ETV Bharat / business

মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰা এগৰাকী মহিলা আচাৰ ব্যৱসায়ীৰ সফলতাৰ কাহিনী

অসমৰ সফল মহিলা হিচাপে মুখ্যমন্ত্ৰীয়ে স্বীকৃতি দিয়া মৰাণৰ স্মিতা ফুকন গগৈৰ সফলতাৰ আঁৰত আছে এক ব্যতিক্ৰমী চিন্তা ।

Unique pickle business of Moran entrepreneur
মৰাণৰ সফল মহিলা উদ্যমী স্মিতা ফুকন গগৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 8:03 AM IST

6 Min Read
Choose ETV Bharat

মৰাণ: আপুনি ভাত বা ৰুটিৰ লগত আচাৰ খাই ভাল পায়নে ? কি আচাৰ আপোনাৰ প্ৰিয় ? প্ৰতিটো পৰিয়ালৰ খোৱা টেবুলত আচাৰৰ বটলটো নহ'লে আধৰুৱা যেনেই লাগে ! সচৰাচৰ আম, জলফাই, বগৰী, জলকীয়া আদি আচাৰ ঘৰতে প্ৰস্তুত কৰি নিজে খোৱাৰ লগতে আলহীকো আপ্যায়ন কৰে অধিকাংশ পৰিয়ালে ।

কিন্তু পাকঘৰতে সীমাবদ্ধ হৈ থকা আচাৰ এতিয়া বাণিজ্যিক হ'ল । তেনে সময়তে অসমীয়াৰ পৰম্পৰাগত খাদ্য সামগ্ৰীক আচাৰ হিচাপে প্ৰস্তুত কৰি উদ্যোগী হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এগৰাকী অসমীয়া মহিলা । হয়, ঘৰতে আচাৰ বনাই স্বাৱলম্বিতাৰ বাট মুকলি কৰিছে ডিব্ৰুগড় জিলাৰ মৰাণৰ আহোম গাঁৱৰ স্মিতা ফুকন গগৈয়ে ।

মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰা এগৰাকী মহিলা আচাৰ ব্যৱসায়ীৰ সফলতাৰ কাহিনী (ETV Bharat)

কলডিল, বেতগাজ, মুগালেটা, বাঁহগাজ আদি ব্যতিক্ৰমী খাদ্য সামগ্ৰীৰে আচাৰ বনাই বহিঃৰাজ্যতো সমাদৃত হৈছে মহিলাগৰাকী । বিগত ৫ বছৰে নিজৰ ঘৰতে আৰম্ভ কৰা আচাৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতকে উপাৰ্জনৰ বাট মুকলি কৰি দিছে স্মিতা ফুকন গগৈয়ে । তেওঁ 'আখল' আচাৰৰ এক অপূৰ্ব সোৱাদ নামেৰে আচাৰ প্ৰস্তুত কৰি ইতিমধ্যে সফল ব্যৱসায়ী হিচাপে পৰিচয় লাভ কৰিছে ।

Unique pickle business of Moran entrepreneur
স্মিতা ফুকন গগৈয়ে বহিঃৰাজ্যতো বিক্ৰী কৰিছে ঘৰতে বনোৱা আচাৰ (ETV Bharat)

বিগত ৫ বছৰে নিজৰ প্ৰচেষ্টাৰে ব্যৱসায় চলাই নিবলৈ সক্ষম হোৱাত অসম চৰকাৰে উদ্যমী মহিলাগৰাকীক সহায় কৰিবলৈও আগবাঢ়ি আহিছে । তেওঁ বৰ্তমান অসম চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বাণিজ্যিক মেলাত আচাৰ বিক্ৰী কৰাৰ সুবিধা লাভ কৰিছে । ৰাজ্যৰ লগতে বহিঃৰাজ্যত হোৱা বাণিজ্যিক মেলাতো চৰকাৰী খৰচত আচাৰ বিক্ৰী কৰাৰ সুবিধা লাভ কৰিছে এইগৰাকী উদ‌্যমী মহিলাই ।

Unique pickle business of Moran entrepreneur
মৰাণৰ সফল মহিলা উদ্যমী স্মিতা ফুকন গগৈ (ETV Bharat)

শেহতীয়াকৈ তেওঁ কলডিল, বেতগাজ, মুগালেটা, বাঁহগাজ আদি আচাৰ মুম্বাইত অনুষ্ঠিত এক বাণিজ্যিক মেলাত বিক্ৰী কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টিংখাং সমষ্টিত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰা ৰাজহুৱা সভাত উদ্যমী মহিলা হিচাপে স্মিতা ফুকন গগৈৰ নাম উল্লেখ কৰি আন মহিলাসকলক উৎসাহিত কৰিছিল । এতিয়া বহু মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে স্মিতা ফুকন গগৈ ।

Unique pickle business of Moran entrepreneur
কলডিল, বেতগাজ, মুগালেটা, বাঁহগাজ আদিৰে আচাৰ প্ৰস্তুত (ETV Bharat)

নতুন চিন্তাৰে আগবাঢ়ি সফলতা অৰ্জন

ঘৰতে আচাৰ প্ৰস্তুত কৰি বহিঃৰাজ্যতো সমাদৃত হোৱা স্মিতা ফুকন গগৈয়ে তেওঁৰ উদ্যোগটোৰ বিষয়ে কয়, "প্ৰায় ৫ বছৰ ধৰি আচাৰৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ । আম, জলফাই আদি আচাৰ সাধাৰণতে মহিলাসকলে ঘৰত বনাই কিন্তু মই কিবা এটা নতুন কৰিবলৈ চেষ্টা কৰিছোঁ । কলডিল, বেতগাজ, মুগালেটাৰ আচাৰ বনাই মানুহে নভবা কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ । যিবিলাক বস্তৰে মানুহে আচাৰ বনাই খোৱা নাই সেই বিলাক আচাৰ প্ৰস্তুত কৰি নতুন কিবা এটা কৰাৰ চেষ্টা কৰিছোঁ । গাহৰি মাংস, মিছা মাছ, মোৱা মাছৰ আচাৰ প্ৰস্তুত কৰিছোঁ । ৰাইজৰ সমাদৰ যথেষ্ট ভাল । ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰা বাণিজ্যিক মেলাত বেতগাজ আৰু কলডিলৰ আচাৰ সৰ্বাধিক বিক্ৰী হয় ।"

Unique pickle business of Moran entrepreneur
মৰাণৰ স্মিতা ফুকন গগৈয়ে ঘৰতে প্ৰস্তুত কৰে বিভিন্ন প্ৰকাৰৰ আচাৰ (ETV Bharat)

অসমত আচাৰৰ বজাৰ

ঘৰতে আচাৰ প্ৰস্তুত কৰি খোৱাটো অসমীয়া সমাজ জীৱনৰ পৰম্পৰা আছিল যদিও এতিয়া আচাৰ বাণিজ্যিক হ'ল । আচাৰৰ এখন ভাল বজাৰ আৰাম্ভ হৈছে অসমত । এই সন্দৰ্ভত উদ্যমী মহিলাগৰাকীয়ে কয়, "মই ৫ বছৰৰ পূৰ্বে আচাৰ প্ৰস্তুত কৰি বিক্ৰীৰ বাবে যি ধৰণে চিন্তা কৰিব লগা হৈছিল সেই পৰিৱেশ এতিয়া নাই । আচাৰৰ বজাৰ যথেষ্ট পৰিৱৰ্তন হৈছে । বৰ্তমান আমি আচাৰ প্ৰস্তুতৰ বাবে মেচিন ব্যৱহাৰ কৰি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কৰোঁ । আমি যিহেতু ব্যতিক্ৰমী খাদ্য সামগ্ৰীৰ আচাৰ প্ৰস্তুত কৰিছোঁ ৰাইজে খাই ভাল পাই আমাৰ আচাৰ আদৰি লৈছে । ওচৰৰ বজাৰ, দোকানসমূহত আচাৰ বিক্ৰী কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বাণিজ্যিক মেলাতো বিক্ৰী কৰোঁ ।"

Unique pickle business of Moran entrepreneur
স্মিতা ফুকন গগৈয়ে বহিঃৰাজ্যতো বিক্ৰী কৰিছে ঘৰতে বনোৱা আচাৰ (ETV Bharat)

মুম্বাইত আচাৰ বিক্ৰী কৰি বুটলিছে প্ৰশংসা

অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ লগতে বহিঃৰাজ্যত হোৱা বাণিজ্যিক মেলাত আচাৰ বিক্ৰী কৰাৰ সুবিধা লাভ কৰা স্মিতা ফুকন গগৈয়ে কয়, "অসম চৰকাৰৰ উদ্যোগত বিভাগৰ যিসমূহ বাণিজ্যিক মেলা হয় তাত অংশগ্ৰহণ কৰি আচাৰ বিক্ৰী কৰোঁ । ৰাজ্যখনৰ বিভিন্ন জিলাত চৰকাৰৰ উদ্যোগত বাণিজ্যিক মেলাত অংশগ্ৰহণ কৰিছোঁ । শেহতীয়াকৈ মুম্বাইত মহাৰাষ্ট্ৰ চৰকাৰে অনুষ্ঠিত কৰা বাণিজ্যিক মেলাত অসমৰ পৰা অংশগ্ৰহণ কৰি আহিছোঁ । তাত কলডিল, বেতগাজ, মুগালেটা, বাঁহগাজ আদিৰ আচাৰ যথেষ্ট বিক্ৰী হ'ল । এই বিলাক তাৰ মানুহে নতুনকৈ দেখিছে সেয়ে নতুন কিবা এটা সোৱাদ ল'বলৈ আমাৰ আচাৰ কিনিছে । প্ৰশংসাও কৰিছে ।"

Unique pickle business of Moran entrepreneur
আচাৰ ব্যৱসায়েৰে সফল উদ্যমী মহিলা স্মিতাক প্ৰশংসা মুখ্যমন্ত্ৰীৰ (ETV Bharat)

মুখ্যমন্ত্ৰীৰ প্ৰশংসাই উৎসাহিত কৰিছে

শেহতীয়াকৈ অসম চৰকাৰে মহিলা উদ্যমিতাৰ বাবে আঁচনিৰ ধন বিতৰণ কৰিছিল । সেই সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভাষণে স্মিতা ফুকন গগৈক অধিক উৎসাহিত কৰিছে । তেওঁ কয়, "চৰকাৰে দিয়া মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰিছোঁ । লগতে চৰকাৰী আঁচনিৰ জৰিয়তে মেচিনসমূহো ক্ৰয় কৰিছোঁ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টিংখাং সমষ্টিত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰা ৰাজহুৱা সভাত উদ্যমী মহিলা হিচাপে মোৰ নাম লোৱাত যথেষ্ট উৎসাহিত হৈছোঁ ।"

Unique pickle business of Moran entrepreneur
বিভিন্ন বাণিজ্যিক মেলাত আচাৰ বিক্ৰী কৰাৰ সুযোগ লাভ কৰিছে স্মিতা ফুকন গগৈয়ে (ETV Bharat)

বহুতৰ বাবে উপাৰ্জনৰ বাট মুকলি হৈছে

উদ্যমী মহিলা স্মিতা ফুকন গগৈয়ে আচাৰ বিক্ৰী কৰি প্ৰতি মাহে ৩০ৰ পৰা ৩৫ হাজাৰ টকা উপাৰ্জন কৰাৰ কথা জানিবলৈ দিয়ে । তেওঁ কয়, " আচাৰ ব্যৱসায় কৰিয়েই পৰিয়ালটো চলাব পৰা হৈছোঁ । মোক এই ব্যৱসায়িকভাৱে আগবাঢ়ি যোৱাত মানুহজনে সহযোগিতা কৰে । তেওঁ কেঁচামালসমূহ গোটাই দিয়ে লগতে বজাৰত আচাৰসমূহ যোগান ধৰাৰ পৰা আন সকলো কামতে সহযোগিতা আগবঢ়ায় । প্ৰয়োজন অনুসৰি ওচৰৰ মহিলাসকলক কামত নিয়োজিত কৰি আহিছোঁ ।"

Unique pickle business of Moran entrepreneur
'আখল' নামেৰে আচাৰৰ ব্যৱসায়েৰে সফল মৰাণৰ স্মিতা ফুকন গগৈ (ETV Bharat)

মুঠতে আচাৰ ব্যৱসায়েৰে আজি কেৱল স্বাৱলম্বী হোৱাই নহয় অসমৰ সফল মহিলাৰ তালিকাতো নাম অন্তৰ্ভুক্ত কৰিছে মৰাণৰ স্মিতা ফুকন গগৈয়ে । যাৰ বাবে মুখ্যমন্ত্ৰীৰ মুখতো তেওঁৰ নাম শুনা গৈছে । স্মিতা ফুকন গগৈৰ এই সফলতাৰ কাহিনীয়ে বহু মহিলাক স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি আহিবলৈও সাহস দিছে ।

লগতে পঢ়ক : বিশ্বৰ আগত জলাবটাক পৰিচয় কৰাই দিয়াৰ অভিনৱ প্ৰয়াস...