ETV Bharat / entertainment

ধূৰন্ধৰৰ সকলোৰে পছন্দৰ হিট FA9LA ট্ৰেকটোৰ আঁৰৰ শিল্পীগৰাকী

বাহৰেইনৰ ৰেপাৰ ফ্লিপেৰাচীয়ে ভাৰতত ব্যাপক চৰ্চা লাভ কৰিছে ৷ ধূৰন্ধৰ ছবিখনত অক্ষয় খান্নাৰ এটি দৃশ্যত তেওঁৰ হিট ট্ৰেক FA9LA বাজি উঠে ।

All About The Bahraini Rapper Flipperachi Behind The Hit FA9LA Track Featured In Dhurandhar
FA9LA ট্ৰেকটোৰ আঁৰৰ শিল্পীগৰাকী (Photo: Screengrab from the song FA9LA)
author img

By ETV Bharat Entertainment Team

Published : December 9, 2025 at 11:26 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বাহৰেইনৰ ৰেপাৰ ফ্লিপেৰাচীয়ে ভাৰতীয় শ্ৰোতা-দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ তালিকাত শীৰ্ষস্থান দখল কৰা তেওঁৰ ট্ৰেক FA9LA সদ্য মুক্তিপ্ৰাপ্ত ছবি ধূৰন্ধৰত এটা দৃশ্যত বাজি উঠিছে । আদিত্য ধৰৰ পৰিচালনা আৰু ৰণবীৰ সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰা এই চোৰাংচোৱা একশ্যন থ্ৰীলাৰখনত ৰহমান ডকাইতৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অক্ষয় খান্নাৰ এণ্ট্ৰিৰ সময়ত উক্ত ট্ৰেকটো সন্নিবিষ্ট কৰা হৈছে ।

ইনষ্টাগ্ৰামত ৰণবীৰ সিঙে চিনেমাখনৰ অক্ষয় খান্নাৰ এণ্ট্ৰিৰ দৃশ্যটো শ্বেয়াৰ কৰে য’ত বেকগ্ৰাউণ্ডত ফ্লিপেৰাচীৰ গীতটো বাজি আছে । তেওঁ কেপশ্যনত লিখিছে, "ইয়াত চিনেমাখনৰ 'সেই' ট্ৰেকটো....... FLIPPERACHI !" প্ৰথমে ২০২৪ চনত মুক্তি পাইছিল এই গীতটো ৷ চিনেমাখনত অন্তৰ্ভুক্ত হোৱাৰ পিছত এতিয়া বহুলভাৱে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ট্ৰেকটোৱে ।

ফ্লিপেৰাচীৰ বিষয়ে

ফ্লিপেৰাচী হিচাপে পৰিচিত হুছাম মহম্মদ আছিমৰ ১৯৮৯ চনত জন্ম হৈছিল ৷ ফ্লিপেৰাচী আৰব দেশৰ অন্যতম প্ৰভাৱশালী হিপ-হপ শিল্পী, তেওঁৰ খালিজী শব্দৰ বাবে পৰিচিত । তেওঁ কেইগৰাকীও আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ সৈতে সহযোগিতা কৰিছে, য’ত আছে আমেৰিকান ৰেপাৰ দ্য গেম, জামাইকান-আমেৰিকান সংগীতজ্ঞ শ্বেগী, আনকি বাস্কেটবলৰ কিংবদন্তি শ্বাকিল অ’নিল, যাৰ সৈতে তেওঁ শেহতীয়াকৈ আবুধাবিৰ য়াছ দ্বীপৰ বাবে এটা চাউণ্ডট্ৰেকৰ কাম কৰিছিল । তেওঁৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ বাবে ২০২৪ চনত তেওঁ বাহৰেইনৰ বছৰৰ শিল্পীৰ খিতাপ লাভ কৰে ।

তেওঁৰ কিছুমান ডাঙৰ হিট গীতৰ ভিতৰত আছে ই লা, শ্বুফা, শ্বিনো আলকালাম হাথা, নাইডা, আকুমা ইয়াও আৰু হায়াল্লা মিন ইয়ানা । কিন্তু সকলোৰে ভিতৰত FA9LA এতিয়ালৈকে আটাইতকৈ বেছি সফল হৈছে । ইতিমধ্যে এই ট্ৰেকটোৱে ইউটিউবত ৭০ লাখ ভিউজ অতিক্ৰম কৰিছে । FA9LA ৰ উচ্চাৰণ "fasla" হিচাপে কৰা হয়, আৰবী ayn আখৰ প্ৰতিনিধিত্ব কৰিবলৈ 9 সংখ্যা ব্যৱহাৰ কৰা হয় আৰু বাহৰেইন ভাষাত ইয়াৰ অনুবাদ ‘মজাৰ সময়’ বা ‘পাৰ্টী’ ৷

ধূৰন্ধৰ ছবিখনৰ কথা ক’বলৈ গ’লে ছবিখনত ৰণবীৰ সিঙৰ সৈতে আৰ মাধৱন, অক্ষয় খান্না, সঞ্জয় দত্ত আৰু ছাৰা অৰ্জুনে অভিনয় কৰিছে । ৫ ডিচেম্বৰত মুক্তি পোৱা ছবিখনে মাত্ৰ তিনিদিনৰ ভিতৰতে বিশ্বজুৰি ইতিমধ্যে ১৬০ কোটি টকা অতিক্ৰম কৰিছে । জ্যোতি দেশপাণ্ডে আৰু লোকেশ ধৰৰ সৈতে আদিত্য ধৰৰ দ্বাৰা প্ৰযোজিত ধূৰন্ধৰ কান্দাহাৰ হাইজেক আৰু ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি বাস্তৱ জীৱনৰ পৰিঘটনাৰ পৰা অনুপ্ৰাণিত ছবি ।

লগতে পঢ়ক : 'ধূৰন্ধৰ' আহিল, প্ৰথম দিনাই ভাঙিলে অভিলেখ