ETV Bharat / business

আমাজন আৰু Gemeco শ্বপত উপলব্ধ কাজিৰঙাৰ সামগ্ৰী

স্থানীয় কেঁচামাল, পৰম্পৰাগত দক্ষতা আৰু পৰিৱেশ অনুকূল সামগ্ৰীৰে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ বজাৰ বিস্তৃত হোৱাৰ ফলত সীমান্তৱৰ্তী অঞ্চলৰ শিল্পী আৰু উৎপাদনকাৰীসকল বিশেষভাৱে উপকৃত হ’ব ৷

KAZIRANGA COMMUNITY PRODUCTS
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ ইক’ শ্বপ মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 1, 2026 at 10:09 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলে নিজৰ বহুচৰ্চিত ‘‘ইক’ শ্বপ” এতিয়া আমাজন আৰু Government e-Marketplace (GeM)-ত মুকলি কৰিছে । ইয়াৰ জৰিয়তে কাজিৰঙাৰ সীমান্তৱৰ্তী গাঁওসমূহৰ স্থানীয় শিল্পী আৰু আত্মনিৰ্ভৰশীল গোটসমূহে প্ৰস্তুত কৰা জৈৱ-বৈচিত্ৰভিত্তিক সামগ্ৰীসমূহে ৰাষ্ট্ৰীয় তথা বিশ্ব বজাৰত প্ৰৱেশৰ নতুন সুযোগ লাভ কৰিছে ৷

উদ্যানখনৰ সঞ্চালিকা ড৹ সোণালী ঘোষে এই পদক্ষেপে সংৰক্ষণ আৰু জীৱিকাৰ মাজত এক সুদৃঢ় ভেটি স্থাপনৰ ক্ষেত্ৰত কাজিৰঙাৰ প্ৰচেষ্টাক পুনৰ দৃঢ় কৰা বুলি মন্তব্য প্ৰকাশ কৰে । স্থানীয় কেঁচামাল, পৰম্পৰাগত দক্ষতা আৰু পৰিৱেশ অনুকূল সামগ্ৰীৰে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ বজাৰ বিস্তৃত হোৱাৰ ফলত সীমান্তৱৰ্তী অঞ্চলৰ শিল্পী আৰু উৎপাদনকাৰীসকল বিশেষভাৱে উপকৃত হ’ব বুলি আশা কৰা হৈছে ।

KAZIRANGA COMMUNITY PRODUCTS
বোৱা কাপোৰ আৰু সামগ্ৰীসমূহে ইতিমধ্যে ইক’ শ্বপত জনপ্ৰিয়তা লাভ কৰিছে (ETV Bharat Assam)

কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছ’চাইটীৰ তত্বাৱধানত পৰিচালিত ইক’ শ্বপসমূহে মাত্ৰ দুবছৰৰ ভিতৰতে উল্লেখযোগ্য সফলতা লাভ কৰিছে । ২০২৪-২৫ বিত্তীয় বৰ্ষত ইক’ শ্বপসমূহৰ মুঠ বিক্ৰী হৈছিল প্ৰায় ১.২৪ কোটি টকা ৷ আনহাতে ২০২৫-২৬ বৰ্ষত এই পৰিমাণ বৃদ্ধি গৈ ১.৮৭ কোটি টকা পৰ্যন্ত হৈছে ৷

KAZIRANGA COMMUNITY PRODUCTS
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ফাইল ফটো (ETV Bharat Assam)

ইক’ শ্বপত উপলব্ধ সামগ্ৰীৰ ভিতৰত আছে হস্ততাঁত, কাঠশিল্প, আচাৰ, মৌ, পানী কচুৰীপানাৰে তৈয়াৰ কৰা পৰিৱেশ অনুকূল সামগ্ৰীসমূহ, বিভিন্ন সাজসজ্জাৰ বস্তু আদি । এই সকলো সামগ্ৰীয়ে কাজিৰঙাৰ এক স্বকীয় পৰিচয় বহন কৰে ।

উল্লেখযোগ্য যে, বস্ত্ৰ মন্ত্ৰালয়ৰ সমৰ্থ আঁচনিৰ অধীনত ৩০০ৰো অধিক মহিলাই দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰিছে । তেওঁলোকৰ দ্বাৰা বোৱা কাপোৰ আৰু সামগ্ৰীসমূহে ইতিমধ্যে ইক’ শ্বপত জনপ্ৰিয়তা লাভ কৰিছে । বস্ত্ৰত বনৰীয়া জন্তুৰ পৰম্পৰাগত আৰ্হি আৰু স্থানীয় বনজ সম্পদৰ পৰা সংগৃহীত প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ এই সামগ্ৰীসমূহৰ বিশেষ বৈশিষ্ট্য ।

KAZIRANGA COMMUNITY PRODUCTS
আমাজন আৰু Gemeco শ্বপত উপলব্ধ কাজিৰঙাৰ সামগ্ৰী (ETV Bharat Assam)

Amazon আৰু GeM ৰ দৰে অনলাইন বজাৰৰ সৈতে সংযোগ স্থাপনৰ জৰিয়তে স্থানীয় শিল্পীসকলে অধিক দৃশ্যমানতা, স্থায়ী চাহিদা আৰু বহল গ্ৰাহক সমৰ্থন লাভ কৰিব বুলি আশা কৰা হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰই পুনৰ এবাৰ জনভিত্তিক সংৰক্ষণ আৰু জীৱিকা উন্নয়নৰ ক্ষেত্ৰত নিজৰ অংগীকাৰ পুনৰ দৃঢ় কৰিবলৈ সক্ষম হোৱা বুলি জনায় ।

লগতে পঢ়ক: অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছোহেইব, আয়ুবক ৰত্নকান্ত বৰকাকতি বঁটা প্ৰদান