ETV Bharat / business

ভেনিজুৱেলাৰ সংকটে সোণ, ৰূপ, তেলৰ মূল্যত বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই: ক'লে বিশেষজ্ঞই

দীৰ্ঘম্যাদী নিষেধাজ্ঞাৰ বাবে যোৱা দশকত বিশ্বব্যাপি ব্যৱস্থাত ভেনিজুৱেলাৰ অৰ্থনৈতিক গুৰুত্ব যথেষ্টখিনি হ্ৰাস পাইছে ।

US ATTACK ON VENEZUELA
বেংকিং আৰু বজাৰ বিশেষজ্ঞ অজয় ​​বাগ্গা আৰু শক্তি নীতি বিশেষজ্ঞ নৰেন্দ্ৰ তনেজা (ANI)
author img

By ANI

Published : January 5, 2026 at 5:57 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভেনিজুৱেলাৰ বৰ্তমানৰ সংকটে বিশ্বৰ সোণ, ৰূপ আৰু খাৰুৱা তেলৰ মূল্যত বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই । শেহতীয়াকৈ আমেৰিকা-ভেনিজুৱেলাৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ৷ কাৰণ দেশখন ইতিমধ্যে কেইবাবছৰ ধৰি নিষেধাজ্ঞাৰ অধীনত আছে আৰু আনুষ্ঠানিক বিশ্ব যোগান শৃংখলত ইয়াৰ ভূমিকা সীমিত ।

বেংকিং আৰু বজাৰ বিশেষজ্ঞ অজয় ​​বাগ্গাই সংবাদ সংস্থা এ এন আইক জনাইছে যে দীৰ্ঘম্যাদী নিষেধাজ্ঞাৰ বাবে যোৱা দশকত বিশ্বব্যাপী ব্যৱস্থাত ভেনিজুৱেলাৰ অৰ্থনৈতিক গুৰুত্ব যথেষ্টখিনি হ্ৰাস পাইছে ।

তেওঁ কয়, ‘‘সঁচাকৈয়ে নিষেধাজ্ঞাৰ ফলত ভেনিজুৱেলাৰ জি ডি পি ২০১২ চনত ৩৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৫ চনত ৮০ বিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস পোৱা দেখা গৈছে ৷ ১১৬ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বিশ্ব অৰ্থনীতিত এই সংখ্যা তেনেই গুৰুত্বহীন । তেলৰ কথা ক’বলৈ গ’লে বিশাল ভাণ্ডাৰ মজুত থকাৰ পিছতো তেলৰ আন্তঃগাঁথনিৰ অৱস্থাৰ অৱনতি ঘটিছে আৰু আৰু চৰকাৰী তেল উৎপাদনকাৰী কোম্পানীটোৰ বাহিৰেও কেৱল চেভ্ৰনেহে কিছুমান তৈলক্ষেত্ৰ চলাই আছে । এনে পৰিস্থিতিত ভেনিজুৱেলাৰ প্ৰতিদিনে মুঠ ৯ লাখ ৫০ হাজাৰ বেৰেল তেল উৎপাদনৰ ক্ষতিও বিশ্বৰ প্ৰতিদিনে ১০.৩ কোটি বেৰেল যোগান শৃংখলত গুৰুত্বপূৰ্ণ নহয় ৷’’

বাগ্গাই কয় যে ভেনিজুৱেলাই বৰ্তমানৰ প্ৰতিদিনে প্ৰায় ৯ লাখ ৫০ হাজাৰ বেৰেল উৎপাদন সম্পূৰ্ণৰূপে হেৰুৱালেও প্ৰতিদিনে প্ৰায় ১০৩ মিলিয়ন বেৰেল উৎপাদন কৰা বিশ্বৰ তেলৰ বজাৰখনত ইয়াৰ প্ৰভাৱ নগণ্য হ’ব ।

বহুমূলীয়া ধাতুৰ সন্দৰ্ভত মন্তব্য কৰি বাগ্গাই কয় যে শেহতীয়াকৈ সোণ-ৰূপৰ মূল্যৰ হ্ৰাস-বৃদ্ধি ভেনিজুৱেলাৰ সৈতে জড়িত কাৰকৰ পৰিৱৰ্তে নিৰাপদ আশ্ৰয়স্থলৰ চাহিদাৰ সৈতেহে অধিক জড়িত । তেওঁ কয় যে আমেৰিকান ডলাৰৰ ক্ষেত্ৰতো একেধৰণৰ চাহিদা দেখা যায়, যিটো ক্ৰমাৎ শক্তিশালী হৈছে ।

তেওঁ কয়, ‘‘মই সঁচাকৈয়ে তেলৰ দামৰ ওপৰত কোনো তাৎক্ষণিক প্ৰভাৱ দেখা নাই । ভেনিজুৱেলাৰ বৃহৎ মজুত থাকিলেও বিশ্বৰ যোগান শৃংখলত ইয়াৰ ভূমিকা তেনেই নগণ্য । তেওঁলোকে প্ৰতিদিনে মাত্ৰ ৯ লাখ বেৰেল তেল উৎপাদন কৰে । ইয়াৰে অধিকাংশই চীনলৈ ৰপ্তানি কৰা হয় । এতিয়া আমেৰিকাৰ লগতে দেশখনৰ কোম্পানীসমূহ এইক্ষেত্ৰত জড়িত হ’বলৈ ধৰিছে । অহা বছৰৰ ভিতৰত ভেনিজুৱেলাই প্ৰতিদিনে ৩০ লাখ বেৰেল তেল উৎপাদন আৰম্ভ কৰাৰ সম্ভাৱনা আছে, যাৰ অৰ্থ হ’ল বিশ্বৰ যোগান ব্যৱস্থালৈ তেলৰ প্ৰবাহ আৰম্ভ হ’ব, যিটো বেয়া খবৰ নহয় ।’’

সামগ্ৰিকভাৱে বিশেষজ্ঞসকলৰ মতে ভেনিজুৱেলাৰ সংকটে অদূৰ ভৱিষ্যতে তেল বা বহুমূলীয়া ধাতুৰ বজাৰত বৃহৎ আঘাত হনাৰ সম্ভাৱনা নাই ।

নতুন বছৰৰ আৰম্ভণিতে আমেৰিকাই কাৰাকাছত চলোৱা এক বৃহৎ সামৰিক অভিযানৰ পিছত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰে । আমেৰিকা আৰু ভেনিজুৱেলাৰ মাজত কেইবামাহো ধৰি উত্তেজনা বৃদ্ধি পোৱাৰ পিছতে এই সামৰিক অভিযান চলাই আমেৰিকাই ৷

শনিবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই যিখিনি অৰ্জন কৰিছে, সেয়া বিশ্বৰ কোনো দেশেই লাভ কৰিব নোৱাৰে । ফ্ল’ৰিডাৰ পাম বিচ্চৰ পৰা এখন সংবাদমেল সম্বোধন কৰি ট্ৰাম্পে কয়, ‘‘যেতিয়ালৈকে আমি নিৰাপদ, সঠিক আৰু বিবেচনাপূৰ্ণ পৰিৱৰ্তন কৰিব নোৱাৰো, তেতিয়ালৈকে আমেৰিকাই দেশখন চলাব ৷’’

লগতে পঢ়ক: ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণক গভীৰ উদ্বেগৰ বিষয় আখ্যা ভাৰতৰ, শান্তিৰ বাবে আলোচনাৰ পোষকতা