ETV Bharat / entertainment

চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ

চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ, প্ৰদৰ্শিত হ'ব ১০খন এছিয়ান দেশৰ চলচ্চিত্ৰ ৷

Four-day program of Guwahati Asian Film Festival
দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ বিষয়ে ঘোষণা আয়োজকৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 5, 2026 at 5:18 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰথম সংস্কৰণৰ সফলতাৰ পিছত ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ (জি এ এফ এফ) । মহোৎসৱত এছিয়ান চিনেমাৰ এক মেটমৰা সম্ভাৰ প্ৰদৰ্শিত হ’ব ।

ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত আয়োজিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এন এফ ডি চি) সহযোগত আয়োজিত এই মহোৎসৱৰ উদ্বোধনী চিনেমা হিচাপে প্ৰদৰ্শিত হ’ব শ্বোকিৰ খোলিকভৰ দ্বাৰা পৰিচালিত বহু সমাদৃত উজবেকিস্তানী চলচ্চিত্ৰ ‘চানডে’ ৷

আনহাতে, আলৰেজা ঘাচেমী আৰু ৰাহা আমিৰফজলীৰ যুটীয়া পৰিচালনাৰে নিৰ্মিত ইৰাণী ছবি ‘ইন দ্য লেণ্ড অফ ব্ৰাডাৰ্ছ’ৰ প্ৰদৰ্শনীৰে এই বৰ্ণিল মহোৎসৱৰ সামৰণি পৰিব । এই কথা সোমবাৰে জ্যোতি চিত্ৰবনত সংবাদমেলযোগে ঘোষণা কৰিছে আয়োজকে ।

সংবাদমেল সম্বোধন কৰি গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালিকা মনিতা বৰগোহাঁইয়ে কয়, "এইবাৰৰ সংস্কৰণৰ মৰ্যাদা দুগুণ বৃদ্ধি কৰিবলৈ উপস্থিত থাকিব কিংবদন্তি ভাৰতীয় চলচ্চিত্ৰ পৰিচালক গিৰীশ কাছাৰাৱল্লী, যিয়ে মহোৎসৱৰ মুখ্য অতিথি হিচাপে আসন অলংকৃত কৰিব । সামৰণি অনুষ্ঠানৰ বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বলীউড আৰু মাৰাঠী চলচ্চিত্ৰ অভিনেত্ৰী সোণালী কুলকাৰ্ণী । এছিয়াৰ বৈচিত্ৰ্যময় চিনেমা সংস্কৃতিক প্ৰদৰ্শনৰ বাবে উৎসৰ্গিত এই মহোৎসৱে আন্তৰ্জাতিক পৰ্যায়ত এছিয়ান চিনেমাৰ গুণমুগ্ধসকলৰ বাবে এক শক্তিশালী সাংস্কৃতিক মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে । এই মহোৎসৱে চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক, গৱেষক আৰু দৰ্শকক একেখন মঞ্চলৈ অনাৰ লগতে চিনেমাৰ মাধ্যমেৰে এক আন্তঃসাংস্কৃতিক সংযোগ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে । ফেব্ৰুৱাৰীত অনুষ্ঠিত মহোৎসৱৰ প্ৰথমটো সংস্কৰণত কেইবাখনো এছিয়ান দেশৰ সক্ৰিয় অংশগ্ৰহণ দেখা পোৱা গৈছিল । চিনেমাৰ অনুৰাগীসকলে বিভিন্ন এছিয়ান চিনেমাৰ সোৱাদ লোৱাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা আৰু সমালোচকসকলৰ সৈতে তথ্যসমৃদ্ধ আলোচনা তথা মত বিনিময়ৰ এক বিৰল সুযোগ লাভ কৰিছিল ।"

তেওঁ লগতে কয়, “প্ৰথম সংস্কৰণত চলচ্চিত্ৰপ্ৰেমীসকলৰ পৰা লাভ কৰা অপৰিসীম মৰম আৰু সঁহাৰিয়ে আমাক দ্বিতীয় সংস্কৰণটো অধিক বিস্তৃত ৰূপত পৰিকল্পনা কৰিবলৈ অনুপ্ৰাণিত কৰিছে । এইবাৰৰ চলচ্চিত্ৰ সমাৰোহত অধিক বিস্তৃত ৰূপত এছীয় চিনেমাৰ চহকী বৈচিত্ৰ্যক উদযাপন কৰাৰ লগতে অঞ্চলটোৰ বাহিৰৰ বহুসংখ্যক চলচ্চিত্ৰ নিৰ্মাতাই অংশগ্ৰহণ কৰিব । আমি ২০০ খনতকৈও অধিক ছবিৰ আবেদন লাভ কৰিছোঁ, যাৰ ভিতৰত ৯০খন ছবি ভাৰতৰ বাহিৰৰ পৰা প্ৰেৰণ কৰা হৈছে ।”

তেওঁ লগতে আৰু জানিবলৈ দিয়ে যে গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ এই দ্বিতীয় সংস্কৰণত ভিয়েটনাম, মংগোলিয়া, উজবেকিস্তান, দক্ষিণ কোৰিয়া, হংকং, জাপান, ম্যানমাৰ, ইৰাণ, কাজাখাস্তান আৰু চীনকে ধৰি ১০খন এছিয়ান দেশৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই নিৰ্বাচনসমূহৰ সমান্তৰালভাৱে মহোৎসৱত সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ চিনেমাও প্ৰদৰ্শন কৰা হ’ব ।"

উল্লেখ্য যে, মাৰাঠী, বজ্জিকা, মালয়ালম, হিন্দী, টুলু, নেপালী আদিৰ লগতে অসমীয়া, কাৰ্বি, বড়ো, মিচিং, মণিপুৰী আৰু বাংলা আদি বিভিন্ন ভাষাৰ ছবিৰ প্ৰদৰ্শনীয়ে দেশৰ লগতে উত্তৰ-পূব ভাৰতৰ অনন্য ভাষিক বৈচিত্ৰ্যক বিশেষভাৱে প্ৰতিফলিত কৰিব । চাৰিদিনীয়া কাৰ্যসূচীত মুঠ ২৬খন ছবি প্ৰদৰ্শন কৰা হ’ব, য’ত আঠখন চলচ্চিত্ৰ ছবি প্ৰতিযোগিতামূলক শাখাত প্ৰদৰ্শিত হ’ব । চিনেমা প্ৰদৰ্শনৰ উপৰিও ভাৰত আৰু এছিয়াৰ অন্যান্য দেশৰ চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক তথা বিশেষজ্ঞসকলৰ নেতৃত্বত মাষ্টাৰক্লাছ, পেনেল আলোচনা আৰু অন্তৰংগ আলোচনাও আয়োজন কৰা হৈছে ।

লগতে পঢ়ক : GAFF ত উত্তৰ-পূব ভাৰত প্ৰতিযোগিতা শাখাত প্ৰতিদ্বন্দ্বিতাত নামিব ছখন ছবি