ট্ৰাম্পৰ অৱৰোধৰ সতৰ্কবাণীৰ প্ৰভাৱ: তেলৰ মূল্য চাৰি বছৰৰ সৰ্বোচ্চ, শ্বেয়াৰ বজাৰৰ পতন
জুন মাহত ডেলিভাৰীৰ বাবে সাজু হোৱা খাৰুৱা তেলৰ মূল্য বুধবাৰে ৬.৮ শতাংশ বৃদ্ধি হৈ ১২৬ ডলাৰ হয় ।

Published : April 30, 2026 at 2:22 PM IST
হংকং : আমেৰিকা-ইৰাণ শান্তি আলোচনা স্থবিৰ হৈ থকাৰ বাবে ইৰাণক ড’নাল্ড ট্ৰাম্পে দিয়া সকীয়নিৰ পিছতে তেলৰ মূল্য পাঁচ শতাংশতকৈ অধিক বৃদ্ধি পাই চাৰি বছৰৰ সৰ্বোচ্চ স্তৰত উপনীত হয় ।
আনহাতে, টেহৰানে এই সপ্তাহত গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে নতুন প্ৰস্তাৱ দাখিল কৰাৰ বিপৰীতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মতে তেওঁলোকে সদিচ্ছাৰে আলোচনাত অংশগ্ৰহণ কৰা নাছিল ।
ৱাল ষ্ট্ৰীট জাৰ্নেলে কয় যে তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াসকলক ইছলামিক গণৰাজ্যখনক নিজৰ পাৰমাণৱিক কাৰ্যসূচী ত্যাগ কৰিবলৈ বাধ্য কৰিবলৈ দীৰ্ঘদিনীয়া অৱৰোধৰ বাবে সাজু হ’বলৈ কৈছে ।
নাম প্ৰকাশত অনিশ্চুক হোৱাইট হাউছৰ এগৰাকী বিষয়াই জনোৱা মতে, মঙলবাৰে তেল কোম্পানীবোৰৰ বিষয়াসকলৰ এখন বৈঠকত তেওঁলোকে “বিশ্ব তেলৰ বজাৰসমূহক সকাহ প্ৰদানৰ প্ৰচেষ্টা আৰু প্ৰয়োজন হ’লে বৰ্তমানৰ অৱৰোধক কেইবামাহো ধৰি অব্যাহত ৰাখিবলৈ আৰু আমেৰিকান উপভোক্তাৰ ওপৰত ইয়াৰ প্ৰভাৱ কম কৰিবলৈ গ্ৰহণ কৰিব পৰা পদক্ষেপসমূহৰ বিষয়ে” আলোচনা কৰা হয় ।
ইফালে, ট্ৰাম্পে এক্সিঅ'ছক (Axios) কয়, "বোমা বিস্ফোৰণতকৈ অৱৰোধ বহু বেছি ফলপ্ৰসূ । তেওঁলোক বেয়া ধৰণে শ্বাসৰুদ্ধ হৈ আছে । আৰু তেওঁলোকৰ বাবে অৱস্থা আৰু বেছি বেয়া হ'ব । তেওঁলোকৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে ।"
তেওঁ লগতে কয় যে যেতিয়ালৈকে টেহৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত কোনোধৰণৰ চুক্তি নহয় তেতিয়ালৈকে নৌসেনাই গ্ৰহণ কৰা ব্যৱস্থা শেষ নহয় ।
নিজৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত এটা পোষ্টত ট্ৰাম্পে কয়, "ইৰাণে তেওঁলোকৰ কাৰ্যকলাপত শুধৰণি আনিব পৰা নাই । তেওঁলোকে পাৰমাণৱিকবিহীন চুক্তিত স্বাক্ষৰ কৰিব বিচৰা নাই । তেওঁলোকৰ সোনকালে জ্ঞান অহাটো ভাল !"
তেওঁ এছাল্ট ৰাইফল এটা লৈ থকা নিজৰ এখন ছবি পোষ্ট কৰি তাৰ কাষত লিখিছে, "NO MORE MR. NICE GUY!"
বিশ্বৰ এক পঞ্চমাংশ তেল আৰে গেছ পৰিবহণকাৰী পথটো আৰু কেইবা মাহলৈ বন্ধ হৈ থকাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত অৰ্থাৎ ২০২২ চনৰ পিছত খাৰুৱা তেলৰ মূল্য সৰ্বোচ্চ স্তৰত উপনীত হৈছে ।
জুন মাহত ডেলিভাৰীৰ বাবে সাজু হোৱা খাৰুৱা তেলৰ মূল্য বুধবাৰে ৬.৮ শতাংশ বৃদ্ধি পাই ১২৬ মাৰ্কিন ডলাৰ হয় । আনহাতে, ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট খাৰুৱা তেলৰ মূল্যই তিনি শতাংশ জঁপিয়াই ১১০ মাৰ্কিন ডলাৰৰ শীৰ্ষত উপনীত হয় ।
বিশ্লেষকসকলে কয় যে ব্যৱসায়ীসকলে এই মতামতলৈ আগবাঢ়িবলৈ আৰম্ভ কৰিছে যে এই সংকটটো প্ৰথমতে আশা কৰা ধৰণে ইমান হ্ৰস্বম্যাদী নহ’ব ।
প্ৰযুক্তি ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ বৰ্ধিত জনপ্ৰিয়তা
শ্বেয়াৰ বজাৰতো পতন লক্ষ্য কৰা গৈছে । টকিঅ’, হংকং, মুম্বাই, ছিডনী, ছিউল, বেংকক, মেনিলা আৰু জাকাৰ্টা সকলোতে বজাৰৰ পতন ঘটিছে । অৱশ্যে ছাংহাই, ছিংগাপুৰ, ৱেলিংটন আৰু টাইপেইত বৃদ্ধি লক্ষ্য কৰা গৈছে ।
সংকটৰ সময়ত নিৰাপদ আশ্ৰয়স্থল হিচাপে গণ্য কৰা ডলাৰৰ মূল্য অন্য মুদ্ৰাৰ বিপৰীতে মজবুত হৈছে ।
কিন্তু কৃত্ৰিম বুদ্ধিমত্তা ব্যৱসায়ত অহা তীব্ৰ গতিৰ বাবে শ্বেয়াৰ ব্যৱসায়ীসকল তুলনামূলকভাৱে আশাবাদী হৈ আছে । এই ক্ষেত্ৰত ছিউলৰ কস্পি সূচকাংকক একাধিক অভিলেখ সৃষ্টি কৰাত সহায় কৰিছে ।
দেশৰ ছেমছাং ইলেক্ট্ৰ'নিকছে বৃহস্পতিবাৰে পৰিচালন লাভত ৭৫০ শতাংশ বৃদ্ধিৰে অভিলেখ সৃষ্টি কৰিছে, যিটো কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে গুৰুত্বপূৰ্ণ চিপৰ শক্তিশালী বিক্ৰীৰ বাবে অভিলেখ উচ্চতাত উপনীত হয় । লগতে কোম্পানীটোৱে আগন্তুক তিনি মাহত অধিক চাহিদাৰ পূৰ্বাভাসো প্ৰকাশ কৰিছে ।
এই ঘটনা মাইক্ৰ’ছফ্ট, মেটা আৰু গুগলৰ অভিভাৱক কোম্পানী এলফাবেটে কৰা পূৰ্বানুমানতকৈ অধিক উপাৰ্জন লাভ কৰাৰ পিছত ঘটিছে ।
আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ ষ্টক মূল্য বৃদ্ধি পাইছে ।
এছপিআই এছেট মেনেজমেণ্টৰ ষ্টিফেন ইনছে সকীয়াই দিছে যে শ্বেয়াৰ বজাৰত ইতিবাচক পৰিৱেশ সলনি হ’ব পাৰে ।
তেওঁ লিখিছে, "ইতিহাসে আমাক কয় যে ষ্টক, তেল আৰু মূল্যৰ মাজত এই বৰ্ধিত বিভাজন ইমান দূৰলৈকে বিস্তৃত হ’ব পাৰে, তাৰ পূৰ্বেই ভৌতিক জোকাৰণিয়ে বাস্তৱিক অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলায় ।"
"ব্যয়বহুল শক্তি কোনো কাল্পনিক বস্তু নহয় । ই পাম্পৰ পৰা ৰছদ আৰু মাৰ্জিনলৈকে ব্যৱস্থাটোত নিঃশব্দে আগবাঢ়ে আৰু শেষত এই পৰিসংখ্যাবোৰত ধৰা পৰে যাৰ ওপৰত কেন্দ্ৰীয় বেংকে পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।"
বিনিয়োগকাৰীসকলে ফেডাৰেল ৰিজাৰ্ভৰ নীতিগত পদক্ষেপৰ দৃষ্টিভংগীও মূল্যায়ন কৰি আছিল । কাৰণ ইয়াৰ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাৰ চাৰিজন সদস্যই ভোটদানৰ ক্ষেত্ৰত মতানৈক্য প্ৰকাশ কৰিছিল, যিটো ১৯৯২ চনৰ পিছত সৰ্বাধিক ।
অৱশ্যে শক্তিৰ ব্যয় বৃদ্ধিৰ ফলত মুদ্ৰাস্ফীতি বৃদ্ধিৰ আশংকাৰ বাবে সুতৰ হাৰক সুস্থিৰ ৰখাৰ পক্ষত ভোটদান কৰিলেও তিনিজনে “এই সময়ত বিবৃতিটোত শিথিল পক্ষপাতিত্ব অন্তৰ্ভুক্ত কৰাটোক সমৰ্থন কৰা নাছিল” ।
চতুৰ্থজন ভোটাৰ সদস্য ট্ৰাম্পৰ নিযুক্তিপ্ৰাপ্ত ষ্টিফেন মিৰানে চতুৰ্থাংশ পইণ্ট কৰ্তনৰ বাবে বিচাৰিছিল ।
এই বৈঠকখন ফেডৰ মুৰব্বী হিচাপে জেৰম পাৱেলৰ অন্তিমখন বৈঠক আছিল আৰু ৰাষ্ট্ৰপতিৰ পছন্দৰ কেভিন ৱাৰ্ছে অহা মাহত দায়িত্ব গ্ৰহণ কৰিব ।
০৪৩০ জিএমটিত মূল পৰিসংখ্যা
- ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট : প্ৰতি বেৰেলত ১১০.০৯ ডলাৰত ৩.০ শতাংশ বৃদ্ধি
- ব্ৰেণ্ট নৰ্থ ছী ক্ৰুড : প্ৰতি বেৰেলত ১২৬.০০ ডলাৰত ৬.৮ শতাংশ বৃদ্ধি
- টকিঅ'-নিক্কি ২২৫ : ১.২ শতাংশ হ্ৰাস পাই ৫৯,২০৯.২৯ (বন্ধ)
- হংকং-হাং চেং সূচকাংক : ১.২ শতাংশ হ্ৰাস পাই ২৫,৭৮৯.৫৯ (ব্ৰেক)
- ছাংহাই-কম্প'জিট : ০.১ শতাংশ বৃদ্ধি পাই ৪,১১১.০২ (ব্ৰেক)
- ইউৰো/ডলাৰ : বুধবাৰে ১.১৬৯৫ ডলাৰৰ পৰা ১.১৬৬৫ ডলাৰলৈ হ্ৰাস
- পাউণ্ড/ডলাৰ : ১.৩৪৮৯ ডলাৰৰ পৰা ১.৩৪৭৪ ডলাৰলৈ হ্ৰাস
- ডলাৰ/য়েন : ১৬০.২৩ য়েনৰ পৰা ১৬০.৩৯ য়েনলৈ বৃদ্ধি
- ইউৰো/পাউণ্ড : ৮৬.৭১ পেন্সৰ পৰা ৮৬.৫৭ পেন্সলৈ হ্ৰাস
- নিউয়ৰ্ক-ডাউ : ০.৬ শতাংশ হ্ৰাস পাই ৪৮,৮৬১.৮১ (বন্ধ)
- লণ্ডন-এফটিএছই ১০০ : ১.২ শতাংশ হ্ৰাস পাই ১০,২১৩.১১

