হলীউডতকৈ ভাৰতত বেছি হয় চেলেব্ৰিটীৰ ট্ৰলিং! পোছাক-ৰূপক লৈ কৰা সমালোচনাক 'লজ্জাজনক' আখ্যা অমীশাৰ
"আমাৰ নিজৰ মানুহেই আমাক বেয়াকৈ ট্ৰল কৰে"— ভাৰতীয় মানসিকতাক লৈ ক্ষোভ অমীশা পেটেলৰ ৷ নতুন অভিনেত্ৰীসকলৰ ভুৱা PR গেমক তীব্ৰ কটাক্ষ অভিনেত্ৰীগৰাকীৰ ৷

By ETV Bharat Entertainment Team
Published : May 18, 2026 at 8:23 PM IST
হায়দৰাবাদ : বলীউডৰ অভিনেত্ৰী অমীশা পেটেলে ভাৰতীয় অভিনেতা-অভিনেত্ৰীসকলৰ ট্ৰলিং (অনলাইনত হোৱা সমালোচনা বা উপলুঙা) সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । অমীশা পেটেলৰ মতে, ভাৰতৰ তাৰকাসকল নিজৰ দেশৰে মানুহৰ দ্বাৰা আটাইতকৈ বেছি ট্ৰলিঙৰ চিকাৰ হয় । তেওঁ কয় যে হলীউডৰ তাৰকাসকলক তেওঁলোকৰ নিজৰ দেশৰ মানুহে ইমান বেছি সমালোচনা নকৰে, যিমান বেছি ভাৰতীয় তাৰকাসকলক ইয়াৰে মানুহে কৰে ।
অমীশা পেটেলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ) ভাৰতীয় মানসিকতা আৰু তাৰকাসকলৰ প্ৰতি হোৱা দুৰ্ব্যৱহাৰক লৈ ক্ষোভ প্ৰকাশ কৰিছে । অমীশাৰ মতে, "আজিকালিৰ কিছুমান কাৰ্যকলাপৰ পৰা স্পষ্ট হৈ পৰিছে যে আমাৰ ভাৰতীয় মানসিকতা আনক তললৈ নমাই অনা বিধৰ হৈ পৰিছে । আমি নিজকে 'এক জাতি' বা 'একতা থকা দেশ' বুলি কওঁ যদিও প্ৰকৃততে আমি ঐক্যবদ্ধনে ?"
Actors here in INDIA
— ameesha patel (@ameesha_patel) May 17, 2026
r more badly trolled by our own people than Hollywood stars are within their country from their own people which is so sad !Whether it’s a Indain stars appearance or attire at big events they sadly become targets of their own people! Such a shame!
অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰত ভাৰতীয় তাৰকাসকলে কেনে পোছাক পিন্ধিছে বা তেওঁলোকক দেখিবলৈ কেনেকুৱা লাগিছে, সেইবোৰক লৈ নিজৰে দেশৰ মানুহে তেওঁলোকক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে, হলীউডৰ তাৰকাসকলক তেওঁলোকৰ দেশৰ মানুহে ইমান বেয়াকৈ ট্ৰল নকৰে, যিমান বেয়াকৈ ভাৰতত আমাৰ নিজৰ মানুহখিনিয়েই আমাৰ অভিনেতা-অভিনেত্ৰীসকলক ট্ৰল কৰে । এই সমগ্ৰ বিষয়টোক অভিনেত্ৰীগৰাকীয়ে অত্যন্ত দুঃখজনক আৰু লজ্জাজনক বুলি আখ্যা দিছে ।
শেহতীয়াকৈ শনিবাৰে (১৬ মে’) মুম্বাইত সাংবাদিকৰ সন্মুখত অভিনেত্ৰী অমীশা পেটেলে নতুন প্ৰজন্মৰ অভিনেত্ৰীসকলৰ ভুৱা প্ৰচাৰ কাৰ্যকলাপক (পিআৰ গেম) লৈ কৰা পূৰ্বৰ মন্তব্যত অটল থকাৰ কথা উল্লেখ কৰে । শনিবাৰে মুম্বাইত সংবাদ মাধ্যমৰ কেমেৰাত আবদ্ধ হোৱাৰ সময়ত সাংবাদিকসকলে অমীশাক তেওঁৰ পূৰ্বৰ টুইটসমূহৰ বিষয়ে প্ৰশ্ন সোধে । তেওঁ স্পষ্টকৈ কয় যে, নতুন অভিনেত্ৰীসকলৰ ভুৱা প্ৰচাৰক (ফেক পিআৰ গেম) লৈ তেওঁ যি কৈছিল, সেই স্থিতিত তেওঁ অটল । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ হিন্দীত কয়, "সঠিক কথাইতো কৈছো মই । আজিকালি সকলোৱে নিজকে নম্বৰ ৱান বুলি ভাবিবলৈ লৈছে ।"
অমীশা পেটেলে মে' মাহৰ আৰম্ভণিতে তেওঁৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টৰ জৰিয়তে নতুন প্ৰজন্মৰ অভিনেত্ৰীসকল আৰু তেওঁলোকৰ ভুৱা প্ৰচাৰৰ কৌশলক তীব্ৰ সমালোচনা কৰিছিল । অমীশাই লিখিছিল যে, আজিকালিৰ বেছিভাগ অভিনেত্ৰীয়েই নিজৰ কেৰিয়াৰত এখন চিনেমাও এনেকুৱা উপহাৰ দিব পৰা নাই, যিখনে বক্স অফিচত ২০০ কোটি টকাৰ ব্যৱসায় কৰিছে । তেনেক্ষেত্ৰতো তেওঁলোকে নিজৰ পি.আৰ. টীমক পইচা দি নিজকে এক নম্বৰ বা দুই নম্বৰ স্থানত থকা অভিনেত্ৰী বুলি প্ৰচাৰ চলাইছে ।
অভিনেত্ৰীগৰাকীয়ে পুৰণি দিনৰ কথা সোঁৱৰাই দি কয় যে, এয়া ২০০০ চন নহয়, এয়া ২০২৬ চন । আজিকালিৰ যুগত ১০০ কোটি টকাৰ ব্যৱসায় কৰাটো কোনো ডাঙৰ কথা নহয় । অমীশাৰ মতে, কেৱল পইচা খৰচ কৰি পিআৰ গেম খেলি নিজকে ছুপাৰষ্টাৰ সজোৱাটো বন্ধ কৰিব লাগে । কোনোবাই নিজকে ছুপাৰষ্টাৰ বুলি তেতিয়াহে ক’ব পাৰে, যেতিয়া তেওঁৰ কামে বক্স অফিচত ইতিহাস সৃষ্টি কৰিব পাৰে । পৃথিৱীৰ যিকোনো প্ৰজেক্টৰ অংশ হ’বলৈ সকলো অভিনেতাৰে ভাল লাগে । কিন্তু সমগ্ৰ বিশ্বতে এখন ডাঙৰ ছুপাৰহিট চিনেমা উপহাৰ দিলেহে এজন অভিনেতা প্ৰকৃততে 'গ্ল’বেল ছুপাৰষ্টাৰ' হৈ পৰে । এয়াই চিনেমা জগতৰ কঠোৰ বাস্তৱ ।
অমীশা পেটেলে তেওঁৰ তিনিখন ব্লকবাষ্টাৰ চিনেমা— 'কহো না প্যাৰ হে' (Kaho Naa... Pyaar Hai), 'গদৰ ১' (Gadar), আৰু 'গদৰ ২' (Gadar 2) ৰ কথা উল্লেখ কৰে । তেওঁ দাবী কৰে যে, তেওঁ নায়িকা হিচাপে এনে তিনিখন চিনেমা উপহাৰ দিছে যিবোৰে ইতিহাস ৰচনা কৰিছে । আনকি এই চিনেমা তিনিখন তেওঁৰ সহ-অভিনেতাসকলৰ কেৰিয়াৰৰো এতিয়ালৈকে আটাইতকৈ ডাঙৰ হিট চিনেমা ।
তেওঁ ক্ষোভেৰে কয় যে ইমান ডাঙৰ সফলতা থকাৰ পিছতো তেওঁ আন অভিনেত্ৰীসকলৰ দৰে ভুৱা প্ৰচাৰ চলোৱা পি.আৰ. মেচিন ব্যৱহাৰ কৰিব নাজানে, কাৰণ তেওঁৰ ভুৱা প্ৰচাৰৰ কৌশল বহুত দুৰ্বল ।
লগতে পঢ়ক : অমিতাভ বচ্চনৰ সফলতাৰ মূল মন্ত্ৰ: ষ্টিভ জবচৰ পৰা শিকা 'Do It Now' নীতি!

