দেশৰ কল্যাণ বিচাৰোঁ, কিন্তু আমাৰ অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে: প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতিক্ৰিয়া স্বৰ্ণশিল্পীৰ
"আমি কেনেকে চলিম... অকল ময়েতো এই বিজিনেছ কৰা নাই, পিছফালে ৮টা মানুহ আছে... তেখেতৰ টাইমত ষোলঅনা, বেলেগৰ টাইমত বাৰঅনা..." এয়া স্বৰ্ণশিল্পীৰ মনৰ কথা ।

Published : May 11, 2026 at 8:39 PM IST
গুৱাহাটী: "নালাগে বুলি কৈছে, আমি কেনেকৈ চলিম ? আমাৰ কাম-কাজ নাই এতিয়া । আমাৰতো উপায়ে নাই । আমিতো বেলেগ কাম নাজানো, আমি এইটো কামেই কৰি খাবলগা হৈছে । ৩২ বছৰমান হৈছে আমাৰ এইটো লাইনত ।" এয়া ৰাজ্যৰ এগৰাকী স্বৰ্ণশিল্পীৰ মনৰ কথা ।
"এটা অলটাৰনেট ৰাস্তাও কৰিব লাগিব । অকল ময়েতো এই বিজিনেছটো কৰা নাই । মোৰ পিছফালে ৮টা মানুহ আছে । সিহঁতৰ পেট চলিব লাগিব । এতিয়া এক বছৰ যদি কাষ্টমাৰ নাহে, এতিয়া ফেষ্টিভ ছিজন চলি আছে, এমাহ পিছৰ পৰা ষ্টাৰ্ট হ'ব । যোৱা ছমাহ আমাৰ বেয়া অৱস্থাত গৈছে । এতিয়া যদি কাষ্টমাৰ অহা বন্ধ হৈ যায় আমি চলিম কেনেকৈ । এইটো এটা বহুত ডাঙৰ প্ৰশ্ন আহিছে ।" আন এগৰাকী স্বৰ্ণশিল্পীৰ হতাশাভৰা মন্তব্য ।
"তেওঁলোকে তেলখিনি কমাব নালাগে নেকি, পেট্ৰ'ল-ডিজেলখিনি তেওঁলোকে কমাব নালাগে ? তেওঁলোকে খোজকাঢ়ি আহক, এখন গাড়ী লৈ আহক । এস্ক'ৰ্ট কমাই দিয়ক, দুজন লৈ আহিলেই হ'ল । তেখেতৰ টাইমত ষোলঅনা, বেলেগৰ টাইমত বাৰঅনা... আজি যেনেকৈ সোণ বনাব বন্ধ কৰিব দিছে, সোণ কিনা-বেচা কৰা বন্ধ কৰিব দিছে, কি কাৰণে দিছে... ভাৰতবৰ্ষত যদি আৰ্থিক অৱস্থা বেয়া হৈছে মঠ, মন্দিৰ, মছজিদত আজি কিমান সোণ জমা হৈ আছে, কিমান কোটি কোটি মিলিয়ন সোণ আছে, সেই সোণখিনি ভাৰত চৰকাৰে হাতত লওক ।" ক্ষোভ উজাৰি এগৰাকী স্বৰ্ণশিল্পীয়ে কয় ।
প্ৰধানমন্ত্ৰীৰ আহ্বান আৰু সোণৰ বজাৰত প্ৰভাৱ
ওপৰৰ তিনিগৰাকী স্বৰ্ণশিল্পীৰ মন্তব্য আমি এক বিশেষ পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত আগবঢ়াইছোঁ । দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশেষ আহ্বানে এতিয়া সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ৰাজনৈতিক ক্ষেত্ৰৰ পৰিধি ভেদ কৰি ব্যৱসায়িক ক্ষেত্ৰত ইয়াৰ চৰ্চাৰ গুঞ্জন উঠিছে, বিশেষকৈ সোণৰ বজাৰত ।
দেওবাৰে হায়দৰাবাদত এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ আহ্বান জনাইছিল যে পশ্চিম এছিয়াৰ সংঘাতৰ বাবে বিশ্বত যি অস্থিৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু ইয়াৰ প্ৰভাৱ অৰ্থনীতিত পৰাৰ বাবে দেশৰ জনতাই এবছৰৰ বাবে সোণ ক্ৰয় কৰাটো বন্ধ কৰক । এবছৰৰ বাবে কোনো বিবাহ বা অন্য অনুষ্ঠানৰ বাবে সোণ ক্ৰয় কৰাটো বন্ধ কৰিবলৈ আৰু স্বৰ্ণশিল্পীসকলক সোণৰ অলংকাৰ বনোৱা বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছিল । ইয়াৰ পিছতে দেশজুৰি সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ ।
আনহাতে, প্ৰধানমন্ত্ৰীৰ আহ্বানে সোণৰ বজাৰ আৰু ইয়াৰ সৈতে জড়িত স্বৰ্ণশিল্পী তথা ব্যৱসায়ী ওপৰত কেনে প্ৰভাৱ পেলাব সেই বিষয়ে জানিবলৈ আমাৰ প্ৰতিনিধিয়ে গুৱাহাটীৰ কেইগৰাকীমান স্বৰ্ণশিল্পী তথা ব্যৱসায়ী আৰু স্বৰ্ণশিল্পী সমিতিৰ বিষয়ববীয়াৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিছিল । কিন্তু স্বৰ্ণশিল্পীসকলে এইক্ষেত্ৰত তীব্ৰ হতাশা আৰু বিষোদগাৰ প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰীৰ আহ্বানে তেওঁলোকৰ জীৱন-জীৱিকাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে ।
নিখিল অসম স্বৰ্ণ শিল্পী সমিতিৰ প্ৰতিক্ৰিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশবাসীক এবছৰৰ বাবে সোণ ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ পিছতেই চিন্তিত হৈ পৰিছে স্বৰ্ণশিল্পীসকল । সোণৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে বিগত এবছৰ ধৰি সোণৰ ব্যৱসায়ীসকলৰ ওপৰত প্ৰভাৱ পেলোৱাৰ পিছতেই প্ৰধানমন্ত্ৰীৰ এই আহ্বানে স্বৰ্ণশিল্পীসকলক মাধমাৰ শোধাব বুলি তেওঁলোকে প্ৰকাশ কৰে । আনহাতে, সোণৰ ব্যৱসায় কৰ্প'ৰেট গোষ্ঠীক গটাবলৈ এই চক্ৰান্ত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্বৰ্ণশিল্পীসকলে ।
আমাৰ জীয়াই থকাৰ অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে
এই সন্দৰ্ভত নিখিল অসম স্বৰ্ণশিল্পী সমিতিৰ মুখ্য উপদেষ্টা প্ৰশান্ত কুমাৰ ৰয়ে কয়, "কালি দেশৰ প্ৰধানমন্ত্ৰীয়ে সোণ ক্ৰয় নকৰিবলৈ দেশবাসীক যি আহ্বান জনালে তাত আমি দুখ পালোঁ । স্বৰ্ণশিল্পী হিচাপে আমি দেশৰ উন্নতি, দেশৰ কল্যাণ বিচাৰোঁ । কিন্তু আমাৰ জীয়াই থকাৰ অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে । বৈদেশিক মুদ্ৰাৰ পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনাইছে সোণ ক্ৰয় কৰিব নালাগে । এই আহ্বান দুৰ্ভাগ্যজনক । ভাৰতীয় সভ্যতা-সংস্কৃতিৰ ওপৰত মোক্ষম আঘাত। সোণ ভাৰতৰ ঐতিহ্য-সংস্কৃতিৰ লগত জড়িত । বক্তব্য দাঙি ধৰাৰ আগতে তেওঁ এই কথা চালিজাৰি চাব লাগিছিল ।"
স্বৰ্ণশিল্পীসকলৰ ভৱিষ্যতৰ কথা নাই প্ৰধানমন্ত্ৰীৰ মুখত
ইফালে প্ৰধানমন্ত্ৰীয়ে এই ঘোষণা কৰাৰ সময়ত এবাৰো স্বৰ্ণশিল্পীসকলৰ ভৱিষ্যতৰ কথা চিন্তা নকৰা বুলি দুখ প্ৰকাশ কৰে প্ৰশান্ত কুমাৰ ৰয়ে । তেওঁ কয়, "ভাৰতৰ স্বৰ্ণশিল্পৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ১০ কোটি মানুহ জড়িত হৈ আছে । ক্ৰয়-বিক্ৰয় বন্ধ হ'লে এই ব্যৱসায় বন্ধ হ'ব । স্বৰ্ণশিল্পীসকল কিদৰে জীয়াই থাকিব, পৰিয়ালৰ দায়িত্ব কোনে ল'ব । স্বৰ্ণশিল্পীসকলৰ ভৱিষ্যতক লৈ একো কোৱা নাই প্ৰধানমন্ত্ৰীয়ে ।"
সোণৰ ওপৰত নিয়ন্ত্ৰণৰ বাবেই গঠন হৈছিল স্বৰ্ণশিল্পী সমিতি
আনহাতে, ইয়াৰ পূৰ্বেও চৰকাৰে সোণৰ ওপৰত নিষোধাজ্ঞা আৰোপ কৰা প্ৰসংগ টানি আনি তেওঁ কয়, "১৯৬৩ চনত ভাৰত চৰকাৰৰ এনে আইনী ব্যৱস্থাৰ বাবেই নিখিল ভাৰতীয় স্বৰ্ণশিল্পী সমাজ গঠিত হৈছিল । সেই সময়ত সোণৰ ওপৰত নিয়ন্ত্ৰণ অনা হয় । পৰৱৰ্তী সময়ত ১৯৯০ চনত সেই নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰা হ'ল । আকৌ সোণৰ ব্যৱসায়ী তথা এই খণ্ডটোৰ লগত জড়িত মানুহক একে দিশেৰে নিবলৈ নিৰ্দেশ কৰিছে । আজি ক্ৰয়-বিক্ৰয় বন্ধ কৰিবলৈ কৈছে । কাইলৈ নিয়ন্ত্ৰণ আনিব কোনে সোণ বিক্ৰী কৰিব পাৰিব, কিমান সোণ মজুত ৰাখিব পাৰিব ।"
কৰ্প'ৰেট গোষ্ঠীক সোণৰ ব্যৱসায় গতাই দিবলৈ উঠি-পৰি লাগিছে
দেওবাৰে প্ৰধানমন্ত্ৰীয়ে সোণ ক্ৰয়-বিক্ৰয় বন্ধ ৰাখিবলৈ আহ্বান জনোৱাৰ পিছতে সৰ্বত্ৰে এটা কথাই চৰ্চা চলি আছে যে ইয়াৰ প্ৰভাৱ বজাৰত কেনেদৰে পৰিব । কাৰণ এফালে ৰাষ্ট্ৰীয় স্বাৰ্থত প্ৰধানমন্ত্ৰীৰ আহ্বান, আনফালে ব্যৱসায়িক দিশ । তদুপৰি বিবাহ আদি অনুষ্ঠানত সোণৰ প্ৰয়োজনীয়তা । তেনেক্ষেত্ৰত এতিয়া সকলোৰে দৃষ্টি সোণৰ বজাৰৰ ওপৰত ।
এই সন্দৰ্ভত নিখিল অসম স্বৰ্ণশিল্পী সমিতিৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰভাৱ বজাৰত আজিৰ পৰা পৰিছে । দিনৰ ১ বজালৈ এজনো গ্ৰাহক অহা নাই । আদানি, ছলমান খানে সোণৰ ব্যৱসায় আৰম্ভ কৰিব বুলি শুনিছোঁ । আদানি, আম্বানীকে ধৰি বৃহৎ কৰ্প'ৰেট গোষ্ঠীক সোণৰ ব্যৱসায় গটাই দিবলৈ উঠি-পৰি লাগিছে । থলুৱা স্বৰ্ণশিল্পীসকলক নিঃশেষ কৰা এয়া এক চক্ৰান্ত । নিখিল অসম স্বৰ্ণশিল্পী সমিতিয়ে আজিৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্যৰ বিৰুদ্ধে যুঁজি যাব । আন্দোলন কৰিবলগীয়া হ'লে আন্দোলন কৰি যাব, এই কথা আমি কেতিয়াও মানি নলওঁ ।"
৫০ লাখ স্বৰ্ণশিল্পীৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে
আনহাতে, স্বৰ্ণশিল্পৰ লগত ৫০ লক্ষাধিক লোক জড়িত থকা বুলি উল্লেখ কৰি নিখিল অসম স্বৰ্ণশিল্পী সমিতিৰ কামৰূপ জিলাৰ সম্পাদক নয়ন ধৰে কয়, "আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ । এইটো এটা জাতিধ্বংসী বক্তব্য বুলি মই অনুভৱ কৰিছোঁ । এই সমাজত ৫০ লাখৰো অধিক আমাৰ অসমীয়া কাৰিকৰ, দোকানী আমি এইটো ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ । এই ব্যৱসায়ৰ জৰিয়তে আমি আমাৰ পৰিয়ালক ভৰণ-পোষণ দি আছোঁ । মোৰ মতে এনেকুৱা ধৰণৰ জাতিধ্বংসী বক্তব্য মোদী ডাঙৰীয়াই কৰিব নালাগিছিল ।"
প্ৰধানমন্ত্ৰীৰ এয়া জাতিধ্বংসী বক্তব্য
আনহাতে, এই সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে স্বৰ্ণশিল্পীসকলৰ সৈতে আলোচনাৰ প্ৰয়োজন আছিল বুলি উল্লেখ কৰি তেওঁ কয়, "এইটো আমাৰ লগত এটা আলোচনা কৰিব লাগিছিল প্ৰথমতে । দ্বিতীয়তে, যোৱা বছৰতে আমাৰ বিশ্বকৰ্মা আঁচনি ঘোষণা কৰিছিল । আমাৰ থলুৱা যিসকল স্বৰ্ণশিল্পী আছে, কমাৰ আছে, কুমাৰ আছে সকলোৰে কাৰণে । আজি মোদী ডাঙৰীয়াই একদম ৯০ ডিগ্ৰী ঘূৰি কৈছে যে সোণ বনাবই নালাগে । মই ভাবোঁ যে এইটো এটা জাতিধ্বংসী বক্তব্য, আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ, গৰিহণা জনাইছোঁ ।"
একে অনুভৱ ৰাজ্যৰ স্বৰ্ণশিল্পীসকলৰো । তেওঁলোকৰ মতে, বিগত এবছৰ ধৰি সোণৰ মূল্যৰ উত্থান-পতনৰ বাবে কাম কমি গৈছে । তাৰ উপৰি দেশৰ প্ৰধানমন্ত্ৰীয়ে যি আহ্বান জনাইছে তাক লৈ তেওঁলোক চিন্তিত হৈ পৰিছে । এবছৰলৈ যদি ৰাইজে সোণ ক্ৰয় নকৰে তেন্তে তেওঁলোকে কি কৰিব, কেনেকৈ চলিব... এই চিন্তাই এতিয়া খুলি খুলি খাইছে স্বৰ্ণশিল্পীসকলক ।

