শীঘ্ৰে মুকলি হ’ব শ্বেড’ফেক্সৰ আই পি অ’
২০ জানুৱাৰীত মুকলি হ’ব শ্বেড’ফেক্স টেকন’লজিছৰ ১,৯০৭ কোটি টকাৰ আই পি অ’ ।

Published : January 16, 2026 at 9:39 PM IST
হায়দৰাবাদ: ২০ জানুৱাৰীত ফ্লিপকাৰ্ট সমৰ্থিত লজিষ্টিক ষ্টাৰ্টআপ শ্বেড’ফেক্স টেকন’লজিছে আৰম্ভ কৰিব আই পি অ’ । কোম্পানীটোৱে আই পি অ’ৰ মূল্যৰ বেণ্ড ১১৮ টকাৰ পৰা ১২৪ টকা প্ৰতি শ্বেয়াৰত নিৰ্ধাৰণ কৰিছে । ২২ জানুৱাৰীলৈকে আই পি অ’ খোলা থাকিব । অৱশ্য়ে চূড়ান্ত আবণ্টন ২৩ জানুৱাৰীত হ’ব । ৰিফাণ্ডৰ তাৰিখ ২৭ জানুৱাৰী আৰু ২৮ জানুৱাৰীত শ্বেয়াৰসমূহ তালিকাভুক্ত কৰা হ’ব বি এছ ই আৰু এন এছ ইত ।
আই পি অ’ত বিনিয়োগৰ চৰ্তসমূহ :
শ্বেড’ফেক্স আই পি অ’ত বিনিয়োগকাৰীৰ বাবে ন্য়ূনতম লটৰ আকাৰ ১২০টা শ্বেয়াৰ, যাৰ বাবে তেওঁলোকৰ মূল্য হ’ব ১৪,৮৮০ৰ পৰা ১৪,৮৮০ টকা ।
মুঠ শ্বেয়াৰৰ বিতৰণ তলত দিয়া ধৰণৰঃ
- যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (QIBs)ৰ বাবে ৭৫%
- অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে ১৫%
- খুচুৰা বিনিয়োগকাৰীৰ বাবে ১০%
ফ্লিপকাৰ্ট, ন’কিয়া গ্ৰ’থ পাৰ্টনাৰ্ছ, এইট ৰোডছ ইনভেষ্টমেণ্টছ আৰু স্নেপডিলৰ চিইঅ’ৰ দৰে বৃহৎ বিনিয়োগকাৰীয়ে আইপিঅ’ত নিজৰ শ্বেয়াৰ বিক্ৰী কৰিব ।
কোম্পানী প্ৰফাইল আৰু বজাৰৰ অৱস্থান :
শ্বেড'ফেক্স টেকন'লজিছ হৈছে ই-কমাৰ্চ এক্সপ্ৰেছ লজিষ্টিক । এয়া হৈছে মূল্য সংযোজিত ডেলিভাৰী সেৱাৰ এটা আগশাৰীৰ কোম্পানী । শ্বেড'ফেক্স টেকন'লজিছে দেশৰ প্ৰধান ই-কমাৰ্চ আৰু দ্ৰুত কমাৰ্চ প্লেটফৰ্মসমূহৰ সেৱা আগবঢ়ায় । কোম্পানীটোৰ নেটৱৰ্ক ১৪,৭৫৮টা পিনকোডত বিস্তৃত । বিত্তীয় বৰ্ষ ২৬ৰ প্ৰথমাৰ্ধত কোম্পানীটোৱে ১,৮০০ কোটি টকাৰ ৰাজহ ৰেকৰ্ড কৰে । এয়া হৈছে পূৰ্বৰ বছৰৰ তুলনাত ৬৮% বৃদ্ধি ।
পুঁজিৰ ব্যৱহাৰ আৰু ভৱিষ্যত পৰিকল্পনা :
আই পি অ’ৰ পৰা সংগ্ৰহ কৰা ধন নেটৱৰ্ক সম্প্ৰসাৰণ, ব্ৰেণ্ডিং আৰু কৰ্প'ৰেট উদ্দেশ্যত ব্যৱহাৰ কৰা হ’ব ৷ শ্বেড’ফেক্সৰ আই পি অ’ লজিষ্টিক খণ্ডত বিনিয়োগৰ এক বৃহৎ সুযোগ হিচাপে প্ৰমাণিত হ’ব পাৰে বুলি বিশেষজ্ঞসকলে কয় । শ্বেড'ফেক্স এক্সপ্ৰেছ পাৰ্চেল, ৰিভাৰ্ছ লজিষ্টিক আৰু অন-ডিমাণ্ড মবিলিটিৰ দৰে সেৱাৰ বাবে জনাজাত ।

