মঞ্চতেই ঢলি পৰি শেষ নিশ্বাস ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেত্ৰী অৰ্চনা বৰাৰ
অনবদ্য অভিনয়েৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰখা অৰ্চনা বৰাৰ আকস্মিক বিয়োগে স্বাভাৱিকতে অসমৰ ভ্ৰাম্যমাণ নাট্য জগতখনত শোকৰ ছাঁ পেলাইছে ৷

Published : October 15, 2025 at 11:20 PM IST
হায়দৰাবাদ: অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ এগৰাকী বলিষ্ঠ অভিনেত্ৰী অৰ্চনা বৰাই শেষ নিশ্বাস ত্যাগ কৰিলে ৷ ১১ অক্টোবৰৰ নিশা তেজপুৰৰ সমীপত নাট মঞ্চস্থ কৰি থকাৰ সময়তে মঞ্চতেই অসুস্থ হৈ ঢলি পৰিছিল অভিনেত্ৰীগৰাকী ৷
চলিত নাট্যবৰ্ষত তেওঁ পৃথ্বীৰাজ থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈ আছিল আৰু সেইখন থিয়েটাৰৰে এখন নাট মঞ্চস্থ হৈ থকা সময়ত হঠাতে ঘটিছিল এই অঘটনটো ৷ ততাতৈয়াকৈ অভিনত্ৰীগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় ৷ পৰৱৰ্তী সময়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁক লৈ যোৱা হয় তেজপুৰৰ এখন ব্যক্তিগত হাস্পতাললৈ ৷ তাত চিকিৎসকে অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক দেখি জৰুৰীভাৱে আই চি ইউত ভৰ্তি কৰে ৷
চিকিৎসকৰ মতে ১১ তাৰিখে নিশা মঞ্চত নাট পৰিৱেশন কৰি থকাৰ সময়তে ব্ৰেইন ষ্ট্ৰ'ক ত আক্ৰান্ত হৈছিল অৰ্চনা ৷ যাৰ বাবে মঞ্চতেই ঢলি পৰিছিল অভিনেত্ৰীগৰাকী ৷ ইপিনে বিগত চাৰি দিনে আই চি ইউত ভৰ্তি হৈ থকাৰ পিছত আজি (বুধবাৰ) অভিনেত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে তেজপুৰৰ পৰা ডিব্ৰুগড়লৈ অনা হৈছিল যদিও আদবাটতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷
সুদীৰ্ঘ প্ৰায় দুই দশকৰো অধিক কালজুৰি অসমৰ বহুকেইখন ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈ অনবদ্য অভিনয়েৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰখা অৰ্চনা বৰাৰ আকস্মিক বিয়োগে স্বাভাৱিকতে অসমৰ ভ্ৰাম্যমাণ নাট্য জগতখনত শোকৰ ছাঁ পেলাইছে ৷
উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ জীয়ৰী অৰ্চনাই অভিনয় জগতত খোজ দিছিল অপেচাদাৰী নাটকৰ জৰিয়তে ৷ নব্বৈৰ দশকৰ মধ্যভাগতে নাট্যজগতত খোজ পেলোৱা অৰ্চনাই তাৰ পিছৰে পৰা আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল ৷ অভিনয় কৰি গৈছিল ইখনৰ পিছত সিখনকৈ ভ্ৰাম্যমাণ থিয়েটাৰত ৷ কিন্তু অৱশেষত নাটকীয়ভাৱে নাটকৰ মাজতেই মঞ্চত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰবল প্ৰতিভাশীল এইগৰাকী অভিনেত্ৰীয়ে ৷
লগতে পঢ়ক: জীৱনটো যদি অভিনয় হয়… মৃত্য়ুতিথিত সুৰশিল্পীলৈ শ্ৰদ্ধাঞ্জলি

