গহপুৰৰ ডিপৰাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন ৰবি শৰ্মাৰ
জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনৰ অনুষ্ঠানত উপস্থিত হৈ অভিনেতা ৰবি শৰ্মা আৰু অৰণ্য মানৱ যাদৱ পায়েঙে ক’লে জুবিনে ন্যায় পোৱাৰ কথা ৷

By ETV Bharat Entertainment Team
Published : October 20, 2025 at 8:56 AM IST
গহপুৰ : গহপুৰ সমষ্টিৰ অন্তৰ্গত ডিপৰা খেল পথাৰত, ঐতিহাসিক কল্যাণী দেৱালয়ৰ সমীপত জনপ্ৰিয় শিল্পী, কলাকাৰ, সমাজ হিতৈষী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিভাগ উন্মোচন কৰে । জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে জুবিন গাৰ্গৰ প্ৰিয় বন্ধু তথা সা-ৰে-গা-মা-পাৰ সঞ্চালক, কণ্ঠশিল্পী সোণমণি দত্তই । ইয়াৰ পূৰ্বে অৰণ্য মানৱ যাদৱ পায়েঙে জুবিন দাৰ প্ৰিয় গছ নাহৰ ৰোপণ কৰে ।
১৫ ফুট উচ্চতাৰ নাহৰ পুলি আগবঢ়ায় বৃক্ষ মানৱ বকুল গগৈয়ে । ইতিমধ্যে বকুল আৰু নাহৰৰ মুঠ এহেজাৰ পুলি যোগান ধৰি বিভিন্ন ঠাইত ৰোপণ কৰা বকুল গগৈয়ে বক্তব্যত জুবিন গাৰ্গৰ সৈতে কটোৱা বিভিন্ন অনুষ্ঠান আৰু ভাল লগা মুহূৰ্তৰ কথা আৱেগেৰে প্ৰকাশ কৰে ।
যাদৱ পায়েঙে উপস্থিত সকলোকে গছ ভাল পাবলৈ, ধৰণী সেউজীয়া কৰিবলৈ আৰু গছক নিজৰ সন্তানৰ দৰে লালন-পালন কৰিবলৈ আহ্বান জনায় । জুবিন সন্দৰ্ভত তেওঁ কয়, “জীয়াই থকা কালত তেওঁ একো নাপালে ৷ তেওঁ এতিয়া ন্যায় পাব লাগিব ৷”
ৰবি শৰ্মাই নিজৰ আৱেগিক ভাষণত মানুহৰ কল্যাণৰ বাবে সদায় চিন্তা কৰা, দুখী, দীনজনক মুক্তহস্তে দান কৰা, এক সাহসী আৰু মানৱদৰদী, অদ্বিতীয় কণ্ঠ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু অসমৰ বাবে বৃহৎ ক্ষতি বুলি কয় । এনে এক বিৰল প্ৰতিভাধৰ কলাকাৰ অসমে আৰু ভৱিষ্যতে নাপাই বুলিও দুখ প্ৰকাশ কৰে ৰবি শৰ্মাই ।
আনহাতে, “জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন নোহোৱা পৰ্যন্ত, ন্যায় নোপোৱা পৰ্যন্ত আমি থমকি নৰওঁ” বুলি ক্ষোভ প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে । জুবিন গাৰ্গ সমন্বয়ৰক্ষী সমিতি আৰু ডিপৰা শুৱন সংঘৰ উদ্যোগত আয়োজিত অনুষ্ঠানটি পৰিচালনা কৰে নাট্যকাৰ দিলীপ বৰা, সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকাই ।
লগতে পঢ়ক : জুবিনবিহীন এমাহ; লোকাৰণ্য সোণাপুৰৰ সমাধিক্ষেত্ৰ

