ETV Bharat / entertainment

হাজাৰ বছৰীয়া ভাৰতীয় পৰম্পৰা আৰু ক’ভিডকালৰ ‘নমস্কাৰ’: অনুৰাগীলৈ অমিতাভ বচ্চনৰ বিশেষ বাৰ্তা

ক’ভিডকালত কেনেকৈ বিশ্বজুৰি সমাদৃত হৈছিল ‘নমস্কাৰ’ ? আঁৰৰ কথা ক'লে অমিতাভ বচ্চনে ৷

Amitabh Bachchan recalls how 'Namaskaar' became global during Covid
অমিতাভ বচ্চন (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : May 27, 2026 at 12:58 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ক’ভিড মহামাৰীৰ সময়ত কৰমৰ্দনৰ বিকল্প হিচাপে ‘নমস্কাৰ’ৰ প্ৰসাৰ সন্দৰ্ভত অমিতাভ বচ্চনে নিজৰ মতামত ব্যক্ত কৰিছে । ২০২০ চনত বিশ্বজুৰি এই পৰম্পৰাগত সম্ভাষণ সুৰক্ষিত আৰু সন্মানীয় বিকল্প হিচাপে পৰিগণিত হৈছিল বুলি তেওঁ মনত পেলাই দিয়ে ।

অমিতাভ বচ্চনে তেওঁৰ ব্লগত ‘নমস্কাৰ’ শব্দৰ গভীৰ অৰ্থ আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে লিখিছে । "হাতযোৰ কৰি কৰা ‘নমস্কাৰ’, ‘নমস্তে’ বা ‘অঞ্জলি মুদ্ৰা’ ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰাৰ আটাইতকৈ পুৰণি আৰু অৰ্থপূৰ্ণ সম্ভাষণ ৰীতি । ‘নমস্তে’ শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে । ই ‘নমঃ’ আৰু ‘তে’—এই দুটা শব্দ মিলি গঠিত হৈছে । নমঃ মানে হৈছে ‘প্ৰণাম জনোৱা’ আৰু তে মানে হৈছে ‘আপোনাক’ । গতিকে, শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে— ‘মই আপোনাক প্ৰণাম জনাইছোঁ’ ।"

Amitabh Bachchan recalls how 'Namaskaar' became global during Covid
‘নমস্কাৰ’ৰ আধ্যাত্মিক আৰু সামাজিক গুৰুত্ব: অমিতাভ বচ্চনৰ অনুভৱ (Photo : IANS)

তেওঁ আৰু লিখিছে, "গৱেষক আৰু আধ্যাত্মিক চিন্তাবিদসকলে হাতযোৰ কৰা এই ভংগীমাটোক বিভিন্ন ধৰণে বাখ্যা কৰিছে । হিন্দু ধৰ্ম অনুসৰি, দুয়োখন হাতৰ তলুৱা এক কৰাটোৱে মানুহৰ নিজৰ আত্মাৰ সৈতে ভগৱানৰ মিলনক বুজায় । ই মন আৰু হৃদয় এক হোৱাৰো প্ৰতীক । যোগ শাস্ত্ৰৰ মতে, হাতযোৰ কৰিলে আমাৰ শৰীৰ আৰু মনৰ সোঁ আৰু বাওঁ—এই দুয়োটা দিশৰ মাজত ভাৰসাম্য ৰক্ষা হয় । বৌদ্ধ আৰু জৈন-এই দুই ধৰ্মত নমস্কাৰৰ ভংগীমাটোক নম্ৰতা, শান্তি আৰু পৃথিৱীৰ সকলো জীৱৰ প্ৰতি থকা সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা হয় ।"

সামাজিক গুৰুত্ব আৰু ক’ভিডকালৰ প্ৰাসংগিকতা

নৃতত্ত্ববিদসকলৰ মতে, হাত মিলোৱাৰ বিপৰীতে নমস্কাৰ কৰিলে কাৰোৰে সৈতে শাৰীৰিক স্পৰ্শ নহয় । ফলত ই অত্যন্ত স্বাস্থ্যসন্মত আৰু সৰ্বজনীনভাৱে সন্মানীয় ।

ক’ভিডকালত বিশ্বজুৰি আদৰ

তেওঁ আগলৈ কয়, "২০২০ চনৰ ক’ভিড-১৯ মহামাৰীৰ সময়ত বিশ্বৰ বহু প্ৰভাৱশালী নেতাই নিৰাপদ সম্ভাষণ হিচাপে নমস্কাৰ ৰীতিটোক আদৰি লৈছিল । হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ মন্দিৰৰ ভাস্কৰ্য, ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু প্ৰাচীন গ্ৰন্থসমূহত এই ভংগীমাটো দেখিবলৈ পোৱা যায় ।"

নমস্কাৰৰ প্ৰকৃত ভাব আৰু 'বিগ বি'ৰ মন্তব্য

অমিতাভ বচ্চনে তেওঁৰ বাৰ্তাৰ শেষত লিখিছে, "নমস্কাৰ কেৱল এটা সম্ভাষণ নহয়; ই আন এজন ব্যক্তিৰ ভিতৰত থকা পবিত্ৰ সত্বাক শ্ৰদ্ধা, সমতা, কৃতজ্ঞতা আৰু স্বীকৃতি প্ৰদান কৰাৰ এক মাধ্যম । মই মোৰ সকলো 'ইএফ' (Ef - Extended Family বা অনুৰাগীসকল) লৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু শান্তি, ধৈৰ্য, ভক্তি তথা নিষ্ঠাৰ প্ৰতি থকা তেওঁলোকৰ সমৰ্পণক স্বীকাৰ কৰিছোঁ । এনে গুণ অতি বিৰল, পিছে মোৰ 'ইএফ' টোও সঁচাকৈয়ে অনন্য আৰু ব্যতিক্ৰমী ।"

লগতে পঢ়ক : 'সূৰ্যবংশম'ৰ পৰা 'কল্কি'— ৰামোজী ফিল্ম চিটীৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্চন