ETV Bharat / entertainment

অনস্ক্রীণ 'দেৱদাস' শ্বাহৰুখৰ পিতৃ হৈছিল তেওঁ, অভিনেতা বিজয় কৃষ্ণাৰ মৃত্যু

বিখ্যাত অভিনেতা, থিয়েটাৰ শিল্পী তথা পৰিৱেশবিদ বিজয় কৃষ্ণাৰ ৮১ বছৰ বয়সত দেহাৱসান ঘটিছে। তেওঁৰ মৃত্যুত অভিনয় জগতত শোকৰ ছাঁ পৰিছে।

Actor VIJAY CRISHNA passes away: His acting journey from 'Devdas' to 'Dance Like a Man'
বিজয় কৃষ্ণাৰ ৮১ বছৰ বয়সত দেহাৱসান (Photo : Screen Grab)
author img

By ETV Bharat Entertainment Team

Published : March 4, 2026 at 5:02 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় থিয়েটাৰ আৰু চিনেমা জগতত সু-পৰিচিত অভিনেতা বিজয় কৃষ্ণাই ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ বিজয় কৃষ্ণাই সঞ্জয় লীলা ভাঞ্চালীৰ জনপ্ৰিয় বোলছবি 'দেৱদাস'ত শ্বাহৰুখ খানৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল । ইয়াৰ উপৰিও ২০০৪ চনৰ ইংৰাজী ড্ৰামা ফিল্ম 'ডান্স লাইক এ মেন'-ত কৰা অভিনয়ৰ বাবেও তেওঁ যথেষ্ট প্ৰশংসা বুটলিছিল ।

অভিনেতা হোৱাৰ উপৰি তেওঁ এজন নিষ্ঠাবান পৰিৱেশবিদ আৰু গোদৰেজ গ্ৰুপৰ প্ৰাক্তন এগজিকিউটিভ ডাইৰেক্টৰ আছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু কন্যাক এৰি থৈ যায় ।

Actor VIJAY CRISHNA passes away: His acting journey from 'Devdas' to 'Dance Like a Man'
বিখ্যাত অভিনেতা, থিয়েটাৰ শিল্পী তথা পৰিৱেশবিদ বিজয় কৃষ্ণা (Photo : Screen Grab)

বিজয় কৃষ্ণাই তেওঁৰ অভিনয় জীৱনত বহুতো নাটক আৰু বোলছবিত কাম কৰিছিল । পিছে দেৱদাস (Devdas) ছবিখনৰ জৰিয়তে তেওঁ আটাইতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিছিল । ছবিখনত তেওঁ মাধুৰী দীক্ষিত, ঐশ্বৰ্য ৰায় আৰু জেকী শ্ৰফৰ দৰে তাৰকাৰ সৈতে কাম কৰিছিল ।

ডান্স লাইক এ মেন (Dance Like a Man)- ২০০৪ চনত মুক্তি পোৱা এই ইংৰাজী ড্ৰামা ফিল্মখনত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষ প্ৰশংসা লাভ কৰিছিল । এই ছবিখন মহেশ দাত্তানীৰ এখন নাটকৰ ওপৰত আধাৰিত আছিল আৰু পৰিচালনা কৰিছিল পামেলা ৰুকছে । ছবিখনত শ্বোবানা, আৰিফ জাকাৰিয়া আৰু অনুষ্কা শংকৰে অভিনয় কৰিছিল । উল্লেখ্য যে, এই ছবিখনে ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

Actor VIJAY CRISHNA passes away: His acting journey from 'Devdas' to 'Dance Like a Man'
'দেৱদাস'ত শ্বাহৰুখ খানৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল তেওঁ (Photo : Screen Grab)

অভিনেত্ৰী লিলেট ডুবেৰ লগতে বহুতো বিশিষ্ট ব্যক্তিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । বিখ্যাত অভিনেত্ৰী তথা থিয়েটাৰ শিল্পী লিলেট ডুবেই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত বিজয় কৃষ্ণাৰ এখন ফটো শ্বেয়াৰ কৰি গভীৰ শোক প্ৰকাশ কৰিছে । লিলেট ডুবেই লিখিছে যে বিজয় কৃষ্ণা ২৫ বছৰতকৈও অধিক সময় ধৰি তেওঁলোকৰ থিয়েটাৰ পৰিয়াল আৰু 'ডান্স লাইক এ মেন'ৰ অবিচ্ছেদ্য অংশ আছিল ।

তেওঁ বিজয় কৃষ্ণাক এজন বহুমুখী প্ৰতিভাৰ অধিকাৰী, সুদৰ্শন আৰু আকৰ্ষণীয় অভিনেতা হিচাপে অভিহিত কৰিছে । বিশেষকৈ তেওঁৰ ব্যংগাত্মক হাস্যৰসৰ শৈলীৰ বাবে তেওঁ সকলোৰে মাজত অতি প্ৰিয় আছিল । অভিনেত্ৰীগৰাকীয়ে বিজয় কৃষ্ণাক তেওঁৰ চৰিত্ৰৰ নাম ধৰি সম্বোধন কৰি লিখিছে, "চিৰশান্তিৰে থকা মোৰ জয়ৰাজ, তোমাক কেতিয়াও পাহৰিব নোৱাৰি ।"

লিলেট ডুবেই বিজয় কৃষ্ণাৰ পত্নী স্মিতা, কন্যা নায়ৰিকা আৰু ফ্ৰেয়ানৰ লগতে সমগ্ৰ পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে ৷ লিলেটে তেওঁলোকৰ পুৰণি ফটো শ্বেয়াৰ কৰি বিজয় কৃষ্ণাৰ সৈতে কটোৱা সোণালী দিনবোৰ সোঁৱৰণ কৰিছে ।

লগতে পঢ়ক : প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰি প্ৰদানৰ কেবিনেট সিদ্ধান্ত