ETV Bharat / entertainment

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

২০১৮ চনৰ চেক বাউন্স সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালৰ অন্তৱৰ্তীকালীন জামিন ।

RAJPAL YADAV CHEQUE BOUNCE CASE
অন্তৱৰ্তীকালীন জামিন পালে ৰাজপাল যাদৱে (IANS (file))
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 8:12 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: অভিনেতা ৰাজপাল যাদৱে লাভ কৰিলে জামিন । ২০১৮ চনৰ চেক বাউন্স সন্দৰ্ভত অভিনেতাগৰাকীৰ বিৰুদ্ধে তৰা গোচৰত অভিনেতাগৰাকীক দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে । অভিযোগকাৰীৰ বেংক একাউণ্টত ১.৫ কোটি টকা জমা কৰাৰ পিছত ৰাজপাল যাদৱৰ আইনী সকাহৰ পথ মুকলি হোৱা বুলি আদালতে উল্লেখ কৰে ।

উল্লেখ্য় যে এক লাখ টকাৰ ব্যক্তিগত বণ্ড প্ৰদান কৰাৰ চৰ্তত তেওঁৰ শাস্তি স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে আদালতে । ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাৰ নেতৃত্বত এখন বিচাৰপীঠে অহা ১৮ মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ।

উল্লেখ্য় যে চলিত মাহৰ আৰম্ভণিতে অভিনেতাগৰাকীক আদালতত দিয়া ধন পৰিশোধৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল । অভিনেতাগৰাকীয়ে তৎক্ষণিকভাৱে সেই নিৰ্দেশ মানি চলিছিল । উচ্চ ন্যায়ালয়েও তেওঁৰ জামিন আৱেদনৰ শুনানি স্থগিত ৰাখিছিল । অৱশ্য়ে এতিয়া এই গোচৰত তেওঁ সকাহ পাইছে । অভিনেতাগৰাকীৰ বন্ধুসকলকে ধৰি চলচ্চিত্ৰ উদ্যোগে আৰ্থিক সহায়ৰ বাবে আগবাঢ়ি অহাৰ কিছুদিন পিছতেই তেওঁ অন্তৱৰ্তীকালীন জামিন লাভ কৰে ।

অভিনেতা ৰাজপাল যাদৱক চেক বাউন্স গোচৰত দোষী সাব্যস্ত কৰি কাৰ্কাৰডুমা আদালতে শাস্তি প্ৰদান কৰিছিল । অৱশ্যে ২০২৪ চনৰ জুনত আৰু আজি উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি স্থগিত ৰাখে । ১৪ বছৰ পূৰ্বে নিৰ্মাণ কৰা এখন ছবিৰ সৈতে এই গোচৰৰ সম্পৰ্ক আছে । ২০১২ চনত মুক্তি পোৱা ‘আটা পাটা লাপাতা’ শীৰ্ষক ছবিখনত পৰিচালক হিচাপে যাদৱে আত্মপ্ৰকাশ কৰিছিল । তেওঁৰ পত্নী ৰাধা যাদৱে তেওঁলোকৰ বেনাৰ 'শ্ৰী নৌৰাং গোদাবৰী এণ্টাৰটেইনমেণ্ট লিমিটেড'ৰ অধীনত ছবিখন নিৰ্মাণ কৰিছিল । এই ছবিখন তেওঁৰ পিতৃ-মাতৃৰ নামেৰে নামকৰণ কৰিছিল । ৰাজপালে এই ছবিখনত অভিনয় কৰাৰ লগতে চিত্ৰনাট্য, সংলাপ, আনকি সংগীতৰ কামো কৰিছিল ।

১১ কোটি টকাৰ বাজেটত নিৰ্মিত এই চিনেমাখন বক্স অফিচত সফল হোৱা নাছিল । এই ছবিখনে মাত্ৰ ৩৮ লাখ টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল । সেই বাবে যাদৱে ঋণৰ বোজা বেছিকৈ বহন কৰিবলগীয়া হয় ।

এই গোচৰটোৰ অভিযোগকাৰী মুৰলী প্ৰজেক্ট প্ৰাইভেট লিমিটেডে আদালতত কয় যে ছবিখন সম্পূৰ্ণ কৰিবলৈ যাদৱে ২০১০ চনৰ এপ্ৰিলত কোম্পানীটোৰ পৰা সহায় বিচাৰিছিল । ২০১০ চনৰ ৩০ মে’ত দুয়োৰে মাজত সম্পাদন হৈছিল চুক্তি । এই চুক্তি অনুসৰি কোম্পানীটোৱে যাদৱৰ কোম্পানীটোক ৫ কোটি টকাৰ ঋণ প্ৰদান কৰিছিল ।চুক্তি অনুসৰি তেওঁ সুতসহ ৮ কোটি টকা ঘূৰাই দিব লাগিছিল; কিন্তু তেওঁ প্ৰথমবাৰৰ বাবে সেই ধন ঘূৰাই দিব নোৱাৰিলে। ইয়াৰ পিছত তিনিবাৰকৈ দুয়োৰে চুক্তি নবীকৰণ কৰা হয় ।

২০১২ চনৰ ৯ আগষ্টত হোৱা চূড়ান্ত চুক্তিত যাদৱে অভিযোগকাৰীক ১১ কোটিৰো অধিক টকা ঘূৰাই দিবলৈ সন্মত হৈছিল । অৱশ্য়ে যাদৱে আদালতত মুৰলী প্ৰজেক্ট প্ৰাইভেট লিমিটেডৰ পৰা কোনো ধৰণৰ ঋণ লোৱা নাই বুলি উল্লেখ কৰিছিল । তেওঁ সেই ধন মুৰলী প্ৰজেক্টৰ কোম্পানীত বিনিয়োগ কৰিছিল বুলি কয় যদিও কাৰ্কাৰডুমা আদালতে যাদৱৰ যুক্তি নাকচ কৰে আৰু চেক বাউন্সৰ গোচৰত দোষী সাব্যস্ত কৰে ।

লগতে পঢ়ক:চেক বাউন্স গোচৰ; অভিনেতা ৰাজপাল যাদৱৰ জামিন আবেদনত অভিযোগকাৰীলৈ জাননী

সাম্প্ৰদায়িক সম্প্ৰীতি : মুছলমান পৰিয়ালত পালিত হিন্দু যুৱকৰ বিয়া পাতিলে হিন্দু পৰম্পৰা অনুসৰি