰণামী বৰা, পল্লৱী ফুকন, অপূৰ্ব বৰ্মন, উপকূল বৰদলৈকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । মিৰ্জা আৰু শুৱালকুচিত কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ ।

লগতে পঢ়ক: অসমৰ নদীপৰীয়া সমাজৰ কাহিনীৰে বিশ্ব জয়: নিউয়ৰ্ক মহোৎসৱত স্থান পালে ‘নৈ কথা’ই

জুবিন ক্ষেত্ৰত নাম-প্ৰসংগত অংশগ্ৰহণ গৰিমা শইকীয়া গাৰ্গৰ