ছেপ্টেম্বৰত ১৪ দিনৰ বাবে বন্ধ থাকিব বেংক: বেংকলৈ ওলোৱাৰ পূৰ্বে পৰীক্ষা কৰক বন্ধৰ তালিকা
জন্মাষ্টমী, গণেশ চতুৰ্থীকে ধৰি বিভিন্ন উৎসৱৰ বাবে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত কেইবাদিনো বেংক বন্ধ থাকিব যদিও অনলাইন বেংকিং আৰু এটিএম সেৱা গ্ৰাহকে লাভ কৰিব ।

Published : September 1, 2026 at 4:01 PM IST
হায়দৰাবাদ: ছেপ্টেম্বৰ মানেই যেন উৎসৱৰ বতৰ । উৎসৱ বুলিলেই বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ দৰে বেংক কৰ্মচাৰীয়েও বন্ধৰ সুবিধা লাভ কৰে । বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ভাৰতীয় ৰিজাৰ্ভ বেংকে ছুটীৰ তালিকা প্ৰকাশ কৰিছে ।
সেই তালিকা অনুসৰি সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত উৎসৱ, আঞ্চলিক অনুষ্ঠান আৰু অন্যান্য বিশেষ অনুষ্ঠানৰ বাবে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত বেংকসমূহ কেইবাদিনো বন্ধ থাকিব ।
বেংকৰ ছুটীৰ দিন ৰাজ্য আৰু চহৰ অনুসৰি নিৰ্ধাৰণ কৰা হয় । অৰ্থাৎ এখন ৰাজ্য বা চহৰত বেংক বন্ধ থকা মানে আন এখন ৰাজ্যত বন্ধৰ দিন হ’বই লাগিব বুলি ক’ব নোৱাৰি । গতিকে বেংকলৈ যোৱাৰ পূৰ্বে নিজৰ চহৰৰ বাবে ছুটীৰ তালিকাখন নিশ্চয়কৈ পৰীক্ষা কৰি ল'ব ।
২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ উৎসৱ আৰু বিশেষ অনুষ্ঠানৰ বন্ধৰ সম্পূৰ্ণ তালিকা তলত দিয়া হ’ল:
- ৪ ছেপ্টেম্বৰ: জন্মাষ্টমী উপলক্ষে আহমেদাবাদ, ভূপাল, চণ্ডীগড়, চেন্নাই, ডেৰাডুন, হায়দৰাবাদ, জয়পুৰ, কলকাতা, লক্ষ্ণৌ, পাটনাকে ধৰি কেইবাখনো চহৰত বেংক বন্ধ থাকিব ।
- ১১ ছেপ্টেম্বৰ: জয়পুৰ পৌৰ নিগম অঞ্চলত নিৰ্বাচনৰ বাবে কেৱল জয়পুৰৰ বেংক কৰ্মচাৰীসকলে ছুটী লাভ কৰিব ।
- ১৪ ছেপ্টেম্বৰ: গণেশ চতুৰ্থী উপলক্ষে বেলাপুৰ, বেংগালুৰু, ভুৱনেশ্বৰ, চেন্নাই, হায়দৰাবাদ, মুম্বাই, নাগপুৰ, পানাজী আৰু বিজয়াৱাড়াত বেংক বন্ধ থাকিব ।
- ১৫ ছেপ্টেম্বৰ: সম্বৎসৰী/নুৱাখাই/গণেশ চতুৰ্থীৰ দ্বিতীয়দিন উপলক্ষে আহমেদাবাদ, ভুৱনেশ্বৰ আৰু পানাজীত বেংক বন্ধ থাকিব ।
- ২১ ছেপ্টেম্বৰ: শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ আৰু শ্ৰী নাৰায়ণ গুৰু সমাধি উপলক্ষে অসম, ভুৱনেশ্বৰ আৰু তিৰুৱনন্তপুৰমত ছুটীত থাকিব বেংকৰ কৰ্মচাৰীসকল ।
- ২২ ছেপ্টেম্বৰ: কৰ্ম পূজাৰ বাবে কেৱল ৰাঁচীত বন্ধ থাকিব বেংক ।
- ২৩ ছেপ্টেম্বৰ: মহাৰাজা হৰি সিং জীৰ জন্ম বাৰ্ষিকী উপলক্ষে জম্মু-শ্ৰীনগৰত বন্ধ থাকিব বেংক ।
- ২৫ ছেপ্টেম্বৰ: ইন্দ্ৰজাত্ৰা উৎসৱৰ বাবে গেংটকত বন্ধ থাকিব বেংক ।
ইয়াৰ উপৰিও আৰবিআইৰ নিয়ম অনুসৰি প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংক বন্ধ থাকে । ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত সমগ্ৰ দেশৰ সকলো বেংক ১২ ছেপ্টেম্বৰ (দ্বিতীয় শনিবাৰ) আৰু ২৬ ছেপ্টেম্বৰ (চতুৰ্থ শনিবাৰ) উপলক্ষে বন্ধ থাকিব । ইয়াৰ উপৰিও দেওবাৰৰ দিনটোত সাপ্তাহিক বন্ধৰ দিন হ’ব ।
বেংকসমূহ বন্ধ হোৱাৰ সময়ত আপোনাৰ বেংকৰ সেৱা সম্পূৰ্ণৰূপে প্ৰভাৱিত নহয় । ইউপিআই, ইণ্টাৰনেট বেংকিং, আৰু ম'বাইল বেংকিং আদি ডিজিটেল সেৱা প্ৰতিদিনৰ দৰে ২৪ ঘণ্টাই চলি থাকিব । আপুনি আপোনাৰ ধন ট্ৰান্সফাৰ কৰিব পাৰে বা অনলাইন পেমেণ্ট কৰিব পাৰে ।
নগদ ধন উলিওৱাৰ বাবেও খোলা থাকিব এটিএম । আৰবিআইৰ তথ্য অনুসৰি বছৰত ৩৬৫ দিন আৰ টিজিএছ সেৱাও উপলব্ধ হ'ব । কিন্তু নথি-পত্ৰ সম্পৰ্কীয় উদ্দেশ্য যেনে পাছবুক প্ৰিন্টিং বা ঋণ প্ৰক্ৰিয়াকৰণৰ বাবে বেংকসমূহ খোলাৰ বাবে অপেক্ষা কৰিব লাগিব ।
লগতে পঢ়ক: বৰপেটা সত্ৰত মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি পালন

