ETV Bharat / entertainment

জুয়ে পোৰা ৰোগীৰ জীৱনৰ ওপৰত আধাৰিত চুটি ছবি 'অগ্নিস্নাতা'

অগ্নিদগ্ধ লোকৰ জীৱনৰ যাত্ৰা, দুৰ্ঘটনা, চিকিৎসা আৰু আৰোগ্য লাভৰ কাহিনী ।

A short Assamese film based on the life of a burn patient
জুয়ে পোৰা ৰোগীৰ জীৱনৰ ওপৰত আধাৰিত চুটি ছবি 'অগ্নিস্নাতা' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 8, 2026 at 7:27 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: জুয়ে পোৰা ৰোগীৰ জীৱনৰ ওপৰত আধাৰিত এখন চুটি ছবি 'অগ্নিস্নাতা' । ইতিমধ্যে দুখনকৈ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে এই ছবিখন। অগ্নিদগ্ধ লোকৰ জীৱনৰ যাত্ৰা, দুৰ্ঘটনা, চিকিৎসা আৰু আৰোগ্য লাভৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন ।

'অগ্নিদগ্ধ' বা জুই লাগিলে কি কৰা উচিত, ইয়াৰ চিকিৎসা কিদৰে কৰিব লাগে ? এইবোৰ বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সজাগতা তথা কিছু সঁচা কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে 'অগ্নিস্নাতা' । জ্যেষ্ঠ চিকিৎসক ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছে এই ছবিখন । এই ছবিখনত সন্নিবিষ্ট কৰা হৈছে তেওঁ চিকিৎসা জীৱনত লাভ কৰা কিছু সঁচা অভিজ্ঞতা ।

A short Assamese film based on the life of a burn patient
জুয়ে পোৰা ৰোগীৰ জীৱনৰ ওপৰত আধাৰিত চুটি ছবি 'অগ্নিস্নাতা' (ETV Bharat Assam)

স্মিতা বৰ্মনৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই চুটি ছবিখনৰ কাহিনী ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাৰ । ছবিখনৰ চিত্ৰনাট্য প্ৰভাত শৰ্মা আৰু স্মিতা বৰ্মনৰ । প্ৰায় ২৪ মিনিট দৈৰ্ঘ্য়ৰ এই চুটি ছবিখন সন্দৰ্ভত মন্তব্য কৰি পৰিচালিকা স্মিতা বৰ্মনে কয়, "এই চুটি ছবিখন মূলতঃ 'অগ্নিদগ্ধ'ৰ সজাগতাৰ ওপৰত ভিত্তি কৰি লগতে কিছু সঁচা কথাৰ আলমত নিৰ্মাণ কৰা হৈছে । এই চুটি ছবিখনত এগৰাকী বোৱাৰীক তেওঁৰ ননদে চক্ৰান্ত কৰি অগ্নিদগ্ধ কৰে । লগতে গাঁৱৰ এগৰাকী যুৱতীও ভুলবশতঃ অগ্নিদগ্ধ হয় । এই দুয়োটা ঘটনাত অগ্নিদগ্ধ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত কি দৰে চিকিৎসা কৰি সুস্থ হয় লগতে তেওঁলোকৰ সংগ্ৰামৰ কাহিনী সংমিশ্ৰণ কৰি নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন ।" পৰিচালিকাগৰাকীয়ে পুনৰ কয়, "চিকিৎসক ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই তেওঁৰ চিকিৎসক জীৱনত লাভ কৰা কিছু সঁচা কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে চুটি ছবিখন ।"

A short Assamese film based on the life of a burn patient
জুয়ে পোৰা ৰোগীৰ জীৱনৰ ওপৰত আধাৰিত চুটি ছবি 'অগ্নিস্নাতা' (ETV Bharat Assam)

২০২৫ চনৰ আৰম্ভণিতে পৰিকল্পনা কৰা এই চুটি ছবিখন সম্পূৰ্ণ হৈছে যোৱা ফেব্ৰুৱাৰী মাহত । এই চুটি ছবিখনৰ চিত্ৰগ্ৰহণ প্ৰবীণ বসুমতাৰীৰ । আনহাতে,ছবিখন সম্পাদনা কৰিছে ধ্ৰুৱজ্যোতি বৰা আৰু মৃণ্ময় আম্যিক ফুকনে । অভিনয় কৰিছে ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাৰ লগতে ভ্ৰান্তি মেধি, পংকজ মহন্ত, হিমাদ্ৰী দেৱী,অনামিকা বৰদলৈ বৰুৱা, অনিতা চক্ৰৱৰ্তী, শেৱালী নেওগ, প্ৰাণজিৎ প্ৰীতম কলিতা, ডাঃ দীপক শৰ্মা, ডাঃ কবিতা চাংমা চৌধুৰী, ডাঃ অপৰাজিৎ বৰ্মন, তৃষ্ণা কলিতা, ডেইজী নাথ, সৃষ্টি শৰ্মা, বুদ্ধি ভট্টৰায়, জাছিমা বেগম,পুতুলী কলিতা, ললিতা বুংৰুং আৰু ৰজনী ৰংপীয়ে ।

A short Assamese film based on the life of a burn patient
জুয়ে পোৰা ৰোগীৰ জীৱনৰ ওপৰত আধাৰিত চুটি ছবি 'অগ্নিস্নাতা' (ETV Bharat Assam)

উল্লেখ্য যে এই চুটি ছবিখন শেহতীয়াকৈ এছিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেল আৰু ইণ্ডিয়ান পেনোৰামা ইন্টাৰনেশ্য়নেল ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হোৱাৰ লগতে ইণ্ডিয়ান পেনোৰামা ইন্টাৰনেছনেল ফিল্ম ফেষ্টিভেলত বঁটা লাভ কৰিবলৈও সক্ষম হৈছে ।

লগতে পঢ়ক:নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলিল চুটি ছবি 'অমনিপ্ৰেজেণ্ট-এ ষ্টৰী

যুৱ পৰিচালক চিন্ময় বাৰ্মা পৰিচালিত ‘খিৰিকী’এ আনিছে ইটোৰ পাছত সিটো সন্মান