ETV Bharat / business

আপুনিও পিন্ধিব খোজে নেকি মাজুলীত নিৰ্মিত জোতা ? অসমৰ নিজা ব্ৰেণ্ড 'ভেলকো'

নদীদ্বীপ মাজুলীৰ এজন যুৱকে আৰম্ভ কৰিছে জোতাৰ এটা নতুন কোম্পানী । অনলাইন প্লেটফৰ্মতো উপলব্ধ তেওঁৰ ব্ৰেণ্ডৰ জোতা ।

Majuli Shoe brand
মাজুলীত জোতাৰ নতুন ব্ৰেণ্ড ভেলকো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 10, 2026 at 2:33 PM IST

4 Min Read
Choose ETV Bharat

মাজুলী : এইবাৰ মাজুলীৰ এজন যুৱকৰ বিশ্বমুখী যাত্ৰা । মাজুলীৰ পৰাই আৰম্ভ কৰিছে জোতাৰ এটা নতুন ব্ৰেণ্ড । ব্ৰেণ্ডটো হৈছে ভেলকো (Velkoo) । ইয়াৰ গৰাকী হৈছে মাজুলীৰ মেখেলি গাঁৱৰ শান্তনু বৰা । অসমৰ প্ৰথমটো জোতাৰ ব্ৰেণ্ড বুলি দাবী কৰি মাজুলীৰ দৰে ঠাইৰ পৰা আৰম্ভ হৈছে এই ব্যতিক্ৰমী উদ্যোগ । এক কথাত ক'বলৈ গ'লে মাজুলীৰ যুৱকজনে আৰম্ভ কৰিছে এক নতুন বিপ্লৱ ।

বাহনা মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লোৱাৰ পাছত শান্তনু বৰুৱা চৰকাৰী চাকৰিৰ পিছত দৌৰী নুফুৰি ব্যৱসায়ৰ চিন্তাৰে আগবাঢ়িল । তাৰ পৰাই যেন আৰম্ভ হ'ল তেওঁৰ জীৱনৰ এক নতুন অধ্যায়ৰ ।

মাজুলীত জোতাৰ নতুন ব্ৰেণ্ড ভেলকো (ETV Bharat Assam)

শান্তনুৱে জনোৱা মতে তেওঁৰ সৰুৰে পৰাই জোতাৰ প্ৰতি এক ধাউতি আছিল । জোতা নিৰ্মাণৰ প্ৰতি থকা আগ্ৰহৰ বাবেই তেওঁ তামিলনাডুত দুবছৰীয়া 'ফুটৱেৰ ডিজাইনিং এণ্ড মেনেজমেণ্ট'ৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে । সেই পাঠ্যক্ৰম শেষ কৰি কেৰালা, উত্তৰ প্ৰদেশকে আদি কৰি আন আন স্থানত থকা 'ফুটৱেৰ উদ্যোগত' তেওঁ প্ৰশিক্ষণ লয় ।

শান্তনুৱে কয়, "বাহিৰত থকা সময়তে কেইবাটাও চাকৰিৰ প্ৰস্তাৱ আহিছিল । কিন্তু সেই চাকৰিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলোঁ । কাৰণ মোৰ ইচ্ছা আছিল ব্যৱসায় কৰা । সেয়ে এই সকলো চাকৰি এৰি নিজৰ গৃহভূমি মাজুলীত গঢ়ি তুলিলো 'ভেলকো ফেশ্বন প্ৰাইভেট লিমিটেড' ।"

তেওঁ লগতে কয়, "২০২২ চনৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই বাস্তৱ ৰূপ ল'লে যোৱা বছৰ ২৭ ছেপ্টেম্বৰত । এই কোম্পানীটোৱে সম্পূৰ্ণ হাতেৰে প্ৰস্তুত কৰা আৰু পৰিৱেশ অনুকূলভাৱে চামৰাৰ জোতা প্ৰস্তুত কৰি উলিয়ায় ।" তেওঁ ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী তামিলনাডু বা কানপুৰ আদি স্থানৰ পৰা আনে বুলি জনাইছে ।

Majuli Shoe brand
মাজুলীত জোতাৰ নতুন ব্ৰেণ্ড ভেলকো (ETV Bharat Assam)

মাজুলীৰ যুৱক শান্তনুৰ নিজৰ ব্ৰেণ্ডৰ জোতা বিভিন্ন অনলাইন মাৰ্কেটিং প্লেটফৰ্মত উপলব্ধ বুলিও উল্লেখ কৰিছে । তেওঁ কয়, "বৰ্তমান ফ্লিপকাৰ্টত (Flipkart) উপলব্ধ হৈ আছে 'VELKOO' ব্ৰেণ্ডৰ জোতা । এমাজনৰ (Amazon) দৰে প্লেটফৰ্মতো 'VELKOO' ব্ৰেণ্ডৰ জোতা উপলব্ধ কৰাৰ প্ৰক্ৰিয়া চলি আছে । তেওঁৰ এই কোম্পানীক ৰাইজে আঁকোৱালি লৈছে বুলিও জনাইছে মাজুলীৰ যুৱক শান্তনুৱে । যাৰ বাবে সকলো ৰাইজক তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে ।

অৱশ্যে বৰ্তমান ষ্টক শেষ হোৱাৰ বাবে কিছু সমস্যা বুলি উদ্বেগ প্ৰকাশ কৰে শান্তনুৱে । কিন্তু শীঘ্ৰে এই ষ্টক পূৰ্ণ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰিছে । কিন্তু অসম বা মাজুলীৰ দৰে স্থানৰ পৰা এটা জোতাৰ ব্ৰেণ্ড আৰম্ভ হোৱা বিষয়টোৱে নিশ্চিতভাৱে ব্যৱসায়িক দিশত বিশেষ গুৰুত্ব বহন কৰিছে । বিশেষকৈ এই উদ্যোগটোৱে ভৱিষ্যতে অসমৰ অৰ্থনীতিত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও আশা কৰা হৈছে । পৰিবহণৰ সমস্যা আৰু কেঁচামালৰ অভাৱৰ মাজতো মাজুলীৰ এই 'ভেলকো' ব্ৰেণ্ড এতিয়া অসমৰ স্বাভিমান হৈ পৰিছে ।

ইফালে শান্তনুৰ এই প্ৰচেষ্টাক প্ৰতিটো সময়তে সমৰ্থন কৰিছে তেওঁ পৰিয়ালে । তেওঁৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, "মোৰ পুত্ৰই নিজাকৈ কিবা এটা কৰিব খুজিছে, সেইটো মই ভাল পাইছোঁ । চাকৰিমুখী হোৱাৰ বিপৰীতে সি ব্যৱসায় কৰিবৰ বাবে আগবাঢ়িছে সেইবাবে তাক মানা কৰা নাই । পিতৃ হিচাপে তাক যি সুবিধা দিব লাগে বা মই যি পাৰিছোঁ তাক সেই সুবিধা দিয়াৰ চেষ্টা কৰিছোঁ ।"

তীব্ৰ প্ৰত্যাহ্বানৰ মাজতো অসমৰ পৰা এটা জোতাৰ ব্ৰেণ্ড মুকলি কৰাৰ বাবে শান্তনুৱে যি সাহস দেখুৱাইছে তাক সকলোৱে প্ৰশংসা কৰিছে । লগতে আগন্তুক দিনত ই কেৱল অসমৰে নহয় ভাৰতৰ বাবেও অৰ্থনীতিৰ ক্ষেত্ৰত উল্লেখযোগ্য উদ্যোগ হিচাপে পৰিগণিত হ'ব বুলিও সকলোৱে কামনা কৰিছে ।

লগতে পঢ়ক :ভেনিজুৱেলাৰ সংকটৰ বাবে দক্ষিণ আমেৰিকাৰ ব্যৱসায় বন্ধ, ২০০ কোটিৰ লোকচানৰ সন্মুখীন ৰপ্তানিকৰ্তাসকল