দুৰ্ঘটনাত পতিত অক্ষয় কুমাৰৰ কনভয়, গুৰুতৰভাৱে আহত
অক্ষয় কুমাৰৰ গাড়ী দুৰ্ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে চিন্তিত হৈ পৰে অনুৰাগীসকল ।

By ETV Bharat Entertainment Team
Published : January 20, 2026 at 11:13 AM IST
হায়দৰাবাদ : এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অভিনেতা অক্ষয় কুমাৰ । অভিনেতা অক্ষয় কুমাৰৰ নিৰাপত্তাৰক্ষীৰ গাড়ীখন সোমবাৰে নিশা মুম্বাইৰ জুহু অঞ্চলত এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয় ৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এখন অটোৰিক্সা দুখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় । আহতসকলৰ ভিতৰত এজন অটোৰিক্সা চালক যাৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অক্ষয় সেই গাড়ীখনত নাছিল । মুম্বাই আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাত গুৰুতৰভাৱে দুজন লোক আহত হৈছে ।
কেনেকৈ সংঘটিত হ’ল এই দুৰ্ঘটনা ?
জানিব পৰা মতে, নিশা প্ৰায় ৯ বজাত অক্ষয় কুমাৰ মুম্বাই বিমানবন্দৰৰ পৰা ঘৰলৈ উভতি আহিছিল । জুহুৰ ওচৰতে এখন গাড়ীয়ে প্ৰথমে পিছফালৰ পৰা অটোৰিক্সা এখনত খুন্দা মাৰে । তাৰ পিছত ওলোটা হৈ অক্ষয়ৰ কনভয়ত খুন্দা মাৰে । অক্ষয় আৰু টুইংকল গাড়ীত নাছিল । এই দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত । দুৰ্ঘটনাটোত অটোখন চূৰমাৰ হৈ পৰে । স্থানীয় লোক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় । কোনোমতে চালকজনক অটোৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় । বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে চালকজন । তেওঁৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে চালকজনৰ ভাতৃয়ে ।
অটো চালকজনৰ ভাতৃ মহম্মদ সমীৰে এএনআইক জনোৱা মতে, "নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হৈছে এই কাণ্ড । মোৰ ভাইটিৰ অটো সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰিছে । তেওঁৰ অৱস্থা সংকটজনক । আমাৰ একমাত্ৰ অনুৰোধ যে মোৰ ভাইটিয়ে উপযুক্ত চিকিৎসা সেৱা লাভ কৰক ।" ইয়াৰ সমান্তৰালকৈ আহত চালকজনৰ ভাতৃয়ে ক্ষতিপূৰণ আৰু চিকিৎসাৰ সকলো খৰচৰ দাবী জনাইছে । এই ঘটনাক লৈ এতিয়ালৈকে অক্ষয় কুমাৰ বা তেওঁৰ দলৰ কোনো সঁহাৰি অহা নাই ।
এই দুৰ্ঘটনাৰ ভিডিঅ’ অনলাইনত ভাইৰেল হৈ পৰে ৷ লগে লগে অক্ষয় কুমাৰৰ অনুৰাগীয়ে অভিনেতাগৰাকীৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰে । এজন নেটিজেনে লিখিছে, "আশা কৰোঁ সকলো ঠিকেই আছে ।" আনহাতে আন কিছুমানে ইমোজীৰ জৰিয়তে নিজৰ উদ্বেগ প্ৰকাশ কৰে ।
#WATCH | Mumbai | Brother of the auto-rickshaw driver who got injured in the accident, Mohammed Sameer says, " this incident happened around 8 to 8.30 pm. my brother was driving the rickshaw when akshay kumar's innova and a mercedes were behind it. when the mercedes hit the… https://t.co/u1jS3IArC7 pic.twitter.com/WWub77zYX6
— ANI (@ANI) January 19, 2026
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, অক্ষয় কুমাৰ আৰু তেওঁৰ কৰ্মচাৰীয়ে লগে লগে তেওঁলোকৰ গাড়ীৰ পৰা নামি আহতসকলক সহায় কৰে । অভিনেতাজন আঘাতপ্ৰাপ্ত হোৱা নাছিল । অৱশ্যে আহত দুজনক তাৎক্ষণিক চিকিৎসাৰ বাবে অক্ষয় কুমাৰ তৎপৰ হৈ থকা দেখা যায় ।
লগতে পঢ়ক : জুবিনৰ চৰিত্ৰ হনন কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ: পুৱাই গোচৰ গৰিমা শইকীয়াৰ

