ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী মলয়া গোস্বামীলৈ ২০২৬ বৰ্ষৰ ভবেন বৰুৱা বঁটা
অহা ৩ চেপ্তেম্বৰ তাৰিখে নলবাৰী নাট্য মন্দিৰত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীক ২০২৬ বৰ্ষৰ ‘ভবেন বৰুৱা বঁটা’ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব ।

Published : August 5, 2026 at 9:10 PM IST
নলবাৰী: অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীক প্ৰদান কৰা হ’ব ২০২৬ বৰ্ষৰ 'ভবেন বৰুৱা বঁটা' ৷ বুধবাৰে বিয়লি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলত এই ঘোষণা কৰা হয় ৷ অহা ৩ চেপ্তেম্বৰ তাৰিখে নলবাৰী নাট্য মন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীক ২০২৬ বৰ্ষৰ ‘ভবেন বৰুৱা বঁটা’ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব ।
উল্লেখ্য যে, অসমৰ স্বনামধন্য শিল্পী ভবেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে ২০০৯ বৰ্ষৰ পৰা নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে ৷ তাৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা একোগৰাকী নাট্য শিল্পীক ভবেন বৰুৱা বঁটা প্ৰদান কৰি আহিছে ।
এই বৰ্ষৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী মলয়া গোস্বামীলৈ ভৱেন বৰুৱা বঁটা আগবঢ়াইছে ৷ এই বঁটাত থাকিব নগদ ১৫,০০০ টকা, ফুলাম গামোছা, চেলেং চাদৰ, ফুলাম জাপি, মানপত্ৰ, শৰাই আৰু স্মাৰক ।
ভৱেন বৰুৱাৰ নাট্য প্ৰতিভাক চিৰস্মৰণীয় কৰি ৰখাৰ প্ৰয়াসেৰে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ইতিমধ্যে ২০০৯ বৰ্ষত বিশিষ্ট নাট পৰিচালক, সুদক্ষ অভিনেতা দুলাল ৰয়; ২০১০ বৰ্ষত গুৰুজী আদ্য শৰ্মা; ২০১১ বৰ্ষত বিশিষ্ট অভিনেতা বিজু ফুকন; ২০১২ বৰ্ষত বিশিষ্ট অভিনেতা নিলু চক্ৰবৰ্ত্তী; ২০১৩ বৰ্ষত বিশিষ্ট অভিনেতা মহানন্দ শৰ্মা; ২০১৪ বৰ্ষত বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকা; ২০১৫ বৰ্ষত ভ্ৰাম্যমাণৰ মহীৰূহ অচ্যুত লহকৰ, ২০১৬ বৰ্ষত মঞ্চসূৰ্য; সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত ধৰণী বৰ্মন; ২০১৭ বৰ্ষত ভ্ৰাম্যমাণ নাট্য জগতৰ বিশিষ্ট নাট্যকাৰ; অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্ত; ২০১৮ বৰ্ষত বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাও; ২০১৯ বৰ্ষত বিশিষ্ট নাট্যকাৰ, পৰিচালক দাৰা আহমেদ; ২০২০ বৰ্ষত বিশিষ্ট অভিনেতা, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য; ২০২১ বৰ্ষত বিশিষ্ট অভিনেতা নিপন গোস্বামী, ২০২২ বৰ্ষত বিশিষ্ট অভিনেতা দীনেশ দাস; ২০২৩ বৰ্ষত বিশিষ্ট অভিনেতা ভবেশ বৰুৱা; ২০২৪ বৰ্ষত বিশিষ্ট ৰীণা বৰা আৰু ২০২৫ বৰ্ষত যশস্বী অভিনেতা অৰুণ নাথক ‘ভবেন বৰুৱা বঁটা’ প্ৰদান কৰিছে ।
লগতে পঢ়ক: মুক্তিৰ পূৰ্বেই লাভ-লোকচানৰ কথা চিন্তা নকৰি ‘তীব্ৰ' নিৰ্মাতাগোষ্ঠীৰ মানৱ দৰদী সিদ্ধান্ত

