ETV Bharat / business

ৰেপ' ৰেটৰ কোনো পৰিৱৰ্তন নকৰাৰ সিদ্ধান্ত মুদ্ৰা নীতি সমিতিৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ঘোষণা কৰে যে মুদ্ৰা নীতি সমিতিয়ে সৰ্বসন্মতিক্ৰমে পলিচি ৰেপ' ৰেট পূৰ্বৰ ৫.২৫ শতাংশতে ৰাখিছে ।

RBI Governor Sanjay Malhotra
ৰেপ' ৰেটৰ কোনো পৰিৱৰ্তন নকৰাৰ সিদ্ধান্ত মুদ্ৰা নীতি সমিতিৰ (Screengrab/YT RBI)
author img

By ETV Bharat Assamese Team

Published : April 8, 2026 at 11:08 AM IST

2 Min Read
Choose ETV Bharat

মুম্বাই : মধ্য প্ৰাচ্যৰ সংঘাতে বিশ্বৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে । বিভিন্ন দেশে ইয়াৰ প্ৰভাৱৰ সৈতে যুঁজি আছে । যাৰ বাবে কিছুমান দেশৰ অৰ্থনীতি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । কিন্তু তাৰ মাজতো ভাৰত কিছু ব্যতিক্ৰম হৈছে । এনে পৰিস্থিতিৰ মাজতো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিয়ে ৰেপ' ৰেটৰ কোনো পৰিৱৰ্তন কৰা নাই । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিয়ে সৰ্বসন্মতিক্ৰমে পলিচি ৰেপ' ৰেট পূৰ্বৰ ৫.২৫ শতাংশতে ৰাখিছে । ইয়াৰ দ্বাৰা ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ মাজতো নিৰপেক্ষ স্থিতি বজাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বুধবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ঘোষণা কৰে ।

গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে বিশ্ব অৰ্থনীতি অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । ৬ তাৰিখৰ পৰা হোৱা বৈঠকত মুদ্ৰানীতি সমিতিৰ বৈঠকত পলিচি ৰেপ' ৰেটৰ ওপৰত আলোচনা কৰা হয় আৰু অৱশেষত সিদ্ধান্ত লোৱা হয় ।

তেওঁ লগতে কয়, "বিৱৰ্তনশীল অৰ্থনীতি, বিত্তীয় উন্নয়ন আৰু দৃষ্টিভংগীৰ বিশদ মূল্যায়নৰ পিছত মুদ্ৰা নীতি সমিতিয়ে সৰ্বসন্মতিক্ৰমে লিকুইডিটি সুবিধাৰ অধীনত পলিচি ৰেপ' ৰেট ৫.২৫ শতাংশতে অপৰিৱৰ্তিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । ফলস্বৰূপে এছটিএফৰ হাৰ ৫ শতাংশ আৰু এমএছএফৰ হাৰ আৰু বেংকৰ হাৰ ৫.৫ শতাংশতে আছে । এমপিচিয়েও নিৰপেক্ষ ষ্ট্ৰেণ্ডসমূহৰ সৈতে অব্যাহত ৰখাৰ সিদ্ধান্ত লয় ।"

উল্লেখ্য যে যোৱা বছৰ ৫ ডিচেম্বৰত অন্তিমবাৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিয়ে ৰেপ' ৰেট ২৫ বেছিছ পইণ্ট হ্ৰাস কৰি ৫.২৫ শতাংশলৈ নিৰপেক্ষ মুদ্ৰানীতিৰ স্থিতি বজাই ৰাখিছিল ।

লগতে পঢ়ক :

১০ এপ্ৰিলৰ পৰা নচলিব নগদ লেনদেন : ইউপিআইৰ জৰিয়তে ধন পৰিশোধ ১.২৫ শতাংশ হ’ব ব্যয়বহুল