ইণ্ডিগ'ক ৪৫৮ কোটিৰো অধিক টকাৰ জি এছ টি জৰিমনা
পৃথকভাৱে লক্ষ্ণৌৰ যুটীয়া আয়ুক্তৰ কাৰ্যালয়ে ২০২১-২২ চনৰ বাবে ইণ্ডিগ’ক ১৪,৫৯,৫২৭ টকাৰ জৰিমনা বিহিছে ।

By PTI
Published : December 31, 2025 at 8:50 AM IST
নতুন দিল্লী: দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ক ৪৫৮ কোটিৰো অধিক টকাৰ জি এছ টি জৰিমনা বিহা হৈছে ৷ চৰকাৰৰ এই সিদ্ধান্তত জাঙুৰ খাই উঠিছে ইণ্ডিগ' কৰ্তৃপক্ষও ৷ মঙলবাৰে ইণ্ডিগ'ৰ ফালৰ পৰা কোৱা হয় যে তেওঁলোকে এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাব । চি জি এছ টি- দিল্লী দক্ষিণ আয়ুক্তৰ অতিৰিক্ত আয়ুক্তই এই শাস্তি বিহিছে বিমান সংস্থাটোক । ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ আইন, ২০১৭ৰ ধাৰা ৭৪ৰ অধীনত এই জৰিমনা বিহা হৈছে ।
মুঠ জি এছ টি জৰিমনা ৪৫৮,২৬,১৬,৯৮০ টকা । "জি এছ টি বিভাগে বিদেশী যোগানকাৰীৰ পৰা লাভ কৰা ক্ষতিপূৰণৰ সুদ আৰু জৰিমনাৰ লগতে ইনপুট টেক্স ক্ৰেডিট অস্বীকাৰ কৰাৰ উপৰি জি এছ টিৰ চাহিদা আৰোপ কৰি সংশ্লিষ্ট আদেশ গৃহীত কৰিছে । কোম্পানীটোৱে দৃঢ়ভাৱে বিশ্বাস কৰে যে জি এছ টি বিভাগে গৃহীত কৰা আদেশ ভুল আৰু আইন অনুসৰি হোৱা নাই ।" ইণ্ডিগ' কৰ্তৃপক্ষই কয় ৷
মঙলবাৰে বিমান পৰিবহণ সংস্থাটোৱে আৰু কয়- "সেই অনুসৰি কোম্পানীয়ে এই বিষয়টোক প্ৰত্যাহ্বান জনাব আৰু পূৰ্বতে উল্লেখ কৰা আদেশৰ বিৰুদ্ধে উপযুক্ত আইনী প্ৰতিকাৰ গ্ৰহণ কৰিব । ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাবে একেধৰণৰ বিষয়ত কোম্পানীটোৱে ইতিমধ্যে আয়ুক্ত (আপীল)ৰ সন্মুখত আপীল কৰি আছে ।" ইয়াৰ উপৰিও ইণ্ডিগ’ই কয় যে যিহেতু তেওঁলোকে এই নিৰ্দেশক প্ৰত্যাহ্বান জনাব, গতিকে এই নিৰ্দেশে কোম্পানীটোৰ বিত্তীয় পৰিচালনা বা অন্যান্য কাৰ্যকলাপত কোনো বিশেষ প্ৰভাৱ পেলোৱা নাই ।
আনহাতে পৃথকভাৱে লক্ষ্ণৌৰ যুটীয়া আয়ুক্তৰ কাৰ্যালয়ে ২০২১-২২ চনৰ বাবে ইণ্ডিগ’ক ১৪,৫৯,৫২৭ টকাৰ জৰিমনা বিহিছে ।
লগতে পঢ়ক: ডেৰাডুনত অধ্যয়ন কৰি থকা উত্তৰ-পূবৰ সকলো শিক্ষাৰ্থীকে নিৰাপত্তা দিব চৰকাৰে: ঘোষণা আৰক্ষীৰ

