ETV Bharat / entertainment

অভিনেতা ধৰ্মেন্দ্ৰ চেতিয়াৰ সৈতে আধৰুৱা হৈ ৰ’ল জুবিনৰ এটা প্ৰকল্প

কাঁচিয়লি বেলি আৰু ৰাজনীতি ছবিত একেলগে অভিনয় কৰা অভিনেতা ধৰ্মেন্দ্ৰ চেতিয়াকো সিদ্ধাৰ্থ শৰ্মাই কৰিছিল অপমান । শুনক তেওঁৰ মুখেৰে পুৰণা কাহিনী-

actor dharmendra chetia remembers shooting with zubeen garg on assamese films kasiyoli beli and rajneeti
জুবিনৰ সৈতে অভিনেতা ধৰ্মেন্দ্ৰ চেতিয়া (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 4, 2025 at 4:52 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: প্ৰথমবাৰৰ বহু নজনা কথা কৈ গ'ল অভিনেতা ধৰ্মেন্দ্ৰ চেতিয়াই । যোৰহাটৰ ইলি চিনেমা হলত জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰিলে জুবিনৰ সৈতে দুখন চিনেমাত অভিনয় কৰা অভিনেতা ধৰ্মেন্দ্ৰ চেতিয়াই ।

জুবিন গাৰ্গৰ সপোনৰ চিনেমাখন চাই আৱেগিক হৈ তেওঁ কয় যে জুবিন গাৰ্গৰ আদৰ্শ আমি জীয়াই ৰাখিব লাগিব, তেওঁ আদৰ্শৰে আগবাঢ়ি যাব লাগিব । তেওঁ কয়, “জুবিন গাৰ্গক মৰিয়নীত অনুষ্ঠিত এক অনুষ্ঠানত গীত পৰিৱেশন কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছিলো ৷ সেই অনুষ্ঠানত চল্লিছ হাজাৰ দৰ্শক আছিল ৷ সেয়া ২০০৭ চনৰ কথা, তেতিয়াৰ পৰাই জুবিন দাৰ লগত সম্পৰ্ক গঢ় লৈ উঠিছিল ৷ লাহে লাহে সেই সম্পৰ্ক দৃঢ় হ’বলৈ ধৰিলে ৷”

অভিনেতা ধৰ্মেন্দ্ৰ চেতিয়াৰ ভাষ্য (Photo : ETV Bharat Assam)

তেওঁ স্মৃতি ৰোমন্থন কৰি কয়, “পথাৰ আৰু বজাৰৰ ওপৰত চিনেমা কৰাৰ কথা লৈ মই জুবিন দাৰ ওচৰলৈ গৈছিলো ৷ তেতিয়া তেওঁ কৈছিল- চুটি ছবিহে কৰিবি, মই কৈছিলো- হয় দাদা ৷ সুধিছিল- তোৰ টীমটোত কোন কোন আছে ? টীমটোৰ কথা শুনি ভাল পাইছিল তেওঁ ৷ পথাৰ আৰু বজাৰৰ বিষয়বস্তু লৈ নিৰ্মাণ কৰা কাঁচিয়লি বেলি চিনেমাখনৰ গানটো দিগন্ত ভাৰতীক দিবলৈ কৈছিল জুবিন দাই ৷ গানটো গাই তেতিয়া জুবিন দা আৱেগিক হৈ পৰিছিল আৰু মোক কৈছিল- এই গানৰ ভিডিঅ’টোত ময়ো অভিনয় কৰিম ৷ জুবিন দাই অভিনয় কৰিম বুলি কোৱা কথাটো শুনি মই আৱেগিক হৈ পৰিছিলোঁ আৰু তেতিয়া মই দাদাক সাৱটি ধৰিছিলো ।”

actor dharmendra chetia remembers shooting with zubeen garg on assamese films kasiyoli beli and rajneeti
কামৰ মুহূৰ্তত জুবিন-ধৰ্মেন্দ্ৰ (Photo : ETV Bharat Assam)

তেওঁ লগতে আৰু কয়, “কাঁচিয়লি বেলি শীৰ্ষক গীতটিৰ বাবে জুবিন দাই সোণাপুৰ আৰু তেতেলিয়াক শ্বুটিঙৰ স্থান হিচাপে বাচি ল’বলৈ কৈছিল ৷ তেওঁ কৈছিল- তই যদি শ্বুটিং কৰ, তাত কৰ, কাৰণ সেই ঠাই মোৰ বহুত আপোন, সেই ঠাই সুন্দৰ, তাতেই মই মাছ ধৰো আৰু খেতি কৰো ৷ জুবিন দাৰ কথা মতে সেই স্থান নিৰ্বাচন কৰিলো, তাতেই কাঁচিয়লি বেলি শীৰ্ষক গীতটিৰ শ্বুটিং হ’ল । কাঁচিয়লি বেলি চিনেমাখনৰ শীৰ্ষ গীতটি দাদাই তেওঁ মিউজিক চেনেলত আপলোড কৰিছিল ৷”

ZG old images
জুবিনৰ সৈতে অভিনেতা ধৰ্মেন্দ্ৰ চেতিয়া (Photo : ETV Bharat Assam)
actor dharmendra chetia remembers shooting with zubeen garg on assamese films kasiyoli beli and rajneeti
দুখন চিনেমাত একেলগে কৰিছে অভিনয় (Photo : ETV Bharat Assam)

ধৰ্মেন্দ্ৰ চেতিয়াই পুনৰ জুবিন গাৰ্গৰ সৈতে আন এখন চিনেমাত একেলগে অভিনয় কৰা সুযোগ লাভ কৰে ৷ এই ছবিখনৰ নাম আছিল ‘ৰাজনীতি’ । তেওঁ কয়, “এই চিনেমাখনত জুবিন দাই সাংবাদিকৰ ভূমিকাত অভিনয় কৰিছিল আৰু মই বিধায়কৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ‌ ।” মেনেজাৰৰ কথা তেওঁ কয়, “যেতিয়া জুবিন দাৰ সৈতে মোৰ নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু বিভিন্ন কামত জুবিন দাৰ ওচৰলৈ গৈছিলো, কামৰ সংক্ৰান্তত সিদ্ধাৰ্থ শৰ্মাক যোগাযোগ কৰোতে মোক ফোনত সি বেয়া ব্যৱহাৰ আৰু অপমান কৰিছিল, সেই কথা মই জুবিন দাক কৈছিলো ৷ তেতিয়া দাদাই তেওঁৰ ৱাটছএপ নম্বৰটো মোক দিছিল আৰু সেই নম্বৰতে মোক যোগাযোগ কৰিবলৈ কৈছিল ।”

ZG old images
২০০৭ চনত প্ৰথমবাৰৰ বাবে সংস্পৰ্শলৈ আহে দুয়ো (Photo : ETV Bharat Assam)
ZG old images
ফটোত ক্ৰমে সিদ্ধাৰ্থ শৰ্মা, ধৰ্মেন্দ্ৰ চেতিয়া, জুবিন গাৰ্গ আৰু প্ৰসেনজিৎ বৰা (Photo : ETV Bharat Assam)

তেওঁ আৰু কয়, “দাদাৰ সৈতে তেজ নামৰ এখন চিনেমা কৰা কথা আছিল, সাজু হৈছিল স্ক্ৰীপ্ট, দাদাৰ সৈতে কথা বতৰাও হৈছিল ৷ কিন্তু নিয়তিৰ কি পৰিহাস, আমাৰ দাদাক লৈ গুচি গ’ল ।”

লগতে পঢ়ক : ৰিয়েলিটী শ্ব’ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চাত দীপু বৰা