পশ্চিম এছিয়াৰ সংকটৰ মাজতো ৫.২৫ শতাংশত ৰেপ' ৰেট অপৰিৱৰ্তিত ৰাখিলে ৰিজাৰ্ভ বেংকে
আৰবিআইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে এমপিচিয়ে সৰ্বসন্মতিক্ৰমে নিৰপেক্ষ স্থিতিৰে ৰেপ' ৰেটৰ হাৰ বৰ্তমানৰ স্থিতিত অপৰিৱৰ্তিত ৰখাৰ সপক্ষে সিদ্ধান্ত লয় ।

Published : June 5, 2026 at 2:38 PM IST
মুম্বাই: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি কমিটীয়ে (Monetary Policy Committee, MPC) একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰেপ' ৰেট ৫.২৫ শতাংশ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
পশ্চিম এছিয়াত তিনি মাহ ধৰি চলি থকা সংঘাতৰ ফলত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ লগতে ভাৰতৰ দৰে আমদানি নিৰ্ভৰশীল দেশসমূহৰ বাবে বিত্তীয় আৰু মুদ্ৰাস্ফীতিৰ চাপৰ সৃষ্টি হোৱাৰ সময়তে এই নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় দ্বি-মাহেকীয়া মুদ্ৰানীতিৰ কথা ঘোষণা কৰি আৰবিআইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে এমপিচিয়ে সৰ্বসন্মতিক্ৰমে নিৰপেক্ষ স্থিতিৰে ৰেপ' ৰেটৰ ক্ষেত্ৰত যথাৰ্থ অৱস্থাৰ সপক্ষে সিদ্ধান্ত লয় ।
গৱৰ্ণৰে কয়, "পৰিৱৰ্তিত মেক্ৰ'ইকনমিক আৰু বিত্তীয় ঘটনাক্ৰম আৰু দৃষ্টিভংগীৰ বিশদ মূল্যায়নৰ পিছত এমপিচিয়ে সৰ্বসন্মতিক্ৰমে নীতিগত ৰেপ’ ৰেট ৫.২৫ শতাংশত অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
উল্লেখ্য যে ছয়জনীয়া সদস্যৰ মুদ্ৰা নীতি সমিতিয়ে বুধবাৰৰ পৰা (৩ জুন) তিনিদিনীয়া আলোচনা আৰম্ভ কৰে । গ্ৰাহক মূল্য সূচকাংকত (চিপিআই) ভিত্তি কৰা খুচুৰা মুদ্ৰাস্ফীতি এপ্ৰিল মাহত ৩.৪৮ শতাংশত উপনীত হৈ আৰবিআইৰ মধ্যকালীন লক্ষ্য ৪ শতাংশৰ ওচৰ চাপি অহাৰ সময়তো এই সুতৰ হাৰত কোনো ধৰণৰ পৰিৱৰ্তন কৰা হোৱা নাই ।
তদুপৰি অনাগত মাহত বাৰিষাৰ কম সম্ভাৱনা আৰু ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে মুদ্ৰাস্ফীতি আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । গৱৰ্ণৰে আলোকপাত কৰে, "অভূতপূৰ্ব প্ৰত্যাহ্বানৰ মাজত বিশ্ব অৰ্থনীতি ক'লীয়া ডাৱৰে আৱৰিয়েই আছে ।"
আৰবিআইৰ গৱৰ্ণৰ মালহোত্ৰাই দৃঢ়তাৰে কয়, "বৈশ্বিক অস্থিৰতাৰ এই পৰ্যায়ত ভাৰতীয় অৰ্থনীতিয়ে পূৰ্বৰ অনুৰূপ পৰিস্থিতিৰ তুলনাত বহু উন্নত মৌলিক দিশৰ সৈতে প্ৰৱেশ কৰি আছে । আমাৰ সম্পূৰ্ণ বিশ্বাস যে আমি ন্যূনতম লোকচানৰ সৈতে এই জোকাৰণিৰ মুখামুখি হৈ আছোঁ ।"
কেন্দ্ৰীয় বেংকটোৱে ২০২৭ বিত্তীয় বৰ্ষৰ বাবে চিপিআই মুদ্ৰাস্ফীতিৰ প্ৰক্ষেপণ ৫.১ শতাংশলৈ বৃদ্ধি কৰিছে, যিটো পূৰ্বৰ অনুমান ৪.৬ শতাংশতকৈ অধিক ।
আনহাতে, আৰবিআয়ে চলিত বিত্তীয় বৰ্ষৰ জিডিপি বৃদ্ধিৰ প্ৰক্ষেপণ সংশোধন কৰি ৬.৯%ৰ পৰা ৬.৬%লৈ হ্ৰাস কৰিছে । গৱৰ্ণৰে উল্লেখ কৰে যে শক্তিৰ মূল্যবৃদ্ধি আৰু যোগানৰ ব্যাঘাতৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে, এই ব্যয়ৰ চাপৰ প্ৰভাৱ ইতিমধ্যে স্পষ্ট হৈ পৰিছে ।
ইয়াৰ উপৰি চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা টকাৰ মূল্য অবিৰতভাৱে হ্ৰাস পাই আহিছে । ২০২৬ চনৰ ২০ মে’ত মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্যই ৯৬.৮৬ টকাৰ অভিলেখ সৃষ্টি কৰিছিল ।

