ETV Bharat / entertainment

সোণাপুৰৰ সমাধিস্থলীলৈ গৈ জিকি অনা ট্ৰফী জুবিন মামাক দেখুৱালে আধ্যাশ্ৰীয়ে

আকৰ্ষণীয় নৃত্য প্ৰদৰ্শনেৰে শীৰ্ষ 6 ত প্ৰৱেশ কৰা আধ্যাশ্ৰী উপাধ্যায়ে কঢ়িয়াই আনে Super Dancer Chapter 5ৰ খিতাপ ।

Aadhyashree Upadhyay, who won Super Dancer chapter 5, arrived in Assam
জুবিন মামাক ট্ৰফী দেখুৱালে আধ্যাশ্ৰী উপাধ্যায়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 15, 2025 at 3:00 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: Super Dancer chapter 5 ৰ বিজয় খিতাপ অৰ্জন কৰি নিজ মাতৃভূমিত উপস্থিত আধ্যাশ্ৰী উপাধ্যায় । ইয়াৰ পূৰ্বেও আধ্যাশ্ৰী উপাধ্যায়ে DID কে ধৰি বিভিন্ন শিতানত জয়ী হৈছে । মুম্বাইত Super Dancer chapter 5 ৰ খিতাপ জয় কৰি বৰঝাৰ বিমানবন্দৰত মঙলবাৰে উপস্থিত হয় আধ্যাশ্ৰী । পৰিয়াল তথা শুভাকাংক্ষীয়ে বিমানবন্দৰতে উষ্ম আদৰণি জনাই আধ্যাশ্ৰীক ।

বিমানবন্দৰত উপস্থিত হৈ কণমানি আধ্যাশ্ৰীয়ে কয়,"এই জয় সুখবৰ যদিও বৰ্তমান দুখৰ খবৰ । জুবিন মামাৰ আশীৰ্বাদ লৈ গৈছিলোঁ । মোক কৈছিল মই জয়ী হৈ আহিম বুলি, কিন্তু মোৰ ট্ৰফী দেখুওৱাবলৈ এতিয়া জুবিন মামা নাই । মই সোণাপুৰত গৈ জুবিন মামাক ট্ৰফী দেখুওৱাম, তাত গৈ মই জুবিন মামাক কম এইটো ট্ৰফী । জুবিন মামা মোৰ বাবে ভগৱান হয় এতিয়ালৈকে মই বিশ্বাস কৰিব পৰা নাই যে তেওঁ আমাৰ লগত নাই ।"

আধ্যাশ্ৰী উপাধ্যায় (ETV Bharat Assam)

ইয়াৰ পিছতে বিমানবন্দৰৰ পৰা কণমানি আধ্যাশ্ৰী পোনে পোনে ৰাওনা হয় সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিস্থলীলৈ । উপস্থিত হৈ ট্ৰফীটো জুবিন গাৰ্গৰ সমাধিস্থলীত ৰাখি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আধ্যাশ্ৰীয়ে । সংবাদমাধ্যমৰ আগত আধ্যাশ্ৰীয়ে কয়,"কোনে মোক মৰম দিব, কোনে মোক ট্ৰফী দিব । জিকি আহিলে ট্ৰফী চাম বুলি কৈছিল । কিন্তু আজি জুবিন মামা নাই । তথাপিও তেওঁক দেখুৱালো ট্ৰফীটো । ভগবান জুবিন মামাক ঘূৰাই দিয়া ।"

উল্লেখ্য যে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা মনোৰঞ্জনধৰ্মী চেনেলত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটী শ্ব' Super Dancer Chapter 5 ৰ প্ৰতিটো খণ্ডতে আধ্যাশ্রী উপাধ্যায়ে নিজৰ নৃত্য প্ৰতিভাৰে মন্ত্ৰমুগ্ধ কৰিছিল বিচাৰকমণ্ডলীক । দেওবাৰে অনুষ্ঠিত হয় Super Dancer Chapter 5 ৰ গ্ৰেণ্ড ফিনালে । আকৰ্ষণীয় নৃত্য প্ৰদৰ্শনেৰে শীৰ্ষ 6 ত প্ৰৱেশ কৰা আধ্যাশ্ৰী উপাধ্যায়ে কঢ়িয়াই আনে Super Dancer Chapter 5ৰ খিতাপ ।

লগতে পঢ়ক: Super Dancer Chapter 5 ৰ বিজয়ী অসমৰ আধ্যাশ্রী উপাধ্যায়

আকৌ এবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিছে অসমকন্যা আধ্যাশ্ৰী উপাধ্যায়