ETV Bharat / entertainment

এইবাৰ ৰূপালী পৰ্দাই ক'ব 'লভ ইউ জুবিন দা'

গ্ৰীবছ মিডিয়া এণ্ড প্ৰডাকশ্বন প্ৰাইভেট লিমিটেড আৰু বৰ্ষা মুভীজৰ সহযোগত পশ্চিম বংগত নিৰ্মাণ হ'ব 'লভ ইউ জুবিন দা' ।

A new movie 'Love You Zubeen Da' will be made in West Bengal
পশ্চিম বংগত নিৰ্মাণ হ'ব নতুন ছবি 'লভ ইউ জুবিন দা' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 4:44 PM IST

|

Updated : June 30, 2026 at 9:17 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাই গ্ৰীবছ মিডিয়া এণ্ড প্ৰডাকশ্বন প্ৰাইভেট লিমিটেড আৰু বৰ্ষা মুভীজৰ সহযোগত এখন বাংলা ছবি নিৰ্মাণ কৰা হ'ব । ছবিখনৰ প্ৰযোজনা ফাৰুক উদ্দিনৰ আৰু পৰিচালনা কৰিব শ্ৰী প্ৰীতমে । শনিবাৰে জ্যোতি চিত্ৰবনৰ কলাগুৰু প্ৰেক্ষাগৃহত ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয় । জুবিন গাৰ্গক ভালপোৱা এজন অনুৰাগীক লৈয়েই ছবিখন নিৰ্মাণ কৰা হ'ব ।

এই ছবিখনত থাকিব জুবিন গাৰ্গে পূৰ্বে মুক্তি নিদিয়া দুটা গান । জীৱিত অৱস্থাতে এটা গান তেওঁ বাংলা ভাষাত গাইছিল, আনটো গাইছিল অসমীয়া ভাষাত । প্ৰায় ২০০৬ চনতেই অসমীয়া ভাষাৰ গানটো গাইছিল জুবিন গাৰ্গে, সেই মুক্তি লাভ নকৰা গান দুটা এই ছবিখনৰ জৰিয়তেই শ্ৰোতা-দৰ্শকৰ মাজলৈ আহিব । অসম আৰু পশ্চিমবংগত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হ'ব ।

পশ্চিমবংগত নিৰ্মাণ হ'ব নতুন ছবি 'লভ ইউ জুবিন দা' (ETV Bharat Assam)

ছবিখনৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, "শ্ৰী প্ৰীতমৰ লগত জুবিনে আগতে বহুত গান গাইছে । তেওঁ ছবিখনৰ কাহিনীটো লিখিছে । জুবিনৰ লগত আচলতে তেওঁ খুব আৱেগিক ভাৱে জড়িত । ছবিখনৰ পৰিচালনাৰ লগতে সংগীত পৰিচালনাও শ্ৰী প্ৰীতমে কৰিব । অসম আৰু পশ্চিমবংগৰ পটভূমিত ছবিখন নিৰ্মাণ কৰা হ'ব ।"

তেওঁ লগতে কয়, "লভ ইউ জুবিন দা- ছবিখনৰ নাম, যাৰ জৰিয়তে জুবিনৰ প্ৰতি ভালপোৱা বা আৱেগখিনিয়ে নিশ্চয় প্ৰকাশ কৰিব বিচাৰিছে । জুবিনৰ পূৰ্বে মুক্তি লাভ নকৰা দুটা গীত ছবিখনত থাকিব । ছবিখনত অসমীয়া বহু শিল্পী কলা-কুশলীও জড়িত হৈ থাকিব । প্ৰথম যেতিয়া তেওঁলোকে কথাটো কৈছিল মই তেতিয়া বহুত সুখী হৈছিলোঁ ।"

আনহাতে ছবিখনৰ সন্দৰ্ভত পৰিচালক শ্ৰী প্ৰীতমে কয়, "ছবিখন এখন মিউজিকেল ড্ৰামা । জুবিন দাৰ এগৰাকী অনুৰাগীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে । ছবিখনত জুবিন দাৰ প্ৰতিগৰাকী অনুৰাগীয়ে নিজকে বিচাৰি পাব । জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি এই ছবিখন নিৰ্মাণ কৰিছোঁ ।"

তেওঁ পুনৰ কয়, "কলিকতা আৰু গুৱাহাটীত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ'ব । ছবিখন অসমীয়া আৰু বাঙালী ভাষাত মুক্তিলাভ লাভ কৰিব । এই বৰ্ষৰ শেষৰফালে ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছোঁ । জুলাইৰ প্ৰথম ভাগৰ পৰা দৃশ্যগ্ৰহণ কৰা হ'ব । প্ৰথমে কলিকতাত দৃশ্যগ্ৰহণ কৰা হ'ব তাৰ পাছত গুৱাহাটীত কৰা হ'ব ।"

লগতে পঢ়ক: জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ! আহি আছে নতুন মিউজিকেল বাংলা ড্ৰামা ‘লভ ইউ জুবিন দা’

বাঁহ-বেঙেনাৰ যুঁজত কঁপিল ইটিভি ভাৰত অসমৰ ষ্টুডিঅ'

Last Updated : June 30, 2026 at 9:17 AM IST