শ্বুটিঙৰ ছেটত অমীশাৰ বাবে পৰিচালকৰ আসনত বহিছিল ছানী দেওল ! কিয় খং উঠিছিল অনিল শৰ্মাৰ ?
একে সময়তে ‘গদৰ’ আৰু ‘কহো না প্যাৰ হ্যায়’ৰ শ্বুটিং ৷ নতুন অৱস্থাত অমীশা পেটেলে কেনেকৈ চম্ভালিছিল কঠিন পৰিস্থিতি ?

By ETV Bharat Entertainment Team
Published : July 2, 2026 at 4:34 PM IST
হায়দৰাবাদ: অভিনেত্ৰী অমীশা পেটেলৰ বাবে দৃশ্যগ্ৰহণস্থলীত খং উঠিছিল পৰিচালক অনিল শৰ্মাৰ ৷ 'গদৰ: এক প্ৰেম কথা' ছবিৰ শ্বুটিং চলি থকাৰ সময়ত কেইটামান দৃশ্যত ছানী দেওলে অমীশা পেটেলৰ বাবে পৰিচালকৰ ভূমিকা ল’বলগীয়া হৈছিল । আচলতে কিছুমান দৃশ্য অমীশাই বাৰে বাৰে শ্ব'ট দিবলগীয়া হৈছিল । ইয়াকে দেখি ছবিখনৰ মূল পৰিচালক অনিল শৰ্মাই ধৈৰ্য হেৰুৱাই পেলাইছিল । সেই সময়ত ছানী দেওলে নিজে আগবাঢ়ি আহি পৰিচালকৰ দায়িত্ব লয় আৰু অমীশা পেটেলক দৃশ্যসমূহ সুন্দৰকৈ কৰাত সহায় কৰে ।
'ইণ্ডিয়াজ বেষ্ট ডান্সাৰ ছিজন ৫' ৰিয়েলিটী শ্ব’টোত এগৰাকী বিশেষ অতিথি হিচাপে উপস্থিত হৈ অভিনেত্ৰী অমীশা পেটেলে ২০০১ চনৰ ছুপাৰহিট ছবি 'গদৰ'ৰ শ্বুটিঙৰ অভিজ্ঞতা শ্বেয়াৰ কৰে । তেওঁ সদৰী কৰে যে, ছবিখনৰ আৱেগিক দৃশ্যবোৰ কৰোঁতে তেওঁ প্ৰথমাৱস্থাত বহু অসুবিধাৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁ বাৰে বাৰে ৰিটেইক ল’বলগীয়া হৈছিল আৰু ইয়াকে লৈ পৰিচালক অনিল শৰ্মা অতিষ্ঠ হৈ পৰিছিল ।
অভিনেত্ৰীগৰাকীয়ে সদৰী কৰে যে, সেই সময়ত তেওঁ চিনেমা জগতত একেবাৰে নতুন আছিল । তেওঁ একেলগে 'গদৰ: এক প্ৰেম কথা' আৰু 'কহো না... প্যাৰ হে' ছবি দুখনৰ শ্বুটিং কৰি আছিল, যাৰ বাবে সেই সময়ছোৱা তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ প্ৰত্যাহ্বানমূলক সময় আছিল । তেওঁ লগতে কয় যে 'গদৰ' ছবিৰ 'সকীনা' চৰিত্ৰটো ফুটাই তুলিবলৈ এগৰাকী অভিজ্ঞ তাৰকাৰ দৰে পৰিপক্কতাৰ প্ৰয়োজন আছিল, যাৰ বাবে কঠিন দৃশ্যবোৰ কৰোঁতে তেওঁ প্ৰায়েই দিশহাৰা হৈ পৰিছিল ।
অমীশা পেটেলে কয়, "'গদৰ' ছবিত 'সকীনা'ৰ দৰে এটা চৰিত্ৰ আছিল, যাৰ বাবে এগৰাকী অতি অভিজ্ঞ অভিনয় শিল্পীৰ প্ৰয়োজন আছিল । সেইবাবে ছেটত থকা অৱস্থাত মই প্ৰায়েই কেনেকৈ কৰিব লাগে বুজি পোৱা নাছিলোঁ আৰু সঠিক শ্ব'ট দিব পৰা নাছিলোঁ । মোৰ পৰিচালক অনিল শৰ্মাই মোৰ ওপৰত চিঞৰ-বাখৰ কৰিছিল আৰু এটাৰ পিছত এটাকৈ ৰিটেইক লৈ গৈছিল । কিন্তু ছানী জী অতি ধৈৰ্যশীল আছিল; তেওঁ অনিল জীক ছেটৰ পৰা আঁতৰি যাবলৈ কৈছিল আৰু নিজেই এজন পৰিচালক হিচাপে দায়িত্ব লৈছিল । আচৰিতভাৱে, তেতিয়া সেই শ্ব'টটো মাত্ৰ এটা টেকতে সমাপন হৈছিল । মোৰ ধাৰণা, তেওঁ এজন অভিনেতাৰ দৃষ্টিভংগীৰে বুজি পাইছিল যে মই ক’ত অসুবিধা পাইছোঁ । এক্সন দৃশ্য আৰু অতি আৱেগিক দৃশ্যবোৰত তেওঁ মোক বহুত সহায় কৰিছিল ।"
ছানী দেওলৰ সহযোগিতাৰ কথা সুঁৱৰি অমীশা পেটেলে কয়, "ছানী জী প্ৰকৃততে বৰ লাজকুৰীয়া স্বভাবৰ মানুহ, কিন্তু মোৰ সৈতে তেওঁ বহুত সহজ হৈ পৰিছিল । আমাৰ দুয়োৰে মাজৰ সুন্দৰ সম্পৰ্ক আৰু মিল দেখি ছেটত থকা সকলো মানুহ আচৰিত হৈ পৰিছিল । তেওঁ মোক লৈ বৰ সজাগ আছিল; মোৰ কিবা অসুবিধা হ’লে তেৱেঁই আটাইতকৈ আগেয়ে মোৰ কাষত থিয় দিছিল । মই ছবি জগতত একেবাৰে নতুন আছিলোঁ আৰু একে সময়তে ‘গদৰ: এক প্ৰেম কথা’ আৰু ‘কহো না... প্যাৰ হে’— এই সম্পূৰ্ণ বেলেগ ধৰণৰ ছবি দুখনৰ শ্বুটিং চলাই আছিলোঁ ।"
‘গদৰ: এক প্ৰেম কথা’ ছবিখনৰ অভূতপূৰ্ব সফলতাৰ কথা সুঁৱৰি অমীশা পেটেলে কয় যে, এই ছবিখন ভাৰতীয় চিনেমাৰ ইতিহাসত অন্যতম ডাঙৰ ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হৈছে । ভাৰতীয় ছবি জগতৰ ইতিহাসত আটাইতকৈ সফল ব্যৱসায় কৰা ছবিসমূহৰ ভিতৰত অন্যতম হিচাপে প্ৰমাণিত হৈছে ছবিখন ।
এই ছবিখনত ছানী দেওল, অমীশা পেটেল, লিলিট ডুবে আৰু প্ৰয়াত অমৰীশ পুৰীয়ে মুখ্য ভূমিকাত অভিনয় কৰিছিল । ইয়াৰ দ্বিতীয়টো খণ্ড ‘গদৰ ২’ ২০২৩ চনত মুক্তি লাভ কৰিছিল আৰু এই ছবিখনেও বক্স অফিচত অভূতপূৰ্ব সফল হিচাপে প্ৰমাণিত হৈছিল ।
লগতে পঢ়ক : 'গদৰ' ছবিৰ সকীনা চৰিত্ৰৰ বাবে পৰিচালকৰ প্ৰথম পছন্দ নাছিল অমীশা পেটেল

