ETV Bharat / entertainment

ঐতিহ্যমণ্ডিত কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ ২০২৬ৰ আৰম্ভণি, এক ৩০০ বছৰীয়া পৰম্পৰা

প্ৰাচীন পৰম্পৰা আৰু আধ্যাত্মিকতাৰ মিলনভূমি কলিয়াবৰত ১ মাৰ্চৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক ৩০০ বছৰীয়া হাজাৰী ভাওনা উৎসৱ ২০২৬ ।

300 Year Old Tradition  Kaliabor Hazari Bhaona Festival 2026 begins
হাজাৰী ভাওনা উৎসৱ ২০২৬ৰ আৰম্ভণি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 3, 2026 at 5:35 PM IST

3 Min Read
Choose ETV Bharat

কলিয়াবৰ : ঐতিহ্যমণ্ডিত কলিয়াবৰৰ সংস্কৃতিৰ বৰঘৰ স্বৰূপ ছঅৰা সত্ৰৰ পবিত্ৰ ভূমিত এইবাৰো অত্যন্ত উলহ-মালহেৰে হাজাৰী ভাওনা অনুষ্ঠিত হৈছে । কলিয়াবৰ হাজাৰী ভাওনা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু উত্তৰ কলিয়াবৰ ‘হাজাৰ’ৰ ব্যৱস্থাপনাত যোৱা ১ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱ আৰম্ভ হৈছে ।

এই উৎসৱত ৪খনকৈ খ’লাত মুঠ ৮খন ভাওনা মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰা হৈছে । প্ৰথম নিশা চাৰিখন খ’লাত একেলগে চাৰিখন ভাওনা প্ৰদৰ্শিত হয় । গুৰু দুজনাৰ বন্দনাৰে গায়ন-বায়ন, সূত্ৰধাৰ আৰু ভাৱৰীয়াসকলৰ নিপুণ অভিনয়ে কলিয়াবৰৰ আকাশ-বতাহত যেন সপ্ত বৈকুণ্ঠহে নমাই আনিলে ।

হাজাৰী ভাওনা উৎসৱ ২০২৬ৰ আৰম্ভণি (ETV Bharat Assam)

৩০০ বছৰীয়া এই গৌৰৱোজ্জ্বল পৰম্পৰাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ কলিয়াবৰত এক আধ্যাত্মিক তথা আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে । উত্তৰ কলিয়াবৰ ‘হাজাৰ’ৰ লগতে কলিয়াবৰৰ অন্যান্য সকলো ‘হাজাৰ’ৰ সক্ৰিয় সহযোগিতাত এই বৃহৎ অনুষ্ঠানভাগি সাফল্যমণ্ডিত হৈ উঠিছে । শংকৰী সংস্কৃতিৰ এই অনন্য নিদৰ্শনে কলিয়াবৰৰ সমাজ জীৱনত পুনৰবাৰ একতা আৰু সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে ।

Hazari Bhaona 2026
৩০০ বছৰীয়া পৰম্পৰা হাজাৰী ভাওনা উৎসৱ (Photo : ETV Bharat Assam)
Hazari Bhaona 2026
১ মাৰ্চৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক ৩০০ বছৰীয়া হাজাৰী ভাওনা উৎসৱ ২০২৬ (Photo : ETV Bharat Assam)

উত্তৰ কলিয়াবৰ হাজাৰ মন্দিৰ প্ৰাংগণত অতি আধ্যাত্মিক পৰিৱেশত ২ মাৰ্চত হাজাৰী ভাওনা উৎসৱৰ প্ৰথম নিশাৰ কাৰ্যসূচী সুকলমে সম্পন্ন হয় । প্ৰথম নিশা কলিয়াবৰৰ চাৰিখন বিশেষ খ’লাত কলিয়াবৰৰ ন-পুৰণি কলা-কুশলীৰ দ্বাৰা গুৰু বিৰচিত অংকীয়া নাট 'শ্ৰীৰাম বিজয়', সোণাৰী হাজাৰৰ দ্বাৰা পৰিৱেশিত নাট 'সীতা হৰণ বালী বধ', চতিয়াল হাজাৰৰ দ্বাৰা প্ৰদৰ্শিত নাট 'পদুম কোঁৱৰৰ মুক্তি লাভ', বৰভগীয়া-মিছামুখ হাজাৰৰ দ্বাৰা পৰিৱেশিত নাট 'ত্ৰিপুৰাসুৰ বধ' প্ৰদৰ্শন কৰা হয় ৷

Hazari Bhaona 2026
ছঅৰা সত্ৰৰ পবিত্ৰ ভূমিত হাজাৰী ভাওনা উৎসৱ ২০২৬ৰ আৰম্ভণি (Photo : ETV Bharat Assam)
Hazari Bhaona 2026
চাৰিখন খ’লাত একেলগে চাৰিখন ভাওনা প্ৰদৰ্শিত হয় (Photo : ETV Bharat Assam)

প্ৰথম নিশাৰ এই অনুষ্ঠানসমূহ অতি সুন্দৰকৈ পৰিচালিত হোৱাত হাজাৰী ভাওনা উৎসৱৰ উদ্যোক্তা সমিতিয়ে কলিয়াবৰৰ ধৰ্মপ্ৰাণ ৰাইজ, ভাৱৰীয়া আৰু সকলো কলা-কুশলীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে ।

Hazari Bhaona 2026
সমগ্ৰ কলিয়াবৰত এক আধ্যাত্মিক তথা আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে (Photo : ETV Bharat Assam)
Hazari Bhaona 2026
কলিয়াবৰৰ ঐতিহ্যমণ্ডিত হাজাৰী ভাওনা উৎসৱ ২০২৬ (Photo : ETV Bharat Assam)

কলিয়াবৰৰ ঐতিহ্যমণ্ডিত হাজাৰী ভাওনা উৎসৱ ২০২৬-ৰ দ্বিতীয় দিনটো অত্যন্ত উৎসাহ-উদ্দীপনাৰ মাজেৰে অতিবাহিত হৈছে । উত্তৰ কলিয়াবৰ 'হাজাৰ'ৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা এই ভাওনা মহোৎসৱৰ দ্বিতীয় নিশাৰ সন্দৰ্ভত উদযাপন সমিতিৰ প্ৰধান সম্পাদক মণ্টু বৰুৱাই কয়, "উত্তৰ কলিয়াবৰ হাজাৰৰ ব্যৱস্থাপনাত হাজাৰী ভাওনা উৎসৱৰ আয়োজন কৰা হৈছে । আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত চাৰিখন খ’লাত চাৰিখন ভাওনা সূচাৰুৰূপে পৰিচালিত হৈছে । কলিয়াবৰৰ লগতে বিভিন্ন স্থানৰ লোকৰ এই ঠাইত সমাগম হৈছে । চাৰিখন খ’লাত তিনিখন হাজাৰৰ আৰু এখন কলিয়াবৰৰ বাচকবনীয়া কলা-কুশলীৰ দ্বাৰা ভাওনা পৰিৱেশন কৰা হৈছে । ইয়াত উপস্থিত থকা দৰ্শক ৰাইজেও সকলো ধৰণৰ ব্যৱস্থাপনাত সন্তোষ প্ৰকাশ কৰিছে । তৃতীয় নিশাও এনেধৰণৰেই ৰাইজে সহযোগ কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ ৷"

Hazari Bhaona 2026
১ মাৰ্চৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক ৩০০ বছৰীয়া হাজাৰী ভাওনা উৎসৱ ২০২৬ (Photo : ETV Bharat Assam)
Hazari Bhaona 2026
এক ৩০০ বছৰীয়া পৰম্পৰা (Photo : ETV Bharat Assam)

৩ মাৰ্চ অৰ্থাৎ দ্বিতীয় নিশা কলিয়াবৰৰ বাচকবনীয়া কলা-কুশলী আৰু বিভিন্ন 'হাজাৰ'ৰ দ্বাৰা মঞ্চস্থ কৰা হ’ব চাৰিখন নাট ৷ নাটসমূহ হ’ল হাটবৰ হাজাৰৰ 'দক্ষ যজ্ঞ', উত্তৰ কলিয়াবৰ হাজাৰৰ 'দুৰ্যোধনৰ উৰুভংগ', দক্ষিণ-পশ্চিম কলিয়াবৰ হাজাৰৰ 'জৰাসন্ধ বধ' আৰু পশ্চিম কলিয়াবৰ হাজাৰৰ 'ৰাম নিৰ্যাণ লক্ষ্মণ বৰ্জন' ৷

Hazari Bhaona 2026
হাজাৰী ভাওনা উৎসৱ ২০২৬ৰ আৰম্ভণি (Photo : ETV Bharat Assam)

দুয়োটা দিনতে জনসাধাৰণৰ উপস্থিতি দেখি উদ্যোক্তা সমিতিয়ে ৰাইজ, ভাও-ভাৱৰীয়া আৰু কলা-কুশলীসকলক ধন্যবাদ জ্ঞাপন কৰিছে । একেদৰেই কাইলৈ অৰ্থাৎ তৃতীয় নিশাৰ অন্তিম কাৰ্যসূচীবোৰতো ৰাইজৰ আন্তৰিক সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাই ।

লগতে পঢ়ক : ঐতিহ্যমণ্ডিত কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ ২০২৬: প্ৰস্তুতি এতিয়া তুংগত