ETV Bharat / entertainment

অমিতাভ বচ্চনৰ সফলতাৰ মূল মন্ত্ৰ: ষ্টিভ জবচৰ পৰা শিকা 'Do It Now' নীতি!

'ছিগনেল' নে 'নইজ'- অমিতাভ বচ্চনে শেহতীয়াকৈ ষ্টিভ জবচৰ জীৱনৰ পৰা অনুপ্ৰাণিত হৈ 'একাগ্ৰতা' সম্পৰ্কে এটা অতি গুৰুত্বপূৰ্ণ মন্ত্ৰ শ্বেয়াৰ কৰিছে ।

Amitabh Bachchan Success Mantra of : Steve Jobs' Special Lessons on 'Signal' and 'Noise'
অমিতাভ বচ্চন (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : May 9, 2026 at 11:16 AM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: মেগাষ্টাৰ অমিতাভ বচ্চনে কৰ্মৰ প্ৰতি থকা নিষ্ঠা আৰু জীৱনৰ লক্ষ্যত কেনেকৈ স্থিৰ থাকিব পাৰি, সেই সম্পৰ্কে এটা বিশেষ কথা কৈছে ৷ কোনো কামত সফল হ’বলৈ হ’লে মনক ইফালে-সিফালে যাবলৈ নিদি কেৱল লক্ষ্যত স্থিৰ কৰাটো প্ৰয়োজন ।

তেওঁ কৈছে যে কোনো কাম পিছুৱাই ৰখাৰ পৰিৱৰ্তে ‘এতিয়াই কৰক’ (Do it now)—এই নীতি মানি চলিলেহে জীৱনত সঠিক ফল পোৱা যায় । অমিতাভ বচ্চনৰ মতে, এইটো কেৱল এটা বাক্য নহয়, বৰঞ্চ জীৱনটো পৰিচালনা কৰাৰ বাবে ই আটাইতকৈ লাগতিয়াল আৰু ডাঙৰ শিক্ষা । কামৰ প্ৰতি নিষ্ঠা আৰু সময়ৰ সঠিক ব্যৱহাৰেই হৈছে সফলতাৰ মূল চাবিকাঠি ।

অমিতাভ বচ্চনে তেওঁৰ ব্লগত জীৱন আৰু কৰ্ম সংস্কৃতিৰ বিষয়ে দুটা বিশেষ শব্দ ব্যৱহাৰ কৰি এক অতি প্ৰেৰণাদায়ক কথা লিখিছে । সেই শব্দ দুটা হ’ল— 'ছিগনেল' (Signal) আৰু 'নইজ' (Noise)।

অমিতাভ বচ্চনৰ জীৱন দৰ্শন: 'ছিগনেল' আৰু 'নইজ'

বিগ বি-ৰ মতে, আমাৰ কামৰ মাজত দুটা বস্তুৱে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয়, 'ছিগনেল' (Signal) আৰু 'নইজ' (Noise) ৷ ছিগনেল (Signal) মানে হ’ল একাগ্রতা (Focus), যেতিয়া আপুনি কোনো কামত সম্পূৰ্ণৰূপে মনোনিবেশ কৰে, তেতিয়া আপোনাৰ বাবে কেৱল সেই কামটোৱেই একমাত্ৰ লক্ষ্য হৈ পৰে । ‘এতিয়াই কৰক’ (DO IT NOW) মনোভাৱেৰে কাম কৰিব লাগে ৷ কাম এটা কেইদিনমান পিছত কৰিম, কাইলৈ কৰিম বা কোনো এটা নিৰ্দিষ্ট সময়ত কৰিম বুলি পেলাই থব নালাগে । বচ্চনৰ মতে, প্ৰকৃত একাগ্রতা বা 'ছিগনেল'ৰ মূল মন্ত্ৰটোৱেই হ’ল— "যি কৰিব লাগে, এতিয়াই কৰক"।

আনহাতে নইজ (Noise) বা অনাৱশ্যকীয় বাধা হ’ল এনে এটা কাৰক যিয়ে আমাক লক্ষ্যৰ পৰা আঁতৰাই ৰাখে ৷ আমাৰ লক্ষ্যত বাধা দিয়া অনাৱশ্যকীয় চিন্তাবোৰেই হ’ল 'নইজ'। সফল হ’বলৈ হ’লে আমি এইবোৰক আঁতৰাই কেৱল 'ছিগনেল' অৰ্থাৎ নিজৰ কামত মনোযোগ দিয়াটো জৰুৰী । তেওঁৰ এই বাৰ্তাই আমাক সোঁৱৰাই দিয়ে যে, সময়ৰ কাম সময়ত কৰাই হৈছে সফলতাৰ প্ৰথম খোজ ।

বিগ বি-ৰ মতে, আমাৰ একাগ্রতা বা ফ'কাছ নষ্ট কৰা এই 'নইজ'বোৰ হ’ল সমাজত নিজকে জিলিকাই ৰখাৰ বাবে কৰা অনাৱশ্যকীয় প্ৰচেষ্টা বা আকৰ্ষণ । উদাহৰণ হিচাপে ক’ব পাৰি- ম'বাইলত ছ’চিয়েল মিডিয়া স্ক্ৰল কৰি অধিক সময় অতিবাহিত কৰা, বন্ধু-বৰ্গ বা আনকি পৰিয়ালৰ সৈতেও প্ৰয়োজনতকৈ অধিক সময় কটোৱা আদি ।

বচ্চনৰ মতে, এই সকলোবোৰেই লক্ষ্যৰ ক্ষেত্ৰত একো একোটা হেঙাৰ বা 'নইজ' । গতিকে নিজেই সিদ্ধান্ত ল’ব লাগিব যে, লক্ষ্য অৰ্থাৎ 'ছিগনেল' (Signal)-ক বাছি ল’ব নে লক্ষ্যভ্ৰষ্ট কৰা 'নইজ' (Noise)-ক বাছি ল’ব । ৮০ উৰ্ধৰ এই মহান অভিনেতাগৰাকীয়ে ষ্টিভ জবচৰ পৰা পোৱা এই শিক্ষাক আটাইতকৈ আচৰিত শিক্ষা বুলি অভিহিত কৰিছে ।

অমিতাভ বচ্চনে তেওঁৰ লেখাৰ সামৰণিত কৈছে যে, "সফলতাৰ ফল কেৱল একাগ্রতাৰ (Focus) পৰাহে আহে ।" ষ্টিভ জবচৰ পৰা পোৱা এই শিক্ষাক তেওঁ এক অতুলনীয় শিক্ষা বুলি গণ্য কৰিছে ।

বিগ বি বৰ্তমান পৰিচালক নাগ অশ্বিনৰ বহুপ্ৰত্যাশিত ছবি 'কল্কি ২৯৯৮ এডি' (Kalki 2898 AD)-ৰ সৈতে ব্যস্ত । এই ছবিত তেওঁৰ সৈতে কমল হাছান আৰু প্ৰভাসেও অভিনয় কৰিছে । খবৰ অনুসৰি, তেওঁক নীতিশ তিৱাৰীৰ বিগ বাজেটৰ ছবি 'ৰামায়ণ: পাৰ্ট ১'-ত দেখিবলৈ পোৱা যাব । ৰণবীৰ কাপুৰ, সাই পল্লৱী, য়শ আৰু ছানী দেওলৰ দৰে তাৰকা থকা এই ছবিখনত বচ্চনে 'জটায়ু'ৰ চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে ।

তেওঁক শেহতীয়াকৈ টেলিভিছনৰ জনপ্ৰিয় গেম শ্ব’ 'কৌন বনেগা কড়োৰপতি' (KBC)-ত দেখা গৈছিল । উল্লেখ্য যে, এই অনুষ্ঠানটো বিশ্ববিখ্যাত 'হু ৱাণ্টছ টু বি এ মিলিয়নাৰ?' (Who Wants to Be a Millionaire?) ফ্ৰেঞ্চাইজিৰ অফিচিয়েল হিন্দী সংস্কৰণ । আশী বছৰ বয়সতো অমিতাভ বচ্চনে নিজৰ 'একাগ্ৰতা' অটুট ৰাখি ছবি আৰু টেলিভিছন—দুয়োটা মাধ্যমতে সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক : অস্থিৰ মন আৰু অতিৰিক্ত চিন্তা: কেনেকৈ ভাৰসাম্য ৰক্ষা কৰে মেগাষ্টাৰ অমিতাভ বচ্চনে ?