"কেতিয়াও ভবা নাছিলোঁ এজন অভিনেতাৰ সৈতে বিয়া হ’ব!"— বৈবাহিক জীৱনক লৈ মুখ খুলিলে শোভিতাই
অভিনেতা নাগা চৈতন্যৰ সৈতে বিবাহৰ পৰা কেৰিয়াৰৰ সংগ্ৰামলৈ, অভিনেত্ৰীগৰাকীয়ে মুকলিকৈ কৈ গ’ল বহু কথা ৷

By ETV Bharat Entertainment Team
Published : August 25, 2026 at 3:43 PM IST
হায়দৰাবাদ : অভিনেত্ৰী শোভিতা ধুলিপালাই প্ৰকাশ কৰা অনুসৰি, তেওঁ পৰম্পৰাগত তেলুগু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হোৱাৰ সপোন দেখিছিল যদিও এজন অভিনেতাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব বুলি কল্পনা কৰা নাছিল । ২০২৪ চনৰ ডিচেম্বৰত নাগা চৈতন্যৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত, কৰ্মব্যস্ততাৰ বাবে শোভিতা ধুলিপালা আৰু অভিনেতা স্বামীৰ মাজত ব্যক্তিগত জীৱন আৰু কেৰিয়াৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰত্যাহ্বান আহি পৰিছিল ।
এটা সাক্ষাৎকাৰত শোভিতাই তেওঁলোকৰ সম্পৰ্কটোক সুন্দৰকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দুয়োৰে গুৰুত্বৰ বিষয়ে কয় । দুয়ো গৰাকীয়েই তাৰকা হোৱাৰ বাবে এটা নতুন বৈবাহিক জীৱন চম্ভালিবলৈ তেওঁলোকে কি কি কৰিব লগা হৈছিল, সেই সন্দৰ্ভত শোভিতাই কয়, "২০২৪ চনৰ ডিচেম্বৰত বিয়া হোৱাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতেই মই তামিলনাডুলৈ শ্বুটিং কৰিবলৈ গৈছিলোঁ । মই তাত ১৫০ দিনতকৈও অধিক সময় আছিলোঁ । আমাৰ বিবাহিত জীৱনৰ প্ৰথমটো বছৰতে মই হয়তো তেওঁক মাহত মাত্ৰ এবাৰহে লগ পাইছিলোঁ । গতিকে আমি এই নতুন পৰিস্থিতিটো বুজি উঠিবলৈ চেষ্টা কৰি আছিলোঁ । এতিয়া বিগত কেইটামান মাহত আমি এই জীৱনটোৰ সৈতে নিজকে খাপ খুৱাই লৈছোঁ । এটা কথা মই নিশ্চিতভাৱে জানো যে, আমাৰ সম্পৰ্কটো মজবুত আৰু মধুৰ কৰি ৰাখিবলৈ যি কৰিব লাগে, সেই কথাক আমি দুয়োৱেই সদায় অগ্ৰাধিকাৰ দিওঁ ।"
শোভিতাই লগতে কয় যে, যদিও তেওঁ সদায় পৰম্পৰাগত তেলুগু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হোৱাটো বিচাৰিছিল, তথাপিও তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ এজন অভিনেতাৰ সৈতে বিয়াত বহিব । শোভিতাই কয়, "মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ জীৱনসংগী এজন অভিনেতা হ’ব বা তেওঁ মোৰ নিজৰ ৰাজ্যৰে হ’ব । কিন্তু মই সদায় এনে এখন বিবাহ বিচাৰিছিলোঁ য’ত মোৰ নিজৰ সংস্কৃতিৰ প্ৰতিটো সৰু-বৰ পৰম্পৰা জিলিকি উঠে । সৰুৰে পৰা এয়া মোৰ সপোন আছিল ।" উল্লেখ্য যে, তেলুগু চলচ্চিত্ৰ জগতৰ অন্যতম প্ৰতিষ্ঠিত চলচ্চিত্ৰ পৰিয়াল হৈছে শোভিতাৰ স্বামীৰ পৰিয়াল, সেয়া হৈছে 'অক্কিনেনী পৰিয়াল' ৷
চলচ্চিত্ৰ বাচনিৰ সন্দৰ্ভত ‘মেড ইন হেভেন’খ্যাত অভিনেত্ৰীগৰাকীয়ে কয়, "মই জানিছিলোঁ যে মই বেছিভাগেই স্বতন্ত্ৰ চলচ্চিত্ৰ কৰিছিলোঁ । সাধাৰণতে বাণিজ্যিক ব্ৰেণ্ডসমূহে এনেকুৱা অভিনেতা-অভিনেত্ৰীক বিচাৰে যাৰ জনপ্ৰিয়তা বেছি । কিন্তু দুবছৰৰ পিছত, সেই একেটা ব্ৰেণ্ডেই মোৰ সৈতে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে, কাৰণ মই ব্যতিক্ৰমী আৰু অনন্য চৰিত্ৰত অভিনয় কৰি আছিলোঁ । তেতিয়াই মই উপলব্ধি কৰিলোঁ যে, কাৰোবাৰ সৈতে খাপ খুৱাবলৈ মই নিজক সলনি কৰাৰ প্ৰয়োজন নাই, মই যেনেকুৱা তেনেকুৱাই শ্ৰেষ্ঠ ।"
উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে শৰণ কোপ্পিছেট্টীৰ তেলুগু থ্ৰীলাৰ ছবি ‘চীকাটিলো’ত শোভিতাক এগৰাকী ক্ৰাইম পডকাষ্টাৰৰ চৰিত্ৰত দেখা গৈছিল । ইয়াৰ পিছত তেওঁক পা ৰঞ্জিতৰ ছাই-ফাই এক্সন থ্ৰীলাৰ ছবি ‘ভেট্টুভাম’ত দেখিবলৈ পোৱা যাব, যিখন ছবি চলিত বৰ্ষৰ শেষৰ ফালে ছবিগৃহত মুক্তি পোৱাৰ কথা আছে ।
লগতে পঢ়ক : 'বেয়া অনুভৱ কৰো যে এইটো ঘটিল, কিন্তু...': সামান্থাৰ সৈতে বিবাহ বিচ্ছেদ প্ৰসংগত মুখ খুলিছে নাগা চৈতন্যই

