জুবিন ক্ষেত্ৰত নাম-প্ৰসংগত অংশগ্ৰহণ গৰিমা শইকীয়া গাৰ্গৰ
অম্বুবাচীৰ নিবৃত্তিৰ পিছতে খোল খালে সোণাপুৰৰ 'জুবিন ক্ষেত্ৰ': উপস্থিত গৰিমা শইকীয়া গাৰ্গ ৷

By ETV Bharat Entertainment Team
Published : June 26, 2026 at 5:47 PM IST
সোণাপুৰ : অম্বুবাচী মহাযোগৰ সামৰণিৰ পিছতে পুনৰ ভক্ত আৰু জুবিন অনুৰাগীৰ বাবে মুকলি কৰি দিয়া হৈছে সোণাপুৰৰ পবিত্ৰ 'জুবিন ক্ষেত্ৰ'। অন্য ধৰ্মীয় স্থানৰ দৰে ধৰ্মীয় পৰম্পৰা অনুসৰি, অম্বুবাচী উপলক্ষে বিগত তিনিটা দিন বন্ধ কৰি ৰখা হৈছিল জুবিন ক্ষেত্ৰৰ মূল স্থান ।
মূল স্থানডোখৰ গামোচাৰে ঢাকি ৰখা হৈছিল । আজি নিবৃত্তিৰ লগে লগে সমগ্ৰ স্থান পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ধূপ-চাকি জ্বলোৱাৰ লগতে স্থানীয় ৰাইজে এক আধ্যাত্মিক পৰিৱেশত নাম-প্ৰসংগৰ আয়োজন কৰে । ৰাইজৰ সৈতে নাম-প্ৰসংগত ভাগ ল’লে গৰিমা শইকীয়া গাৰ্গে ৷
জুবিন ক্ষেত্ৰত উপস্থিত হৈ নিজৰ মৰমৰ 'গল্ডী'ৰ আলোকচিত্ৰত গামোচা আগবঢ়োৱাৰ লগতে আলোকচিত্ৰত চন্দনৰ ফোঁট আঁকি এক আৱেগিক মুহূৰ্তৰ সৃষ্টি কৰে গৰিমা শইকীয়া গাৰ্গে । কেৱল সেয়াই নহয়, তেওঁ স্থানীয় ৰাইজৰ সৈতে বহি নাম-প্ৰসংগত অংশগ্ৰহণ কৰে আৰু নিজ হাতে ফল-মূল কাটি ৰাইজক সেৱা আগবঢ়ায় ।

"পবিত্ৰ ভূমিলৈ ৰূপান্তৰিত হৈছে জুবিন ক্ষেত্ৰ"
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ । তেওঁ কয়, “অম্বুবাচীৰ পিছত যেনেকৈ মন্দিৰৰ দুৱাৰ খোলে, ঠিক তেনেদৰেই আজি জুবিন ক্ষেত্ৰৰ দুৱাৰো মুকলি হৈছে । আমি চাকি এগছি জ্বলাই তেওঁৰ (জুবিন গাৰ্গৰ) আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ । জুবিন ক্ষেত্ৰ এতিয়া এখন পবিত্ৰ ভূমিলৈ পৰিৱৰ্তন হৈছে । মানুহে তেওঁক 'ঈশ্বৰ পুত্ৰ'ৰ দৰে নিজৰ আত্মাত ধাৰণ কৰিছে । এই মৰম তেওঁ নিজৰ কৰ্মৰাজীৰ জৰিয়তে নিজেই অৰ্জন কৰি থৈ গৈছে ।"

জুবিন গাৰ্গৰ ন্যায়ৰ আশা-"সত্যৰ সদায় জয় হওক"
প্ৰয়াত গণশিল্পীগৰাকীৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, "প্ৰাৰ্থনা সদায় এটাই যে তেওঁ যেন সোনকালে ন্যায় পায় । দোষী এতিয়া উচ্চতম ন্যায়ালয় পাইছেগৈ । তেওঁলোক য’লৈকে নাযাওক কিয়, আমাৰ বিশ্বাস যে সত্যৰ সদায় জয় হ’ব, জুবিন বিজয়ী হ’ব আৰু অসম বিজয়ী হ’ব ।"

হাতত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ
জুবিন গাৰ্গৰ আধৰুৱা স্বপ্ন আৰু কৰ্মৰাজিক আগুৱাই লৈ যোৱাৰ বাবে কেইবাটাও ডাঙৰ পদক্ষেপ ঘোষণা কৰে গৰিমা শইকীয়া গাৰ্গে ৷
- গ্ৰাম্য ফুটবলৰ বিকাশ- গ্ৰাম্য অঞ্চলৰ ফুটবল খেলুৱৈসকলক আগুৱাই আনিবলৈ বিশেষ গ্ৰাম্য ফুটবল প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ।
- ছাত্ৰাবাস নিৰ্মাণ- গড়ভাঙা পাৰিজাত একাডেমীত এটা 'বয়জ হোষ্টেল' (ল’ৰাৰ ছাত্ৰাবাস) নিৰ্মাণৰ কাম হাতত লোৱা হৈছে । বিশেষকৈ ভিতৰুৱা অঞ্চলসমূহৰ উন্নয়নৰ বাবে কাম কৰা হ’ব।
- প্ৰশিক্ষণ কৰ্মশালা- অভিনয় উদ্যোগৰ বিকাশৰ বাবে আগন্তুক ৬ জুলাইৰ পৰা এখন গ্ৰীষ্মকালীন নাট্য কৰ্মশালা অনুষ্ঠিত হ’ব ।
- গৱেষণা গোট- জুবিন গাৰ্গৰ কৰ্মৰাজিক পদ্ধতিগতভাৱে অধ্যয়ন কৰিবলৈ বিভিন্ন বিশ্ববিদ্যালয়ত আবেদন জনোৱা হ’ব যাতে এটা বিশেষ গৱেষণা গোট গঠন কৰিব পৰা যায় । ইয়াৰ জৰিয়তে তেওঁৰ সৃষ্টিৰাজৰ সকলো সমল সঠিকভাৱে ৰাইজৰ মাজলৈ ওলাই আহিব ।
পবিত্ৰ নাম-প্ৰসংগ আৰু জুবিন গাৰ্গৰ অমৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ এই সংকল্পই আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত এক অনন্য আৱেগিক তথা পবিত্ৰ পৰিৱেশৰ সূচনা কৰে ।
লগতে পঢ়ক : ৰাজধানীত দেউতা ! পুনৰবাৰ প্ৰাণ পাব জুবিন গাৰ্গৰ কণ্ঠই

