ETV Bharat / entertainment

ফ্ৰেঞ্চাইজি বিবাদ: অভিনেতা ছলমান খান আৰু বিইং হিউমেন ফাউণ্ডেশ্বনলৈ আদালতৰ জাননী

২ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ! ছলমান খানৰ বিৰুদ্ধে চণ্ডীগড় আদালতত গোচৰ ৷

Alleged Being Human Franchise Dispute: Chandigarh Court Issues Notice to Salman Khan and Sister
ছলমান খানৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি ভংগৰ গুৰুতৰ অভিযোগ! (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : August 27, 2026 at 12:43 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বলীউড অভিনেতা ছলমান খান, তেওঁৰ ভগ্নী আলভিৰা খান অগ্নিহোত্ৰী আৰু 'বিইং হিউমেন ফাউণ্ডেশ্বন' লৈ চণ্ডীগড়ৰ এখন আদালতে জাননী প্ৰেৰণ কৰিছে । এটা ফ্ৰেঞ্চাইজি ব্যৱসায়িক বিবাদক কেন্দ্ৰ কৰি চণ্ডীগড়ৰ জুডিশ্বিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ ড৹ অম্বিকা শৰ্মাৰ আদালতে এই জাননী জাৰি কৰে । এই সন্দৰ্ভত গোচৰকাৰী পক্ষৰ অধিবক্তা ৰাজৱিন্দৰ ৰাজে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, তেওঁৰ ক্লায়েণ্টে ছলমান খান বা তেওঁৰ ট্ৰাষ্টৰ পৰা কোনো ধৰণৰ সহায়-সহযোগিতা লাভ কৰা নাই ।

গোচৰকাৰী অৰুণ গুপ্তাই ২ কোটিতকৈও অধিক টকা বিনিয়োগ কৰাৰ পিছতো অভিনেতা ছলমান খান বা তেওঁৰ ট্ৰাষ্টৰ পৰা কোনো ব্যৱসায়িক সহায় লাভ নকৰাৰ বাবে বৃহৎ আৰ্থিক লোকচানৰ মুখামুখি হৈছে । সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত অধিবক্তা ৰাজৱিন্দৰ ৰাজে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

আদালতৰ জাননীৰ পাছত অধিবক্তা ৰাজৱিন্দৰ ৰাজে অভিনেতা ছলমান খানৰ বিৰুদ্ধে আন কেইবাটাও গুৰুতৰ প্ৰতিশ্ৰুতি ভংগৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ জনাই যে, তেওঁৰ ক্লায়েণ্টে কৰা বহু প্ৰতিশ্ৰুতি ছলমান খানে পূৰণ কৰা নাছিল । আদালতে অভিযুক্ত পক্ষলৈ জাননী প্ৰেৰণ কৰিছে । এতিয়া তেওঁলোকে নিজে বা তেওঁলোকৰ অধিবক্তাৰ জৰিয়তে আদালতত হাজিৰ হ’ব পাৰিব ।

ব্ৰেণ্ডটো মুকলি কৰাৰ সময়ত ছলমান খানে অধিবক্তাৰ ক্লায়েণ্টে অৰুণ গুপ্তাক নিজৰ জনপ্ৰিয় শ্ব’ ‘বিগ বছ’ৰ ছেটলৈ আমন্ত্ৰণ জনাইছিল । চণ্ডীগড়ত প্ৰথমটো শ্ব’ৰুম মুকলিৰ প্ৰচাৰৰ বাবে ছলমান খানে নিজে তাত উপস্থিত থাকিব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু তেওঁ নাহিল আৰু পৰৱৰ্তী সময়ত ট্ৰাষ্টে কোনো যোগাযোগো নাৰাখিলে । এই ফ্ৰেঞ্চাইজিৰ অধিকাৰ পৰৱৰ্তী সময়ত 'ষ্টাইল ক’ৱছিয়েণ্ট জুৱেলাৰী'ক হস্তান্তৰ কৰা হৈছিল, কিন্তু তেওঁলোকৰ তৰফৰ পৰাও কোনো সঁহাৰি পোৱা নগ’ল । এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ২০২৬ চনৰ ৫ অক্টোবৰ ধাৰ্য কৰা হৈছে ।

'অৰুণ গুপ্তা বনাম ষ্টাইল ক’ৱছিয়েণ্ট জুৱেলাৰী প্ৰাইভেট লিমিটেড' গোচৰৰ সন্দৰ্ভত আদালতে শেহতীয়াকৈ এই জাননীসমূহ জাৰি কৰিছে । ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২২৩ নম্বৰ ধাৰাৰ অধীনত ‘প্ৰি-কগনিজেন্স’ স্তৰত এই কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে । এই গোচৰৰ জাননীসমূহ ২০২৬ চনৰ ২৪ আগষ্ট তাৰিখে জাৰি কৰা হৈছে । গোচৰকাৰী অৰুণ গুপ্তাই দাখিল কৰা অভিযোগৰ ওপৰত আদালতে অভিযুক্ত পক্ষৰ পৰা উত্তৰ বিচাৰিছে । আদালতে সংশ্লিষ্ট পক্ষসমূহক নিজে ব্যক্তিগতভাৱে অথবা তেওঁলোকৰ অধিবক্তাৰ জৰিয়তে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক : ‘কালা হিৰণ’এ শুবলৈ দিয়া নাই ছলমানক: উপায়ন্তৰ হৈ কাষ চাপিল আদালতৰ