জীৱনটো যদি অভিনয় হয়… মৃত্য়ুতিথিত সুৰশিল্পীলৈ শ্ৰদ্ধাঞ্জলি
আজিৰ দিনটোতেই উভতি নহাৰ বাটেৰে আঁতৰি গৈছিল ৰাণা দা । জীৱনৰ ৩৪ টা বছৰতেই গাইছিল বহু কেইটা কালজয়ী গীত ।

Published : October 15, 2025 at 6:29 PM IST
গুৱাহাটী: আজি দৰদী শিল্পী জয়ন্ত হাজৰিকা (ৰাণা)ৰ মৃত্যু তিথি । ৰাণাদা বিহীনভাৱে অসমীয়াই পাৰ কৰিলে ৪৮ বছৰ ৷ ১৯৭৭ চনৰ ১৫ অক্টোবৰৰ দিনটোতে অসমৰ সাংস্কৃতিক পথাৰ উকা কৰি চিৰদিনৰ বাবে গুচি গৈছিল এইগৰাকী শিল্পী । জীৱনৰ ৩৪ টা বছৰত অসমৰ সংগীত জগতলৈ বহুকেইটা কালজয়ী গীত উপহাৰ হিচাপে দি থৈ গৈছে শিল্পীগৰাকীয়ে ।
১৯৭৭ চনত কলিকতাত 'নতুন আশা' বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে হঠাৎ অসুস্থ হৈ মৃত্যু হয় শিল্পীগৰাকীৰ । আজি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে স্মৰণ কৰা হয় শিল্পী গৰাকীক। মহানগৰীৰ চানমাৰিস্থিত জয়ন্ত হাজৰিকা উদ্যানত সুৰ বাহিনীৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শ্ৰাদ্ধাঞ্জলি অনুষ্ঠানৰ । উক্ত অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় জুবিন গাৰ্গকো । অনুষ্ঠানটোত উপস্থিত থাকে শিল্পীগৰাকীৰ পত্নী মণীষা হাজৰিকা, জে পি দাস, শান্ত উজিৰৰ লগতে সাহিত্য সংস্কৃতিৰ লগত জড়িত বহুতো বিশিষ্ট ব্যক্তি ।
শ্ৰদ্ধাৰ শিল্পী জয়ন্ত হাজৰিকাক সুঁৱৰি পত্নী মণীষা হাজৰিকাই কয়,"আজি জয়ন্ত হাজৰিকাৰ ৪৮ তম মৃত্যু বাৰ্ষিকী । ইয়াৰ মাজতে জুবিন গাৰ্গো গুচি গ'ল । ৩৪ বছৰ বয়সতে জয়ন্ত হাজৰিকা গুচি গ'ল; কিন্তু সেই বয়সতে যিখিনি সৃষ্টি কৰি থৈ গ'ল সেইখিনি আমি আজিও কঢ়িয়াই লৈ ফুৰিছো । জয়ন্ত হাজৰিকাৰ সৃষ্টি পাহৰি যোৱাটো কেতিয়াও সম্ভৱ নহয় । আজি ৪৮ টা বছৰৰ পাছতো তেওঁৰ যিখিনি গীত সেইখিনিৰ সমাদৰ কম হোৱা নাই । এইখিনি দেখি এইটোৱে অনুভৱ হয় যে অনাগত দিনতো চাগে এনেদৰেই জয়ন্ত হাজৰিকাক আমি মনত ৰাখিম । ঠিক তেনেদৰে জুবিন গাৰ্গকো ৰাইজে জীয়াই ৰাখিব ।"

বিশিষ্ট সংগীত শিল্পী জে পি দাসে কয়, "৪৮ বছৰ জয়ন্ত হাজৰিকাক নাই দেখা যদিও তেওঁ সদায় মোৰ অন্তৰত আছে । তেওঁৰ গীতবোৰ, সুৰবোৰ বৰকৈ মনত পৰে ।" লগতে শিল্পী গৰাকীয়ে চৰকাৰক জয়ন্ত হাজৰিকা স্কুল অৱ মিউজিক স্থাপন কৰিবলৈ চৰকাৰক আহ্বান জনায় । তেওঁ জুবিন গাৰ্গৰ নামত এখন ফুটবল একাডেমী স্থাপন কৰিবলৈ আহ্বান জনায় ।
উল্লেখ্য যে, জীৱনৰ ৩৪ টা বছৰত বহু কেইটা কালজয়ী গীত উপহাৰ হিচাপে দি থৈ গৈছে শিল্পী গৰাকীয়ে। তেওঁৰ কণ্ঠত নিগৰা সেই গীতবোৰে আজিও নতুন প্রজন্মক উদ্ভাষিত কৰে । ৬০ৰ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ আছিল । লগতে তেওঁ বজাব পাৰিছিল সকলো বাদ্যযন্ত্ৰ । তেওঁৰ সংগীতত অসমীয়া লোকসংগীতৰ উপৰি হিন্দুস্তানী ধ্রুপদী সংগীত, পশ্চিমীয়া ৰক এণ্ড ৰোল, জেজ আদি সংমিশ্রণ দেখা যায় ।

জয়ন্ত হাজৰিকাই বহুতেই লিখা গীত গাইছে যদিও, সৰহ সংখ্যক গীতে আছিল নিৰ্মলপ্ৰভা বৰদলৈৰে। পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৭৬-৭৭ লৈ হেমন্ত দত্তৰ গীতো তেওঁ গাইছিল । কেবল সাংস্কৃতিকভাৱে নহয়, সামাজিকভাৱেও দায়বদ্ধ আছিল জয়ন্ত হাজৰিকা । প্ৰকৃতিক দুৰ্যোগৰ সময়ত ৰাইজৰ ওচৰত থিয় দিয়া আৰু বৰণ্য শিল্পীসকলৰ বিপদৰ সময়ত সহায় কৰাৰ লক্ষ্যৰে ১৯৭৬ চনত তেওঁৰ প্ৰচেষ্টাত গোলাঘাটত জন্ম হৈছিল সুৰ বাহিনীৰ ।

