ETV Bharat / entertainment

২০২০-২১ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান : বেলকনিত ভগৱান আৰু শব্দ নিশব্দ কোলাহললৈ শ্ৰেষ্ঠ চলচ্চিত্রৰ বঁটা

ৰাজ্যপালৰ উপস্থিতিত বিশিষ্ট অভিনেতা দীনেশ দাস আৰু জয়ন্ত ভাগৱতীলৈ জীৱনজোৰা সাধনা বঁটা ৷

9th Assam State Film Awards
নৱম অসম ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠানৰ কেইটিমান মুহূৰ্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 2:38 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: মহানগৰী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ প্ৰেক্ষাগৃহত দেওবাৰে প্ৰদান কৰা হয় নৱম অসম ৰাজ্যিক চলচ্চিত্র বঁটা । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ যৌথ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰদান কৰা হয় ২০২০ আৰু ২০২১ বৰ্ষৰ বাবে ঘোষিত চলচ্চিত্ৰ বঁটাসমূহ ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ লগতে ৰাজ্যৰ বিশিষ্ট শিল্পী, অভিনেতা-অভিনেত্ৰীসকল ।

শ্ৰীশ্ৰীদামোদৰদেৱ প্ৰেক্ষাগৃহত দেওবাৰে প্ৰদান কৰা হয় নৱম অসম ৰাজ্যিক চলচ্চিত্র বঁটা (ETV Bharat Assam)

এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি সাংস্কৃতিক মন্ত্রী বিমল বড়াই অসমীয়া চলচ্চিত্ৰ উদ্যোগক আগবঢ়াই নিয়াৰ দিশত দৰ্শকৰ দায়িত্ব সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ অসমীয়া চলচ্চিত্রৰ উত্তৰণৰ বাবে অসম চৰকাৰৰ ৫০ লাখকৈ টকাৰ অনুদানৰে ১০ টা ছবিগৃহ নিৰ্মাণ হৈ থকাৰ কথাও মন্ত্রীগৰাকীয়ে নিজৰ বক্তব্যত প্ৰকাশ কৰে ।

শ্ৰেষ্ঠ চলচ্চিত্রৰ বঁটা

২০২০ বৰ্ষত শ্ৰেষ্ঠ চলচ্চিত্র আৰু শ্ৰেষ্ঠ পৰিচালকৰ শিতানত বঁটা লাভ কৰে বিশ্বজিৎ বৰা পৰিচালিত 'বেলকনিত ভগৱান' শীৰ্ষক ছবিখনে ৷ আনহাতে, ২০২১ বৰ্ষত ধনজিৎ দাস পৰিচালিত 'শব্দ নিশব্দ কোলাহল' এ শ্ৰেষ্ঠ চলচ্চিত্র, শ্ৰেষ্ঠ পৰিচালককে ধৰি লাভ কৰে চাৰিটাকৈ বঁটা । বিপৰীতে ২০২০ বৰ্ষত শ্ৰেষ্ঠ চলচ্চিত্র আৰু শ্ৰেষ্ঠ পৰিচালকৰ শিতানত বঁটা লাভ কৰে বিশ্বজিৎ বৰা পৰিচালিত 'বেলকনিত ভগৱান' নামৰ চলচ্চিত্রখনে । অনুষ্ঠানত দুয়োটা বৰ্ষৰ বাবে প্ৰায় ৪০ টা শিতানত ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান কৰা হয় ।

জীৱনজোৰা সাধনা বঁটা

উল্লেখ্য যে, প্ৰবীণ অভিনেতা দীনেশ দাস আৰু জয়ন্ত ভাগৱতীক ক্ৰমে ২০২০ বৰ্ষৰ প্ৰথমেশ বৰুৱা জীৱনজোৰা সাধনা বঁটা আৰু ২০২১ বৰ্ষৰ প্ৰথমেশ বৰুৱা জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় ৷

এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি প্ৰযোজক নুৰুল চুলতানে কয়, ‘‘২০১১ চনত জেতুকা পাতৰ দৰে ছবিখনৰ বাবে ৰজত কমল বঁটা পাইছিলোঁ আৰু এইবাৰ শ্ৰেষ্ঠ ছবি হিচাপে বেলকনিত ভগৱানে ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে । অসমীয়া ছবিক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ আমি চলচ্চিত্ৰ কৰ্মী হিচাপে প্ৰয়াস কৰিম ।’’

আনহাতে, অনুষ্ঠানত উপস্থিত থকা অভিনেত্ৰী আইমী বৰুৱাই কয়, ‘‘খুব ভাল লাগিল ৷ এনে সমূহ বঁটাই আৰু আমাক উৎসাহিত কৰি তোলে ভাল কাম কৰিবলৈ ।’’

লগতে পঢ়ক: মেখেলা-চাদৰৰ প্ৰদৰ্শনেৰে আকৌ অসমক জিলিকালে বিশ্ববাসীৰ ওচৰত