ৰাখীবন্ধনক কেন্দ্ৰ কৰি সমগ্ৰ দেশত ৩০,০০০ কোটিৰ ব্যৱসায়ৰ আশা
এইবাৰৰ বজাৰত চীনা ৰাখীৰ সলনি ‘মোদী গেৰাণ্টি’ আৰু ‘বিকশিত ভাৰত’ শীৰ্ষক বিষয়বস্তুৰে তৈয়াৰ কৰা ৰাখীৰ পয়োভৰ ঘটিছে ৷

Published : August 25, 2026 at 10:37 PM IST
নতুন দিল্লী: ভাতৃ-ভগ্নীৰ চেনেহৰ উৎসৱ ৰাখীবন্ধন সমাগত ৷ বৃহস্পতিবাৰে পবিত্ৰ পূৰ্ণিমা তিথিত সমগ্ৰ দেশে ৰাখীবন্ধন পালন কৰিব ৷ দেশৰ বজাৰত তাৰেই উখল-মাখল ৷
চলিত বছৰত ৰাখী বিক্ৰীৰ জৰিয়তে খুচুৰা ব্যৱসায়ীসকলে ৩০,০০০ কোটি টকাৰ ধনৰ লেনদেন কৰাৰ সম্ভাৱনা আছে ৷ এই সম্ভাৱনা শীৰ্ষ বাণিজ্য সংস্থা কনফেডাৰেশ্বন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে(CAIT) প্ৰকাশ কৰিছে ৷ ৰাখীবন্ধনৰ বাবে মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত বজাৰসমূহলৈ অভূতপূৰ্বভাৱে ৰাখী বিচাৰি অহা গ্ৰাহকৰ আগমন ঘটিছে ৷

ৰাখীবন্ধনৰ এই পবিত্ৰ ক্ষণৰ পূৰ্বে CAIT ৰ ৰাষ্ট্ৰীয় সচিব প্ৰধান তথা চান্দনী চ’কৰ সাংসদ প্ৰবীণ খাণ্ডেলৱালে কয় যে ৰাখীৰ বজাৰখনৰ মুঠ বাণিজ্যৰ প্ৰায় ২৫,০০০ কোটি টকা কেৱল ৰাখী বিক্ৰেতাসকলে লাভ কৰিব বুলি অনুমান কৰা হৈছে । দেশৰ ৰাজধানী চহৰ নতুন দিল্লী এই ব্যৱসায়ৰ বাবে এক প্ৰধান কেন্দ্ৰ ৷
কেৱল দিল্লী চহৰখনতে প্ৰায় ৪,০০০ কোটি টকাৰ ৰাখী বিক্ৰী হোৱাৰ আশা কৰা হৈছে । দিল্লীৰ আগশাৰীৰ বজাৰবোৰ, যেনে - চান্দনী চ’ক, সদৰ বজাৰ, কেৰলবাগ, লাজপত নগৰ, কমলা নগৰ আদিত গ্ৰাহকৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে ৷
এইবাৰৰ ৰাখীবন্ধনৰ বজাৰখনত চীনত নিৰ্মিত ৰাখী পাবলৈ নাই ৷ তাৰ সলনি ‘মেড ইন ইণ্ডিয়া’ বা স্থানীয়ভাৱে তৈয়াৰী ৰাখীয়েহে বজাৰ দখল কৰা দেখা গৈছে ৷ পৰম্পৰাগত সূতাৰ সমান্তৰালকৈ দেশৰ অগ্ৰগতি আৰু চৰকাৰী আঁচনিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা থিমযুক্ত ৰাখীবোৰে গ্ৰাহকক যথেষ্ট আকৰ্ষণ কৰা দেখা গৈছে ৷
তাৰ ভিতৰত 'বিকশিত ভাৰত ৰাখী', 'মোদী গেৰাণ্টি ৰাখী', 'ব্ৰহ্মচ ৰাখী', 'নাৰী বন্দন ৰাখী', 'লাখপতি দিদি ৰাখী' আদি অন্যতম । শিশু আৰু যুৱক-যুৱতীসকলে ব্ৰহ্মচ ৰাখী ক্ৰয়ৰ বিপৰীতে মহিলাসকলে মহিলা সবলীকৰণৰ প্ৰতীক হিচাপে বজাৰত উপলব্ধ ৰাখী ক্ৰয় কৰিছে ।
ৰাখীবন্ধন এতিয়া মাথোঁ ভাই-ভনীৰ পবিত্ৰ বন্ধনৰ উৎসৱতে সীমাবদ্ধ নাই ৷ বৰং ই দেশৰ আত্মনিৰ্ভৰশীলতা আৰু স্থানীয় নিয়োগ বৃদ্ধিৰ এক উল্লেখযোগ্য মাধ্যমত পৰিণত হৈছে । থলুৱাভাৱে তৈয়াৰী ৰাখীৰ বৃহৎ চাহিদাই ক্ষুদ্ৰ শিপিনী, কুটীৰ উদ্যোগৰ লগতে বিশেষকৈ মহিলা আত্মসহায়ক গোট(SHG)ক প্ৰত্যক্ষ অৰ্থনৈতিক সুবিধা প্ৰদান কৰিছে ।
তদুপৰি ব্যৱসায়ৰ সমান্তৰালকৈ কাপোৰ, মিঠাই, শুকান ফল, ইলেক্ট্ৰনিকছ সা-সামগ্ৰী, পূজাৰ প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱসায়তো যথেষ্ট উত্থান ঘটিছে ৷ এই সকলোবোৰে উৎসৱৰ বতৰত দেশৰ অৰ্থনীতিক টনকিয়াল কৰাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক: ১১ ছেপ্টেম্বৰত দেশজুৰি ধৰ্মঘট: একেৰাহে ৪ দিন বন্ধ থাকিব বেংক !

