ETV Bharat / entertainment

'জেন জি' ভাষা বুজি বুজি ভাগৰি পৰিল ৮৩ বছৰীয়া অমিতাভ বচ্চন! কি ক’লে বিগ বিয়ে?

অমিতাভ বচ্চন আৰু জেন জি ভাষা: KBC-ৰ মঞ্চত 'Biwi Paglu' আৰু 'Killing It'ক লৈ বিগ বিৰ ধেমেলীয়া প্ৰতিক্ৰিয়া ৷

Amitabh Bachchan's Hilarious Take on Gen Z Slang From Killing It to Biwi Paglu on KBC
অমিতাভ বচ্চন (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : August 31, 2026 at 5:22 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অমিতাভ বচ্চনে জেন জি বা আজিৰ যুগৰ প্ৰজন্মৰ মুখৰ ভাষা 'কিলিং ইট' আৰু 'ৰকিং' শব্দকেইটাৰ অৰ্থ বুজিবলৈ অসুবিধা হোৱাৰ কথা স্বীকাৰ কৰিছে । জনপ্ৰিয় কুইজ ৰিয়েলিটী শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ৰ অলপতে সম্প্ৰচাৰিত হোৱা এটা খণ্ডত তেওঁ আজিৰ প্ৰজন্মৰ কিছুমান সাধাৰণতে ব্যৱহৃত শব্দৰ অৰ্থ উলিয়াবলৈ চেষ্টা কৰে । তেওঁৰ এই প্ৰচেষ্টাই দৰ্শকসকলক হাঁহিৰ খোৰাক দিয়ে ।

জেন জি ভাষা কি?

'জেন জি' বুলি বৰ্তমান যুগৰ ডেকা-গাভৰুসকলক বুজোৱা হয় । তেওঁলোকে কথা পাতোঁতে কিছুমান বিশেষ ইংৰাজী শব্দ ব্যৱহাৰ কৰে, যাক 'slang' বা মুখৰ ভাষা বুলি কোৱা হয় । অমিতাভ বচ্চনে অনুষ্ঠানটোত ধেমেলীয়াভাৱে কয় যে আজিৰ ল’ৰা-ছোৱালীৰ এইবোৰ কথা বুজি পোৱাটো বৰ কঠিন । তেওঁ নিজে ইয়াৰ অৰ্থ উলিয়াবলৈ চেষ্টা কৰোঁতে কেবিচিৰ মঞ্চত এক আমোদজনক পৰিৱেশৰ সৃষ্টি হয় ।

কিংবদন্তী অভিনেতা তথা সঞ্চালক অমিতাভ বচ্চনে প্ৰজন্মৰ ব্যবধানত ভাষা আৰু মুখৰ কথাবোৰ কেনেকৈ সলনি হৈ থাকে, সেই বিষয়ে কথা পাতিছিল । তেওঁ ধেমেলীয়া সুৰত ‘ৰকিং’ আৰু ‘কিলিং ইট’ দৰে শব্দবোৰৰ অৰ্থ নিজৰ কথাৰে প্ৰকাশ কৰিছিল । আজিৰ প্ৰজন্মৰ ভাষা বুজাত তেওঁৰ কেনে অসুবিধা হয়, তাক বুজাবলৈ গৈ বচ্চনে কয়, "আজিকালিৰ... জেন জি নে জেন এ, কি কয়নো জানো... ছাৰ, আচৰিত আচৰিত ভাষা ওলাই থাকে... 'ইউ আৰ ৰকিং... মিষ্টাৰ বচ্চন, ইউ আৰ ৰকিং ।' মই ক’লোঁ— হেৰি ৰ’ব, মইচোন এতিয়ালৈকে শিল (rock) এটাও তুলি লোৱা নাই । আকৌ কোনোবাই কিবা এডিট কৰি পঠিয়াই দিব আৰু ক’ব, 'ছাৰ, ইউ আৰ কিলিং ইট ।' হেৰি ৰ’ব, আমাৰ লগত হত্যা (killing)ৰ কথা কিয় পাতিছা ?"

অমিতাভ বচ্চনে পূৰ্বতেও স্বীকাৰ কৰিছিল যে, তেওঁৰ বাবে আজিৰ জেন জি প্ৰজন্মৰ ভাষা আৰু শব্দবোৰ বুজি পোৱাটো অতি কঠিন । শেহতীয়াকৈ তেওঁ জেন জি প্ৰজন্মৰ মাজত জনপ্ৰিয় এটা নতুন শব্দ ‘বিবি পাগলু’ৰ বিষয়ে জানিব পাৰে । এই শব্দটোৰ প্ৰকৃত অৰ্থ বুজি পোৱাৰ পিছত তেওঁ ধেমেলীয়া মন্তব্য কৰি কয়, "কথাটো একেবাৰে সঁচা । পত্নীয়েই হ’ল আচল বছ আৰু প্ৰতিজন স্বামীয়েই এই কথাটো মানি লোৱা উচিত । এনেদৰে চলিলেহে জীয়াই থাকিব পাৰিব, নহ’লে চাকৰিৰ পৰা বৰ্খাস্ত হ’ব লাগিব ।"

৮৩ বছৰীয়া এই কিংবদন্তী অভিনেতাগৰাকীয়ে বলীউডত ৫০ বছৰতকৈও অধিক সময় ধৰি কাম কৰি আহিছে ।

লগতে পঢ়ক : দম্পতীয়ে কাজিয়া কেনেদৰে পৰিহাৰ কৰিব, অমিতাভ বচ্চনে দিলে সুন্দৰ উপায়!