হায়দৰাবাদত নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণ
10 আৰু 11 জানুৱাৰীত দুদিনীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণ ৷

By ETV Bharat Entertainment Team
Published : January 7, 2026 at 6:52 PM IST
হায়দৰাবাদ: হায়দৰাবাদত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণ ৷ 10 আৰু 11 জানুৱাৰীত দুদিনীয়াকৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ কেৱল মহোৎসৱ নহয়, ই গল্প, সংস্কৃতি আৰু বিভিন্ন সংযোগৰ এটি মঞ্চ ৷
অসমৰ জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম, NIRI9 ৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ লোৱা এই উৎসৱে গল্পকাৰ আৰু দৰ্শকসকলক একেখন মঞ্চতে একত্ৰিত কৰিব ৷ চিনেমা জগতখনৰ শিল্পকলা, সংগীত আৰু সংস্কৃতিৰ উদযাপন কৰা হ’ব নিৰি৯ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 3.0 ত ৷
নিৰি9 আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 11 খনকৈ অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব ৷ আনহাতে হিন্দী, বাংলা, তেলুগু আৰু আৰবী ভাষাৰ ছবিও প্ৰদৰ্শিত হ’ব ৷ অসমীয়া ভাষাৰ প্ৰদৰ্শন হ’বলগীয়া ফিচাৰ, ডকুমেণ্টৰী, শ্বৰ্ট আৰু শ্বৰ্টাৰ ফিল্ম শাখাৰ ছবি কেইখন হ’ল ক্ৰমে-
- জুইফুল
- দ্য এলিফেণ্ট হেভেন
- গ’ল্ডেন থ্ৰেড
- কুঁহিপাঠ
- অমনিপ্ৰেজেণ্ট
- ধনগুলৈ
- ইলিছ
- পাপা..ফ্ৰম ডাৰ্কনেছ টু দ্য লাইট
- অৱশেষত
- কেৰেক্টাৰ
- বিয়ণ্ড দ্য আনফিনিছ্ড
মহোৎসৱৰ প্ৰথম দিন অৰ্থাৎ 10 জানুৱাৰীৰ কাৰ্যসূচী
নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে তেলেংগানাৰ হায়দৰাবাদস্থিত ৰাজভৱনৰ সংস্কৃতি প্ৰেক্ষাগৃহত ৷ পুৱা 10 বজাত তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱবৰ্মাই এই মহোৎসৱ উদ্বোধন কৰিব ৷ প্ৰথম দিনা 1.30 বজাৰ পৰা চলচ্চিত্ৰ প্ৰদৰ্শন হ’ব প্ৰসাদ ফিল্ম লেব, হায়দৰাবাদত ৷

মহোৎসৱৰ দ্বিতীয় দিন অৰ্থাৎ 11 জানুৱাৰীৰ কাৰ্যসূচী
পুৱা 10 বজাৰ পৰা হায়দৰাবাদৰ প্ৰসাদ ফিল্ম লেবত চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব ৷ বিয়লি 3.30 বজাৰ পৰা 4.30 বজালৈ পেনেল আলোচনা ৰখা হৈছে ৷ বিষয়বস্তু : চলচ্চিত্ৰ নিৰ্মাণ, ক’-প্ৰডাকশ্যন, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিতৰণ ৷ সন্ধিয়া 5 বজাত সামৰণি অনুষ্ঠান ৷
উল্লেখ্য যে, এই মহোৎসৱৰ আঁৰৰ মূল উদ্দেশ্য হৈছে উত্তৰ-পূব আৰু তেলেংগানাৰ সাংস্কৃতিক বান্ধোন সবল হয় ৷ অসম আৰু তেলেংগানা চৰকাৰে দুয়োখন ৰাজ্যৰ সাংস্কৃতিক বান্ধোন শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে ৷ তেলেংগানাৰ ৰাজ্যপাল আৰু তেলেংগানাৰ সাংস্কৃতিক বিভাগৰ সহযোগত আয়োজিত হ’ব এই মহোৎসৱ । অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, কিংবদন্তী সংগীতজ্ঞ লু মাজাও, জনপ্ৰিয় অভিনেত্ৰী সীমা বিশ্বাস, বিশ্বজনীন অভিনেত্ৰী কাৰ্লিটা মৌহিনি, বিখ্যাত ছাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতম সন্মানীয় অতিথি হিচাপে এই মহোৎসৱত উপস্থিত থকাৰ কথা ৷

