GAFF ৰ দ্বিতীয় সংস্কৰণত ১০খন এছিয়ান দেশৰ চলচ্চিত্ৰ উপভোগ কৰিব পাৰিব দৰ্শকে
চাৰিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ৷ মহোৎসৱৰ এয়া দ্বিতীয় সংস্কৰণ ৷

By ETV Bharat Entertainment Team
Published : January 23, 2026 at 10:58 AM IST
গুৱাহাটী : জ্যোতি চিত্ৰবনত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ শুভাৰম্ভণি ঘটিছে । গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ এয়া দ্বিতীয় সংস্কৰণ ৷ মহোৎসৱত ভিয়েটনাম, মংগোলিয়া, উজবেকিস্তান, দক্ষিণ কোৰিয়া, হংকং, জাপান, ম্যানমাৰ, ইৰাণ, কাজাখাস্তান আৰু চীনকে ধৰি ১০খন এছিয়ান দেশৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব ।
প্ৰথম সংস্কৰণৰ সফলতাৰ পাছত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হৈছে দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ । ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত আয়োজিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এন এফ ডি চি) সহযোগত আয়োজিত এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় চলচ্চিত্ৰ কিংবদন্তি পৰিচালক গিৰীশ কাছাৰাৱল্লী । লগতে উপস্থিত থাকে বিশিষ্ট পৰিচালক মঞ্জু বৰা, উৎপল বৰপূজাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি ।
এছিয়াৰ লগতে ভাৰতীয় চিনেমাৰ নান্দনিক ৰূপটোক উদযাপন কৰাৰ উদ্দেশ্যে ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই চলচ্চিত্ৰ মহোৎসৱ ৷ মহোৎসৱৰ আৰম্ভণি ছবি হিচাপে প্ৰদৰ্শিত হয় শ্বোকিৰ খোলিকভৰ দ্বাৰা পৰিচালিত উজবেকিস্তানী ছবি ‘চানডে’ । আনহাতে চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই মহোৎসৱত মুঠ ২৬খন নিৰ্বাচিত চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব ।

এই মহোৎসৱ সন্দৰ্ভত এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালিকা মনিতা বৰগোহাঁইয়ে কয়, "গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ এইটো আমাৰ দ্বিতীয় সংস্কৰণ । এই মহোৎসৱত ১০ খন এছিয়ান দেশৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব । এই মহোৎসৱৰ বাবে আমি ২০০ খনতকৈও অধিক ছবিৰ আবেদন লাভ কৰিছিলো, তাৰ ভিতৰত ৯০খন ছবি ভাৰতৰ বাহিৰৰ পৰা আহিছে । ইয়াৰে পৰা ২৬খন নিৰ্বাচিত কৰা হৈছে ।"

আনহাতে মহোৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ ২৩ জানুৱাৰীত খঞ্জন কিশোৰ নাথৰ কাৰ্বি ছবি ‘দ্য লষ্ট পাথ’ (কাংবো আলতি), ববী শৰ্মা বৰুৱাৰ অসমীয়া ছবি ‘মৰ্ণিং ছানশ্বাইন’ (ৰ’দৰ পাখি) আৰু ভিয়েটনামৰ ফাম এনগোক লানৰ ‘কু লি নেভাৰ ক্ৰাইছ’ প্ৰদৰ্শন কৰা হ’ব । ইয়াৰ লগতে প্ৰকাশ ডেকাৰ অসমীয়া ছবি ‘দ্য উডকাটাৰ’ (গছ কটা মানুহ) আৰু ৰাকেশ মইৰাংথেমৰ মণিপুৰী ছবি ‘ফৌইবী’ (দ্য গডেছ অৱ পেডী) দৰ্শকৰ বাবে প্ৰদৰ্শিত হ’ব ।

উল্লেখ্য যে, গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আগন্তুক ২৫ জানুৱাৰীলৈকে চলিবলগীয়া গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ এই দ্বিতীয়টো সংস্কৰণত এছিয়াৰ ১০খন দেশৰ মুঠ ২৬খনকৈ আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব । সুদীৰ্ঘ চাৰিটা দিনত দৰ্শকে একেখন মঞ্চতে এছিয়ান চিনেমাৰ বিচিত্ৰ সোৱাদ ল’ব পাৰিব । ইয়াৰোপৰি এই চলচ্চিত্ৰ মহোৎসৱত অন্তৰ্ভুক্ত কৰা হৈছে এলানি মাষ্টাৰক্লাছ, পেনেল আলোচনা আৰু আকৰ্ষণীয় মত-বিনিময়মূলক অনুষ্ঠানৰ ।
লগতে পঢ়ক : চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ

