২০২৬-২৭ৰ কেন্দ্ৰীয় বাজেটৰ পূৰ্বে অৰ্থনীতিবিদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থনীতিবিদসকলক সাক্ষাৎ কৰি অৰ্থনৈতিক পৰিস্থিতি, বিশ্বৰ প্ৰত্যাহ্বান আৰু বৃদ্ধি আৰু কৰ্মসংস্থাপন বৃদ্ধিৰ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিব ।

Published : December 30, 2025 at 2:38 PM IST
নতুন দিল্লী : কেন্দ্ৰীয় বাজেট ২০২৬-২৭ ৰ পূৰ্বে মঙলবাৰে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগশাৰীৰ অৰ্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব । এই বৈঠকৰ উদ্দেশ্য হৈছে আগন্তুক বাজেটৰ আগত দেশৰ অৰ্থনৈতিক অৱস্থা, প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ ওপৰত বিশেষজ্ঞৰ মতামত সংগ্ৰহ কৰা, যাতে নীতিগত সিদ্ধান্তসমূহ শক্তিশালী কৰিব পৰা যায় ।
বাজেটৰ পূৰ্বে বিস্তৃত পৰামৰ্শ প্ৰক্ৰিয়া
এই বৈঠক চৰকাৰৰ পৰম্পৰাগত আৰু চলি থকা আলোচনা প্ৰক্ৰিয়াৰ অংশ, যিটো বাজেটৰ আগতে প্ৰতি বছৰে কৰা হয় । বিষয়াসকলৰ মতে, নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰী, নীতি আয়োগৰ CEO বি ভি আৰ সুব্ৰমণিয়মকে ধৰি আয়োগৰ অন্যান্য সদস্যসকলেও এই বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰীৰ সৈতে হ’ব লগা এই বৈঠকে অৰ্থনীতিৰ বৰ্তমানৰ অৱস্থাৰ মূল্যায়ন আৰু ভৱিষ্যতৰ কৌশল নিৰ্ধাৰণৰ এক মঞ্চ হিচাপে কাম কৰিব ৷
- অৰ্থনৈতিক পৰিস্থিতি আৰু বিশ্ব প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনা
এই বৈঠকত ঘৰুৱা অৰ্থনৈতিক পৰিস্থিতিৰ লগতে বিশ্বব্যাপি কাৰকসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি আশা কৰা হৈছে । ভূ-ৰাজনৈতিক অনিশ্চয়তা আৰু আমেৰিকাৰ শুল্কৰ দৰে বিষয়সমূহে ভাৰতীয় অৰ্থনীতিত কি প্ৰভাৱ পেলাব পাৰে তাৰ ওপৰত বিশেষজ্ঞসকলে নিজৰ মতামত আগবঢ়াব । বৃদ্ধিৰ প্ৰসাৰ আৰু অৰ্থনৈতিক স্থিতিশীলতা বজাই ৰখা সুষম বাজেট দাখিল কৰিবলৈ সাজু হৈছে চৰকাৰ ।
- বিত্তমন্ত্ৰীৰ পৰিকল্পনা
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে তেওঁ অৰ্থনীতিবিদ, ট্ৰেড ইউনিয়ন, শ্ৰমিক সংগঠনৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হৈছে । বাজেটৰ ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে এই বৈঠকসমূহ অনুষ্ঠিত কৰা হৈছে । যোৱা কিছুদিনত বেংকিং, হস্পিটেলিটি, আই টি, ষ্টাৰ্টআপ আদি খণ্ডৰ প্ৰতিনিধিৰ সৈতেও আলোচনা কৰা হৈছে ।
- কৃষি, এম এছ এম ই আৰু নিয়োগৰ ওপৰত গুৰুত্ব
চৰকাৰে কৃষি, এম এছ এম ই আৰু উৎপাদনখণ্ডৰ বৃদ্ধি ত্বৰান্বিত কৰা আৰু নিয়োগ আৰু আয়ৰ সুযোগ বৃদ্ধি কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে । সৰ্বাংগীন বৃদ্ধি সুনিশ্চিত কৰিবলৈ এই ক্ষেত্ৰসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰা হৈছে ।
- CII ৰ চাৰি বিন্দুৰ বিত্তীয় ৰোডমেপ
ইফালে উদ্যোগ সংস্থা চি আই আয়ে ২০২৬-২৭ চনৰ বাজেটৰ পূৰ্বে চাৰিটা পইণ্টৰ বিত্তীয় কৌশলৰ পৰামৰ্শ দিছে । ইয়াৰ ভিতৰত ঋণৰ বহনক্ষমতা, বিত্তীয় স্বচ্ছতা, ৰাজহ সংগ্ৰহ আৰু ব্যয়ৰ দক্ষতা আদি অন্তৰ্ভুক্ত ।
চি আই আইৰ মতে, বিত্তীয় বৰ্ষ ৩১ৰ ভিতৰত জি ডি পিৰ ৫০ শতাংশ (±১ শতাংশ) ঋণৰ লক্ষ্য মানি চলাটো অতি প্ৰয়োজনীয় । বিত্তীয় বৰ্ষ ২৭ত কেন্দ্ৰীয় ঋণ প্ৰায় ৫৪.৫ শতাংশ আৰু বিত্তীয় ঘাটি ৪.২ শতাংশলৈ সীমিত কৰিলে অৰ্থনৈতিক বিশ্বাসযোগ্যতা বজাই ৰাখিব আৰু বৃদ্ধিত সহায়ক হ’ব ।

