ETV Bharat / entertainment

দম্পতীয়ে কাজিয়া কেনেদৰে পৰিহাৰ কৰিব, অমিতাভ বচ্চনে দিলে সুন্দৰ উপায়!

বিয়া এখন সঠিক ৰূপত আগবঢ়াই নিবলৈ স্বামী-স্ত্ৰী দুয়োৰে কৰণীয় থাকে ৷ বিগ বিয়ে পিছে স্বামীসকলৰ বাবেহে এটা উপদেশ আগবঢ়াইছে ৷

Amitabh Bachchan gives important relationship advice to young couples to avoid fights
অমিতাভ বচ্চন (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : August 27, 2026 at 5:13 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : কৌন বনেগা কড়োৰপতি ১৮ত এগৰাকী প্ৰতিযোগীৰ সৈতে কথা-বতৰা পাতি অভিভূত হৈ পৰে অমিতাভ বচ্চন ৷ অভিনেতাগৰাকীয়ে প্ৰতিযোগীগৰাকীক পত্নীৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ আৰু বিবাহ বাৰ্ষিকী দুয়োটাৰে সঠিক তাৰিখ মনত ৰখাৰ বাবে প্ৰশংসা কৰে । সেই কথাৰ আলমতে কিংবদন্তি অভিনেতাগৰাকীয়ে স্বামীসকলক এনে গুৰুত্বপূৰ্ণ দিন পাহৰি নাযাবলৈ উপদেশ দিয়ে ।

অনুষ্ঠানটোত উপস্থিত থকা স্বামীসকল আৰু দৰ্শকসকলক উদ্দেশ্যি অমিতাভ বচ্চনে কয়, "ইয়াত যিসকল স্বামী উপস্থিত আছে, এটা কথা মন দি শুনি লওক ৷ যিদিনা আপোনাৰ বিবাহ হৈছিল আপোনাৰ পত্নীৰ সৈতে, সম্পূৰ্ণ পৃথিৱীখন পাহৰি যাওক, কিন্তু সেই বিবাহৰ দিনটো, তাৰিখটো কেতিয়াও নাপাহৰিব ৷ এইটো এটা বহুত মহত্বপূৰ্ণ তাৰিখ কিয়নো পত্নীসকলে প্ৰায়েই সুবিধা পালেই গিৰীয়েকক সোধে, ‘তোমাৰ মনত আছেনে আমাৰ বিয়া কেতিয়া হৈছিল ? আৰু কেনেবাকৈ যদি আপুনি ভুল কৰে বা পাহৰি যায় তেতিয়া জোতা, চেণ্ডেল, বেলনা সকলো ওফৰি আহিব ৷”

যেতিয়াই বিগ বিয়ে এইদৰে কয়, গোটেই অনুষ্ঠানটোত হাঁহিৰ গুঞ্জন বিয়পি পৰে ৷

বলীউডৰ তাৰকা জয়া বচ্চনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অমিতাভে শেহতীয়াকৈ পত্নীৰ সৈতে নিজৰ সমীকৰণৰ বিষয়ে মুকলিকৈ কৈছিল । আন এটা খণ্ডত তেওঁ প্ৰকাশ কৰিছিল যে, যেতিয়াই শ্বুটিঙৰ বাবে ঘৰলৈ উভতি অহাত দেৰি হোৱাৰ সম্ভাৱনা থাকে, তেওঁ সেই বিষয়ে আগতীয়াকৈ বাৰ্তা দি জনাই থৈ দিয়ে, যাতে ৰাতিৰ আহাৰ খাবলৈ তেওঁৰ বাবে কোনো ৰৈ নাথাকে ৷ তেওঁ ধেমালিতে কয় যে, এনে কৰিলে তেওঁ জয়াৰ প্ৰশ্নৰ পৰাও হাত সাৰিবলৈ সক্ষম হয় । লগতে তেওঁ কয় যে, যেতিয়া ঘৰত ঘৰুৱা সহায়ক নাথাকে তেতিয়া তেওঁ নিজেই ঘৰৰ কাম-কাজ চম্ভালে ।

মহানায়কগৰাকীয়ে সমগ্ৰ দেশবাসীৰ সন্মুখত পত্নীৰ প্ৰতি থকা মৰম আৰু আদৰো প্ৰকাশ কৰে । তেওঁ কয় যে, জয়াই তেওঁৰ বাবে ভিন্ন ধৰণৰ খাদ্য ৰান্ধে ৷ শেহতীয়াকৈ তেওঁ এটা নতুন সোৱাদৰ খাদ্য ৰান্ধিছিল । সাধাৰণ পায়স খাবলৈ বাদ দিয়া অমিতাভৰ বাবে জয়া বচ্চনে 'আমৰ পায়স' প্ৰস্তুত কৰিছিল । সেই সন্দৰ্ভত ৰাষ্ট্ৰীয় মঞ্চত অমিতাভে কৈ উঠিল, "ধন্যবাদ জয়া, তুমি বনোৱা আমৰ পায়স খাই মই বৰ ভাল পালোঁ ।"

লগতে পঢ়ক : পত্নী জয়া বচ্চনৰ গালিৰ পৰা বাচিবলৈ ঘৰৰ সকলো কাম নিজেই কৰে অমিতাভ বচ্চনে!