EPS95 ৰ অধীনত ৪৭ লাখৰো অধিক লোকে মাহিলী ৯ হাজাৰ টকাৰ কম পেঞ্চন লাভ কৰে: শ্ৰম মন্ত্ৰী
EPS95 ৰ অধীনত পেঞ্চন আঁচনিৰ মৰ্যাদা কি, সংসদত এই উত্তৰ দিলে মন্ত্ৰীগৰাকীয়ে ।

Published : February 9, 2026 at 11:23 PM IST
নতুন দিল্লী: সোমবাৰে সংসদত চৰকাৰে প্ৰকাশ কৰা অনুসৰি কৰ্মচাৰী পেঞ্চন আঁচনি ১৯৯৫(ই পি এছ - ৯৫)ৰ অধীনত ৯ হাজাৰ টকাৰ কম পেঞ্চন লাভ কৰা পেঞ্চনাৰৰ মুঠ সংখ্যা ৪৭.০৪ লাখ ।
কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন(ই পি এফ অ’) ৰ হাতত উপলব্ধ তথ্য অনুসৰি বৰ্তমান ই পি এছ - ৯৫ ৰ অধীনত মুঠ পেঞ্চনাৰৰ সংখ্যা ৮২,১১,১৮২ জন ।
লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত শ্ৰম আৰু নিয়োগ ৰাজ্যমন্ত্ৰী শোভা কৰণ্ডলাজে কয়, ‘‘ই পি এছ - ৯৫ আঁচনিৰ অধীনত ৯,০০০ টকাতকৈ কম পেঞ্চন লাভ কৰা পেঞ্চনাৰৰ মুঠ সংখ্যা ৪৭,০৪,২৭০ জন ।’’
তেওঁ সদনত লগতে কয় যে বৰ্তমানৰ প্ৰতিমাহে ১০০০ টকাৰ পৰা আঁচনিৰ অধীনত নূন্যতম পেঞ্চন বৃদ্ধিৰ বাবে শ্ৰমিক সংগঠন আৰু জনপ্ৰতিনিধিকে ধৰি বিভিন্ন অংশীদাৰৰ পৰা প্ৰতিনিধিত্ব লাভ কৰা হৈছে ।
কৰ্মচাৰী পেঞ্চন আঁচনি, ১৯৯৫ এক সামাজিক সুৰক্ষা আঁচনি হিচাপে পৰিচিত ৷ কৰ্মচাৰী পেঞ্চন পুঁজিত নিয়োগকৰ্তাৰ দৰমহাৰ ৮.৩৩ শতাংশ আৰু প্ৰতিমাহে ১৫ হাজাৰ টকা পৰ্যন্ত দৰমহাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ ১.১৬ শতাংশ বৰঙণি থাকে । তেওঁ কয় যে এই আঁচনিৰ অধীনত সকলো সুবিধা এই পুঁজিৰ পৰাই দিয়া হয় ।
তেওঁ সদনত অৱগত কৰে যে চৰকাৰে ই পি এছ, ১৯৯৫ ৰ অধীনত পেঞ্চনাৰসকলক বাজেট সহায়ৰ জৰিয়তে প্ৰতিমাহে নূন্যতম ১০০০ টকা পেঞ্চন প্ৰদান কৰিছে, যিটোক ই পি এফ অ’লৈ ই পি এছৰ বাবে ১.১৬ শতাংশ মজুৰিৰ বাজেট সহায়ৰ উপৰঞ্চি হিচাপে গণ্য কৰা হয় ।
লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বিশ্ব বজাৰলৈ: ২০২৫ চনতো ভাৰতীয় চাহত অসমৰ দপদপনি

