ETV Bharat / entertainment

ভুল স্বীকাৰ কৰাটো উন্নত চৰিত্ৰৰহে লক্ষণ: মেগাষ্টাৰ অমিতাভ বচ্চন

ভুল স্বীকাৰ কৰাটো অশুদ্ধ নহয়, ই চৰিত্ৰৰ পৰিচায়কহে ! অমিতাভ বচ্চনৰ দৃষ্টিৰে আত্ম-উপলব্ধি আৰু সফলতাৰ মন্ত্ৰ ৷

Amitabh Bachchan: Admitting a mistake is not wrong, it shows character
মেগাষ্টাৰ অমিতাভ বচ্চন (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : July 9, 2026 at 12:32 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : মেগাষ্টাৰ অমিতাভ বচ্চনে জ্ঞান আৰু আত্ম-সচেতনতাৰ ওপৰত এটা গভীৰ বাৰ্তা আগবঢ়াইছে । তেওঁ উল্লেখ কৰিছে যে, নিজৰ ভুল স্বীকাৰ কৰাটো কোনো অশুদ্ধ কাম নহয়, বৰঞ্চ ই মানুহৰ উন্নত চৰিত্ৰৰহে পৰিচায়ক । ইয়াৰ লগতে তেওঁ কয় যে, প্ৰতিটো নতুন দিনেই নতুন কিবা এটা শিকাৰ একোটা সুন্দৰ সুযোগ লৈ আহে ।

মেগাষ্টাৰ অমিতাভ বচ্চনে নিজৰ ব্লগত সদায় সক্ৰিয়ভাৱে লিখা-মেলা কৰে, য'ত তেওঁ নিজৰ অনুৰাগীসকলক নিজৰ ‘বৰ্ধিত পৰিয়াল’ (Extended Family বা EF) বুলি সম্বোধন কৰে । শেহতীয়াকৈ তেওঁ তাত এটা গভীৰ বাৰ্তা লিখিছে, "প্ৰতিটো দিনেই একো একোটা শিক্ষা... প্ৰতিটো দিনেই নতুন কিবা এটা শিকাৰ এক সুযোগ । পৰিৱৰ্তন আৰু নতুনত্বৰ সৈতে খোজ মিলাই চলিবলৈ প্ৰতিটো দিনেই আমাক যি সুযোগ দিয়ে, তাক সদায় আদৰ কৰা উচিত । শিক্ষা লাভ কৰাটো সঁচাকৈয়ে ঐশ্বৰিক । যিবোৰ কথা পূৰ্বতে আমাৰ অজ্ঞাত আছিল আৰু কেৱল বিশেষজ্ঞসকলৰ মাজতে সীমাবদ্ধ আছিল, সেইবোৰ জনাটো ভাল । জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তিসকলে আগবঢ়োৱা কথাবোৰ গ্ৰহণ কৰিব পৰা ক্ষমতা আমাৰ সকলোৰে থকা উচিত ।"

তেওঁ ব্যক্ত কৰে যে, আত্ম-উপলব্ধি বা নিজক বুজি পোৱাৰ দৰে ডাঙৰ কথা আন একো নাই । তেওঁ লগতে লিখিছে, "ই সদায় আপোনাৰ নিজৰ বুজাবুজি, অধ্যয়ন আৰু আত্ম-বিশ্লেষণৰ ওপৰত প্ৰভাৱ পেলায় । বিশেষজ্ঞসকলেও ভুল কৰিব পাৰে, তাৰ বাবে অজুহাত দেখুৱাব পাৰে আৰু ভুলটো শুধৰাই আগবাঢ়িও যাব পাৰে । কিন্তু যেতিয়া আপুনি নিজৰ যুক্তি আৰু ব্যক্তিগত প্ৰচেষ্টাৰে কিবা এটা কাম কৰে, তেতিয়া পৰিস্থিতিটো আপোনাৰ নিয়ন্ত্ৰণত থাকে । ইয়াৰ দ্বাৰা আপুনি অন্ততঃ এইটো জানিব পাৰে যে ভুলটো আন কাৰোবাৰ নহয়, বৰঞ্চ আপোনাৰ নিজৰ আছিল ।"

৮০ ঊর্ধ্বৰ তাৰকাগৰাকীয়ে ইয়াৰ পিছত ভুলৰ বিষয়ে উল্লেখ কৰি কয় যে, ভুল স্বীকাৰ কৰাটো কোনো অশুদ্ধ কাম নহয় । তেওঁ লিখিছে, "ভুল এটা স্বীকাৰ কৰাটো অশুদ্ধ কথা নহয়, বৰঞ্চ ই উন্নত চৰিত্ৰৰহে পৰিচায়ক । আপুনি যেতিয়া এবাৰ ভুলটো স্বীকাৰ কৰিব, তেতিয়া তাৰ কু-প্ৰভাৱসমূহ আপুনি ভালদৰে বুজি পাব আৰু সেই বিষয়ক লৈ চলি থকা সকলো তৰ্কৰ অন্ত পৰিব । কাৰোবাৰ সৈতে তৰ্কত লিপ্ত হোৱাত কোনো ক্ষতি নাই, কিন্তু আপুনি নিজে শুদ্ধ বুলি জনাৰ পিছতো আনজন ব্যক্তিয়ে আপোচ কৰিব নিবিচাৰিলে— তৰ্কখন শেষ কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল- তেওঁক কওক যে, 'আপুনি ঠিকেই কৈছে, আপোনাৰ কথাই হয়তো শুদ্ধ' ।"

তেওঁ লগতে কয়, "ইয়াৰ দ্বাৰা বিপৰীত পক্ষৰ ব্যক্তিজনে জয়লাভ কৰা যেন অনুভৱ কৰে । আনহাতে, আপুনিও তৰ্কখন ইয়াতেই সমাপ্ত কৰি নিজৰ বহুমূলীয়া সময় নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে । আপুনি সেই সময়খিনি আগবাঢ়ি যোৱাত আৰু এনে কামত ব্যৱহাৰ কৰিব পাৰে— যাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ বিশ্বাস, আস্থা আৰু জ্ঞান আছে । সেই কামটো ভুলো হ’ব পাৰে বা শুদ্ধও হ’ব পাৰে, কিন্তু সেইয়া সম্পূৰ্ণ আপোনাৰ নিজৰ হ’ব ।"

শেষত তেওঁ লিখে, "যদি কথাটো আনৰ হয়... তেন্তে তেওঁলোকক কওক যে তেওঁলোকেই শুদ্ধ । ইয়াৰ দ্বাৰা তেওঁলোক আনন্দিত হ’ব আৰু আপুনিও সময় নষ্ট কৰা দীঘলীয়া তৰ্কৰ পৰা মুক্তি পাব... গতিকে এতিয়া শুবলৈ যোৱাৰ সময় হ’ল... কাৰণ কাইলৈ— অৰ্থাৎ আজি পুৱা সোনকালেই কামলৈ যাব লগা আছে ।"

লগতে পঢ়ক : অমিতাভ বচ্চনৰ সফলতাৰ মূল মন্ত্ৰ: ষ্টিভ জবচৰ পৰা শিকা 'Do It Now' নীতি!