জুবিন গাৰ্গক স্মৰণ কৰি শীতৰ সেমেকা সন্ধিয়া সংগীতৰ মায়াজাল প'ষ্ট মেলনৰ
সংগীতৰ মায়াজালেৰে ২৩ হাজাৰ দৰ্শকক মুগ্ধ কৰিলে মেলনে ।

Published : December 9, 2025 at 9:52 AM IST
গুৱাহাটী : শীতৰ সেমেকা সন্ধিয়া সংগীতৰ মায়াজাল । মহানায়ক জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মহানগৰীৰত সংগীতৰ লহৰ তুলিলে পপষ্টাৰ প’ষ্ট মেলনে । খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিশা ৮ বজাৰ পৰা সংগীতানুষ্ঠান পৰিৱেশন কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰেপাৰ প'ষ্ট মেলনে হৃদয় জয় কৰিলে হাজাৰ হাজাৰ দৰ্শকৰ ।
'জুবিন গাৰ্গৰ ভূমিত অহাত বিশেষ গৌৰৱ অনুভৱ কৰিছো' বুলি উল্লেখ কৰি ৯ বাৰকৈ গ্ৰেমীৰ বাবে মনোনীত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী প'ষ্ট মেলনে গুৱাহাটীত প্ৰায় ২৩ হাজাৰ দৰ্শকৰ সন্মুখত তেওঁৰ কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰি শ্ৰোতা-দৰ্শকক মুগ্ধ কৰিলে । এইদৰে মন্তব্য কৰাৰ পিছতেই হাজাৰ হাজাৰ দৰ্শকে ধ্বনি দিয়ে । সোমবাৰে শীতৰ সন্ধিয়া পপ ষ্টাৰ প'ষ্ট মেলনে ‘Cool Kids’, ‘Good Kinda Love’, ‘Hold Me Down’ আদিৰ দৰে জনপ্ৰিয় গীতেৰে দেশ-বিদেশৰ পৰা অহা অনুৰাগীক মুগ্ধ কৰে ।

ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল গুৱাহাটী । সোমবাৰে সংগীতৰ মায়াজালেৰে দৰ্শকক মুগ্ধ কৰিলে মেলনে । দেশৰ ভিতৰতে প্ৰথম পপষ্টাৰ প’ষ্ট মেলনৰ একক লাইভ কনচাৰ্টৰ সুৰৰ মূৰ্চনা তুলিলে খানাপাৰা খেলপথাৰত । ৰেপ সংগীতৰ মায়াসনা সন্ধিয়াৰ আমেজ ল'লে হাজাৰ হাজাৰ সংগীতপ্ৰেমীয়ে । অনুষ্ঠানৰ মাজতে তেওঁ দৰ্শকক সম্বোধন কৰি কয়," ভাৰতলৈ পুনৰ আহিব পৰা বাবে মই ধন্য ।" মেলনে পৰিধান কৰা টি-চাৰ্টটোৱে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে । টি-চাৰ্টটোত ভাৰতৰ মানচিত্ৰ, তাৰ ওপৰত তাজমহলৰ আৰু তলত ইণ্ডিয়া লিখা আছিল ।
সংগীতৰ মায়াজাল আয়োজন সন্দৰ্ভত বুক মাই শ্ব'ৰ বিষয়া নামাম পুগালিয়াই কয়, “আজি গুৱাহাটীৰ প্ৰদৰ্শনে দেখুৱাইছে যে ভাৰতৰ লাইভ এন্টাৰটেইনমেন্ট ক্ষেত্ৰ কিমান গতিৰে আগুৱাই গৈছে । প'ষ্ট মেলনৰ অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে ।" আনহাতে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাই কয়, "কনচাৰ্ট ট্য়ুৰিজিম পলিচিয়ে লক্ষ্য লৈছে যে অসমত বিশ্বমানৰ সংগীতানুষ্ঠানৰ স্থান হিচাপে প্ৰতিষ্ঠা কৰা । সোমবাৰৰ মেলনৰ কনচাৰ্টে সেই যাত্ৰাত এক গুৰুত্বপূর্ণ পদক্ষেপ । বিশ্বমানৰ শিল্পী আহি সাংস্কৃতিগত, অৰ্থনৈতিক আৰু পৰ্যটনমূল্য বৃদ্ধি কৰাত সহায় কৰিলে। "

