ETV Bharat / entertainment

জনপ্ৰিয়তাৰ ক্ষেত্ৰত নিজৰ পৰিশ্ৰমতকৈ ভাগ্যকহে কৃতিত্ব দিলে এগৰাকী অভিনেতাই

পৰিশ্ৰম কৰক কিন্তু ভাগ্যকো সন্মান কৰক ৷ নতুন অভিনেতাৰ বাবে এই বিশেষ বাৰ্তা কোনগৰাকী অভিনেতাৰ ?

Akshay Kumar credits his luck for his superstardom, says it played more important role than hardwork
বলীউড তাৰকাৰ আলিংগন (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : April 24, 2026 at 2:09 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : এইগৰাকী অভিনেতা বলীউডত ৩০ বছৰতকৈও অধিক কাল ধৰি সক্ৰিয় হৈ আছে । তেওঁ কৈছে ভাগ্যৰ খেলেই জীৱন গঢ়ে ৷ বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে শেহতীয়াকৈ তেওঁৰ সফলতাৰ আঁৰত পৰিশ্ৰমতকৈ 'ভাগ্য'ৰ অৱদানহে অধিক বুলি মন্তব্য কৰিছে । তেওঁৰ মতে, এজন ব্যক্তিয়ে জীৱনত আগবাঢ়ি যাবলৈ হ’লে কঠোৰ পৰিশ্ৰমৰ লগতে ভাগ্যৰ সমৰ্থন থকাটো অতি প্ৰয়োজনীয় ।

অক্ষয় কুমাৰৰ মতে সফলতাৰ মূল মন্ত্ৰ: পৰিশ্ৰম নে ভাগ্য ?

অক্ষয় কুমাৰে মুকলিকৈ স্বীকাৰ কৰিছে যে তেওঁ আজি যি উচ্চতাত আছে, তাৰ বাবে তেওঁ নিজৰ ভাগ্যৰ ওচৰতহে বেছি ঋণী । তেওঁৰ মতে, এজন ব্যক্তি ছুপাৰষ্টাৰ হ’বলৈ বা জীৱনত অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ ভাগ্যই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেওঁ বিশ্বাস কৰে যে কেৱল পৰিশ্ৰমেই যথেষ্ট নহয়; যদি ভাগ্যই লগ নিদিয়ে, তেন্তে বিচৰা ধৰণে সফলতা লাভ কৰাটো কঠিন ।

তেওঁৰ ভাষাত, "জীৱনত আগবাঢ়ি যাবলৈ হ'লে ভাগ্যই সহায় কৰাটো অতি জৰুৰী ।"

বৰ্তমান 'হুইলছ অফ ফৰ্চুন' (Wheels of Fortune) নামৰ কুইজ ৰিয়েলিটী শ্ব’টোৰ আঁত ধৰা অভিনেতাগৰাকীয়ে শেহতীয়াকৈ কঠোৰ পৰিশ্ৰম আৰু ভাগ্যৰ মাজত চলি থকা যুঁজখনৰ বিষয়ে নিজৰ মনৰ কথা ব্যক্ত কৰিছে । তেওঁ স্বীকাৰ কৰে যে কেতিয়াবা তেওঁ নিজেই এই দুই শক্তিৰ মাজত দ্বিধাত পৰে ।

অভিজ্ঞতাৰ আধাৰত তেওঁ কয়, "মই বিশ্বাস কৰোঁ যে জীৱনত কঠোৰ পৰিশ্ৰমৰ অতি প্ৰয়োজন আছে । মই নিজেও সদায় অতি নিষ্ঠাৰে আৰু জিদ কৰি পৰিশ্ৰম কৰি আহিছোঁ । "কিন্তু মোৰ নিজৰ কেৰিয়াৰ বা ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে, মই অনুভৱ কৰোঁ যে মোৰ ক্ষেত্ৰত ভাগ্যই পৰিশ্ৰমতকৈ অধিক সহায় কৰিছে ।"

অভিনেতাগৰাকীৰ মতে, যদিও তেওঁ কামত কোনো ত্ৰুটি নকৰে, তথাপিও তেওঁৰ সফলতাৰ যাত্ৰাত 'ভাগ্য'ৰ প্রভাৱহে বেছি আছিল বুলি তেওঁ মনে-প্ৰাণে বিশ্বাস কৰে ।

তেওঁ লগতে উল্লেখ কৰে যে নিজৰ দৈনন্দিন জীৱনত এটা ছেটৰ পৰা আনটো ছেটলৈ যাওঁতে তেওঁ এনে হাজাৰ হাজাৰ উদীয়মান অভিনেতা-অভিনেত্ৰীক লগ পায়, যিসকল দেখাত তেওঁতকৈও ধুনীয়া বা অধিক প্ৰতিভাশালী । তেওঁলোকে চলচ্চিত্ৰ জগতত নিজৰ স্থান বনাবলৈ আপ্রাণ চেষ্টা চলাই আছে যদিও কেৱল ভাগ্যই লগ নিদিয়াৰ বাবেই তেওঁলোক সফল হ’ব পৰা নাই ।

অক্ষয় কুমাৰে তেওঁৰ এই ব্যক্তিগত দৰ্শনৰ জৰিয়তে শ্ব’টোৰ প্রতিযোগী— সৰিতা, জয়কুমাৰ আৰু তন্বীৰ সৈতে একাত্ম হৈ পৰে । তেওঁলোকক উৎসাহিত কৰি অক্ষয়ে কয় যে, জীৱনত নিজৰ ১০০ শতাংশ উজাৰি পৰিশ্ৰম কৰাটো যেনেকৈ প্ৰয়োজনীয়, ঠিক তেনেদৰে সেই 'ভাগ্য'কো সন্মান কৰা উচিত যিয়ে তেওঁলোকক আজি এই পৰ্যায়লৈ লৈ আহিছে ।

অক্ষয় কুমাৰৰ কথা ক’বলৈ গ’লে, তেওঁ ইতিমধ্যে হিন্দী চলচ্চিত্ৰ জগতত ৩০ বছৰতকৈও অধিক সময় অতিবাহিত কৰিছে । এই সুদীৰ্ঘ সময়ছোৱাত তেওঁ ‘খিলাড়ী’, ‘ইণ্টাৰনেশ্যনেল খিলাড়ী’, ‘তু আনাড়ী মে খিলাড়ী’, ‘হেৰা ফেৰী’, ‘হাউছফুল’, ‘কেশৰী’, ‘জলী এল.এল.বি.’-ৰ দৰে বহুতো জনপ্ৰিয় ছবিত অভিনয় কৰিছে ।

শেহতীয়াকৈ তেওঁক ‘ভূত বাংলা’ নামৰ ছবিখনত দেখা গৈছিল, য’ত তেওঁৰ অভিনয়ে দৰ্শক আৰু সমালোচকৰ পৰা যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : অক্ষয় কুমাৰৰ প্ৰথম ঘৰ কিনাৰ স্মৃতি: কেনেকৈ মাতৃৰ বিশেষ মন্ত্ৰই সলাই দিছিল তেওঁৰ লক্ষ্য !