ETV Bharat / entertainment

বলীউডৰ ছবিত দৰ্শকে সোৱাদ পাব অসমৰ লোক সংস্কৃতিৰ গৌৰৱ গায়ন-বায়নৰ

অসমৰ পটভূমিত আহি আছে বলীউড ছবি Ohh My Dog ৷ ছবিখনত জড়িত হৈ আছে ডিব্ৰুগড়ৰ বহু কেইগৰাকী কলা-কুশলী ।

Amit Rai's Ohh My Dog shot in assam dibrugarh filmmaker Lakhya Jit Gusharia joins Sulakhyana Baruah's film
সুলক্ষণা বৰুৱাৰ বলীউড ছবি Ohh My Dog (Photo : Photo : ETV Bharat Assam/ Sulakhyana Baruah Instagram)
author img

By ETV Bharat Entertainment Team

Published : July 9, 2026 at 7:14 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বলীউড ছবি ‘Ohh My Dog’ ত দেখা যাব অসমৰ লোক সংস্কৃতিৰ গৌৰৱ গায়ন-বায়ন । লগতে দেখা যাব মিজোৰামৰ বাঁহনৃত্যও । অমিত ৰায়ৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই ছবিখনৰ আধা অংশৰ দৃশ্যগ্ৰহণ কৰা হৈছে অসমৰ ডিব্ৰুগড় জিলাত । ছবিখনত ডিব্ৰুগড়ৰ বহু কলা-কুশলী জড়িত হৈ আছে ।

মন কৰিবলগীয়া যে, ছবিখনৰ লাইন প্ৰযোজক হিচাপে জড়িত হৈ আছে অসমৰ লক্ষ্যজিৎ গোছৰীয়া । ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত লক্ষ্যজিৎ গোছৰীয়াই এই ছবিখনৰ সৈতে জড়িত হৈ পৰাৰ অভিজ্ঞতাৰ সন্দৰ্ভত বহু কথা ব্যক্ত কৰে ৷

Amit Rai's Ohh My Dog shot in assam dibrugarh filmmaker Lakhya Jit Gusharia joins Sulakhyana Baruah's film
বলীউড ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে অসমৰ ডিব্ৰুগড় জিলাত (Photo : ETV Bharat Assam)

ছবিখনৰ সৈতে কেনেদৰে জড়িত হৈছিল লক্ষ্যজিৎ গোছৰীয়া ?

এই প্ৰশ্নৰ উত্তৰত লক্ষ্যজিতে কয়, "এই ছবিখনৰ বাবে টীমটো ডিব্ৰুগড়লৈ আহিছিল দৃশ্যগ্ৰহণ কৰিবলৈ । ছবিখনৰ দৃশ্যগ্ৰহণ বিহাৰ, পাটনা আৰু অসমৰ ডিব্ৰুগড়ত হৈছিল । ডিব্ৰুগড়ত ছবিখনৰ অডিশ্বন হৈছে বুলি শুনি মই এনেই চাবলৈ গৈছিলোঁ । তালৈ গৈ জানিব পাৰিলোঁ যে, তেওঁলোকৰ কিছুমান বস্তুৰ অভাৱ হৈ আছিল । তেওঁলোকৰ লগত কথা-বতৰা পতাৰ পাছত মোক প্ৰগ্ৰেম প্ৰযোজক হিচাপে কাম কৰাৰ প্ৰস্তাৱ দিলে, তেনেদৰেই মই ছবিখনৰ সৈতে জড়িত হৈ পৰিলোঁ । ছবিখনত ডিব্ৰুগড়ৰ বহু কেইগৰাকী কলা-কুশলী জড়িত হৈ আছে । আনহাতে কাৰিকৰী দিশটোত কেৱল ময়ে আছিলোঁ ।"

Ohh My Dog ৰ কাহিনীটোৰ সন্দৰ্ভত মন্তব্য

কাহিনীটোৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, "কাহিনীটো কুকুৰ এটাক লৈয়ে নিৰ্মাণ কৰা হৈছে । কুকুৰটো হেৰাই যায় আৰু সেই হেৰোৱা কুকুৰটো বিচৰাৰ আঁৰৰ কাহিনী লৈয়ে নিৰ্মাণ কৰা হৈছে ছবিখন । আনহাতে এই ছবিখনৰ জৰিয়তে এইবাৰ পোন প্ৰথমবাৰৰ বাবে বলীউডৰ ছবিত অসমৰ গায়ন-বায়ন দেখিবলৈ পোৱা যাব । লগতে দৰ্শকৰ বাবে আকৰ্ষণী হ’ব বাঁহনৃত্যও । কাহিনীটোৰ মাজত এনে কিছুমান পৰিস্থিতি আছে, সেইসমূহৰ মাজত গায়ন-বায়ন, বাঁহনৃত্য ব্যৱহাৰ কৰা গৈছে । ছবিখনৰ বহু ঠাইতে অসমক উপস্থাপন কৰা হৈছে ।"

Amit Rai's Ohh My Dog shot in assam dibrugarh filmmaker Lakhya Jit Gusharia joins Sulakhyana Baruah's film
লাইন প্ৰযোজক হিচাপে জড়িত হৈ আছে অসমৰ লক্ষ্যজিৎ গোছৰীয়া (Photo : ETV Bharat Assam)

ছবিখনত লক্ষ্যজিৎ গোছৰীয়াই কি কৰিবলগীয়া হৈছিল ?

"মই ছবিখনত বহুত কামেই কৰিছিলোঁ, জুনিয়ৰ আৰ্টিষ্ট ক'অৰ্ডিনেটৰ হিচাপে কাম কৰিছিলোঁ । মোৰ অধীনত প্ৰায় ৩৫০-৪০০ মানুহ আছিল । লগতে পৰিচালনা টীম, শব্দ আদিতো কাম কৰিছোঁ ।"

Amit Rai's Ohh My Dog shot in assam dibrugarh filmmaker Lakhya Jit Gusharia joins Sulakhyana Baruah's film
অমিত ৰায়ৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই ছবিখনৰ আধা অংশৰ দৃশ্যগ্ৰহণ কৰা হৈছে অসমৰ ডিব্ৰুগড় জিলাত (Photo : ETV Bharat Assam)

বলীউডত কাম কৰাৰ অভিজ্ঞতা

"প্ৰথমে মই নাটকৰ পৰা আৰম্ভ কৰিছিলোঁ । তাৰ পাছত গুৱাহাটীলৈ আহি প্ৰথমে কাহিনী-চিত্রনাট্য লিখিবলৈ আৰম্ভ কৰিলোঁ ৷ লাহে লাহে পৰিচালনাৰ লগতো জড়িত হৈ পৰিলোঁ । ইয়াৰোপৰি মনোৰঞ্জনধর্মী চেনেল এটাতো মই জড়িত হৈ আছোঁ । অসমৰ আৰ্টিষ্টসকলৰ লগত কাম কৰাৰ অভিজ্ঞতা আৰু বলীউডৰ আৰ্টিষ্টসকলৰ লগত কাম কৰাৰ অভিজ্ঞতা বহু বেলেগ ধৰণৰ । বলীউডৰ আৰ্টিষ্টসকলৰ পেছাদাৰিত্ব বহুত বেছি ভাল । তেওঁলোক নিজৰ নিজৰ কামসমূহক লৈ বহুত বেছি সৎ, অৱশ্যে আমাৰ আৰ্টিষ্টসকলৰ মাজতো সততা আছে কিন্তু তেওঁলোক অকণমান পৃথক ।"

Amit Rai's Ohh My Dog shot in assam dibrugarh filmmaker Lakhya Jit Gusharia joins Sulakhyana Baruah's film
অসমৰ পটভূমিত আহি আছে বলীউড ছবি Ohh My Dog (Photo : ETV Bharat Assam)

উল্লেখ্য যে, লক্ষ্যজিতে তিনিখনকৈ অসমীয়া ছবিত অভিনয় কৰিছে । ছবিকেইখন হৈছে ইতি তোমাৰ, অভিমন্যু আৰু হোমৱৰ্ক । অসমৰ বাবে আন এটা গৌৰৱৰ বিষয় যে এই ছবিখনত চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক তথা চিত্ৰনাট্যকাৰ ডঃ ববী শৰ্মা বৰুৱাৰ কন্যা সুলক্ষণা বৰুৱাই অভিনয় কৰিছে ৷ লগতে আন আন চৰিত্ৰত আছে পংকজ ত্ৰিপাঠী, পৱন মালহোত্ৰা, মাহী ৰায়, ৰাজেশ কুমাৰ, গীতা আগৰৱাল, বিজয় মিশ্ৰ, শ্ৰীধৰ ডুবে, বুল্লু কুমাৰ ।

লগতে পঢ়ক : বিশ্ব মঞ্চত উজলিছে অসমীয়া প্ৰতিভা: মেলব'ৰ্ন চলচ্চিত্ৰ মহোৎসৱত মনোনীত ৰীমা দাস, ভূমন ভাৰ্গৱ দাস