ETV Bharat / business

১০ এপ্ৰিলৰ পৰা নচলিব নগদ লেনদেন : ইউপিআইৰ জৰিয়তে ধন পৰিশোধ ১.২৫ শতাংশ হ’ব ব্যয়বহুল

টোলগেটৰ অভাৱনীয় ভিৰ হ্ৰাস কৰিবলৈ আৰু যানজঁট বিহীন চলাচল সুনিশ্চিত কৰিবলৈ এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে ।

No Cash At Toll Plazas From April 10
সাদৃশ্য থকা ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : April 7, 2026 at 7:19 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: টোলকৰ সংগ্ৰহৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য ৷ দেশৰ প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰতে ১০ এপ্ৰিলৰ পৰা এই নিয়ম প্ৰযোজ্য হ’ব ৷ ভ্ৰমণপ্ৰিয় লোকসকলে এই নিয়মৰ কথা নাজানিলে বিপদত পৰিব পাৰে ৷ সেয়ে পঢ়ি লওক এই প্ৰতিবেদন ৷

ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা যাত্ৰীসকলে ১০ এপ্ৰিলৰ পৰা টোলগেটত কৰ পৰিশোধ কৰোতে নগদ ধন দিব নোৱাৰিব ৷ অৰ্থাৎ দেশৰ টোলগেটসমূহত নগদ ধনৰ ব্যৱহাৰ বন্ধ কৰা হৈছে ৷ এই নতুন নিয়মৰ বিষয়ে জানিবলৈ দিছে ৰাষ্ট্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৷

এক অধিসূচনাৰ জৰিয়তে মন্ত্ৰালয়ে জনাইছে যে যদি কোনো বাহনে বৈধ FASTag অবিহনে টোলগেট অতিক্ৰম কৰিবলৈ বিচাৰে, তেন্তে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ অৰ্থাৎ UPI ৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰিব ৷ অৱশ্যে তেওঁলোকে নিৰ্ধাৰিত টোলকৰৰ তুলনাত ১.২৫ শতাংশ অধিক ধন আদায় দিব লাগিব ।

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে টোলগেটৰ দীঘলীয়া শাৰী হ্ৰাস কৰা আৰু যাতায়াতৰ বাবে ঘাইপথ সূচল কৰি তোলা ।

বিষয়াগৰাকীয়ে জনাই যে ১০ এপ্ৰিলৰ পৰা টোলগেটসমূহত নগদ ধনৰ লেনদেন প্ৰযোজ্য নহ’ব ৷ FASTag টোলকৰ সংগ্ৰহৰ প্ৰাথমিক পৰ্যায় হৈয়ে থাকিব যদিও বৈধ FASTag অবিহনে চলাচল কৰা বাহনৰ ক্ষেত্ৰত চালকে ইউপিআইৰ জৰিয়তে কৰ আদায় দিব পাৰিব ৷

অধিসূচনাখনত এনেদৰে কোৱা হৈছে, ‘‘যদি কোনো বাহনৰ চালকে FASTag বা বৈধ কাৰ্যক্ষমতা থকা FASTag অবিহনে টোলগেট অতিক্ৰম কৰিবলৈ বিচাৰে আৰু UPI ৰ জৰিয়তে টোলকৰ পৰিশোধ কৰিবলৈ নিৰ্ণয় লয়, তেন্তে তেওঁ নিয়ম ৪ ৰ উপ-নিয়ম(২) ৰ নীতি অনুসৰি সেই শ্ৰেণীৰ বাহনৰ বাবে প্ৰযোজ্য কৰৰ ১.২৫ শতাংশ অধিক ধন আদায় দিব লাগিব ।’’

আনহাতে, যদিহে বাহনখনৰ গৰাকী বা চালকে এই নিয়মৰ অধীনত নিৰ্ধাৰিত কৰ আদায় দিবলৈ নিবিচাৰে, তেন্তে বাহনখনৰ ক্ষেত্ৰত ১৪ নং নিয়ম প্ৰযোজ্য হ’ব ৷

শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে FASTag ৰ বাৰ্ষিক পাছৰ বাবে পাঁচ মিলিয়ন গ্ৰাহকৰ সীমা অতিক্ৰম কৰা বুলি সদৰী কৰিছে । এই পাছৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে বছৰি ৩,০০০ টকাত ২০০ বাৰকৈ টোলগেট অতিক্ৰম কৰিব পাৰে । ১৫ আগষ্টত এই পাছসমূহ মুকলি কৰাৰ পিছৰে পৰা এই পাছসমূহ ব্যৱহাৰ কৰি মুঠ ২৬৫.৫ নিযুত ধন টোলকৰ হিচাপে সংগ্ৰহ কৰা হৈছে । দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ত ১,১৫০ খনতকৈও অধিক টোলগেট আছে ।

লগতে পঢ়ক: ইৰাণৰ সৈতে যুদ্ধই আঘাত হানিছে আমেৰিকাৰ পকেটত: আমাজন, বিমান সংস্থাসমূহে বৃদ্ধি কৰিছে ইন্ধনৰ চাৰ চাৰ্জ