ETV Bharat / business

৩১ ডিচেম্বৰে শেষ সীমা, আধাৰৰ সৈতে সংযোগ নকৰিলে বন্ধ হৈ পৰিব পানকাৰ্ড

যদি চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত নিজৰ পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰে, তেন্তে বন্ধ হৈ পৰিব পান কাৰ্ডৰ সকলো কাম ।

PAN AND AADHAAR CARD LINK
আধাৰৰ সৈতে সংযোগ নকৰিলে বন্ধ হৈ পৰিব পানকাৰ্ড (Getty Images)
author img

By ETV Bharat Assamese Team

Published : November 7, 2025 at 11:50 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আজিৰ সময়ত সৰ্বাধিক গুৰুত্বপূৰ্ণ নথি হিচাপে পৰিগণিত হৈছে পান কাৰ্ড । যদি আপুনি এতিয়াও নিজৰ পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰা নাই, তেন্তে সাৱধান হওক ।

২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত এনে নকৰিলে, স্বয়ংক্ৰিয়ভাৱে নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ পান কাৰ্ড ৷ ফলস্বৰূপে আপোনাৰ পান কাৰ্ডখন নাহিব কোনো কামত ৷

এই সন্দৰ্ভত টেক্সবাডীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এনেদৰে কয়, ‘‘২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা আপোনাৰ পান কাৰ্ড নিষ্ক্ৰিয় কৰা হ'ব । ইয়াৰ ফলত আপুনি আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) দাখিল কৰিব নোৱাৰিব । তদুপৰি আপুনি কোনো ধৰণৰ ধন ঘূৰাই নাপাব । আনকি আপোনাৰ দৰমহা বা এছ আই পি পেমেণ্টতো ব্যাঘাত জন্মিব পাৰে ।’’

আধাৰ কাৰ্ডৰ সৈতে পানকাৰ্ড সংযুক্ত কৰাৰ সহজ উপায়

মাত্ৰ কেইমিনিটমানৰ ভিতৰতে আপুনি ঘৰৰ পৰাই আৰামেৰে নিজৰ পান আৰু আধাৰ সংযোগ কৰিব পাৰিব । তাৰ বাবে ক’লৈকো যোৱাৰ প্ৰয়োজন নাই ৷ মাত্ৰ তলৰ পদক্ষেপসমূহ অনুসৰণ কৰক ।

আয়কৰ ৱেবছাইট incometax.gov.in/iec/foportal লৈ যাওক
ইয়াৰ পিছত হোম পেজত তলৰ 'Quick Links' ত 'Link Aadhaar' ত ক্লিক কৰক
এতিয়া নতুন পেজত আপোনাৰ PAN নম্বৰ আৰু আধাৰ নম্বৰ দিয়ক
ইয়াৰ পিছত Validate বুটামটোত ক্লিক কৰক
তাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ কৰা ম’বাইল নম্বৰত অ’টিপি আহিব, ইয়াক এণ্ট্ৰি কৰি ভেৰিফাই কৰক
যদি আপোনাৰ পান ইতিমধ্যে অকাৰ্যকৰী আছিল, তেন্তে লিংকিঙৰ বাবে ১০০০ টকা মাচুল দিব লাগিব
ইয়াৰ পিছত আপোনাৰ PAN আৰু Aadhar সংযোগ হ’ব

সকলোৱে নিজৰ পান আৰু আধাৰ লিংক কৰাটো বাধ্যতামূলক নেকি ?

৩ এপ্ৰিল ২০২৫ ত বিত্ত মন্ত্ৰালয়ৰ পৰা অহা এক অধিসূচনা অনুসৰি ২০২৪ চনৰ ১ অক্টোবৰৰ পূৰ্বে আধাৰ নামভৰ্তি আই ডিৰ ভিত্তিত পানকাৰ্ড প্ৰদান কৰাসকলে ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত আধাৰৰ সৈতে পানকাৰ্ডৰ সংযোগ কৰিব লাগিব । এই কাম নকৰিলে পান কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব আৰু আপুনি বহু বিত্তীয় সেৱাৰ সুবিধা লোৱাৰ পৰা বঞ্চিত হ’ব ।

লগতে পঢ়ক: অষ্টম দৰমহা আয়োগ: এই তিনিজনে ল’ব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ সিদ্ধান্ত