দেশত নিবনুৱাৰ হাৰ ৪.৮% লৈ বৃদ্ধি, চহৰাঞ্চলৰ যুৱক-যুৱতী অধিক ক্ষতিগ্ৰস্ত
১৫ বছৰ আৰু তাৰ ওপৰৰ লোকৰ নিবনুৱাৰ হাৰ বৃদ্ধি । চহৰ অঞ্চলত নিবনুৱাৰ পৰিস্থিতি অধিক ভয়াৱহ ।

Published : January 16, 2026 at 2:47 PM IST
নতুন দিল্লী : ভাৰতত কিছু পৰিমাণে বৃদ্ধি পাইছে ১৫ বছৰ আৰু তাৰ ওপৰৰ লোকৰ নিবনুৱাৰ হাৰ । বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা শেহতীয়া তথ্যত এই ছবিখন স্পষ্ট হৈ পৰিছে ।
তথ্য় অনুসৰি ভাৰতত ১৫ বছৰ আৰু তাৰ ওপৰৰ লোকৰ নিবনুৱাৰ হাৰ ২০২৫ৰ ডিচেম্বৰ মাহত ৪.৮ শতাংশ হৈছে । উল্লেখ্য় যে যোৱা নৱেম্বৰত এই হাৰ আছিল ৪.৭ শতাংশ ।
কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা সাময়িক শ্ৰমিক শক্তি জৰীপ (পিএলএফএছ)ৰ প্ৰতিবেদন অনুসৰি গ্ৰামাঞ্চল আৰু চহৰ অঞ্চলত নিবনুৱাৰ এই ছবিখনত ভিন্নতা প্ৰকাশ পাইছে ।
গ্ৰাম্য অঞ্চলত নিবনুৱা সমস্যা সুস্থিৰ যদিও ...
প্ৰতিবেদন অনুসৰি ডিচেম্বৰত গ্ৰামাঞ্চলত নিবনুৱা সমস্যা সুস্থিৰ যদিও চহৰাঞ্চলত এই হাৰ বেছি । গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ ৩.৯ শতাংশতে সীমাবদ্ধ আছে । আনহাতে, চহৰ অঞ্চলত নিবনুৱাৰ হাৰ ৬.৭ শতাংশলৈ বৃদ্ধি পাইছে ।
উল্লেখ্য় যে যোৱা নৱেম্বৰত এই হাৰ আছিল ৬.৫ শতাংশ । ইয়াৰ পৰা স্পষ্টভাৱে ইংগিত পোৱা গৈছে যে নিয়োগৰ সন্দৰ্ভত নগৰীয়া ক্ষেত্ৰত অধিক হেঁচা বৃদ্ধি পাইছে ।
গ্ৰাম্য নিবনুৱাৰ ক্ষেত্ৰত পুৰুষৰ হাৰ ৪.১ শতাংশ । অৱশ্য়ে ইয়াৰ বিপৰীতে চহৰৰ মহিলাসকলৰ ক্ষেত্ৰত কিছু সকাহ পোৱা গৈছে । মহিলাৰ এই হাৰ ৯.৩ শতাংশৰ পৰা ৯.১ শতাংশলৈ হ্ৰাস পাইছে ।
যোৱা ডিচেম্বৰত দেশৰ মুঠ শ্ৰমিক শক্তি সামান্য বৃদ্ধি হোৱাৰ লগতে শ্ৰমিক জনসংখ্যাৰ অনুপাত ৫৩.২ শতাংশৰ পৰা ৫৩.৪ শতাংশলৈ বৃদ্ধি পাইছে । গ্ৰাম্য পুৰুষৰ ডব্লিউ পি আৰ ৭৫.৪ শতাংশৰ পৰা ৭৬ শতাংশলৈ বৃদ্ধি পাইছে । ইয়াৰ বিপৰীতে চহৰীয়া পুৰুষৰ বাবে ই ৭০.৪ শতাংশলৈ হ্ৰাস পাইছে ।
গ্ৰাম্য মহিলাসকলৰ পৰিস্থিতি সামান্য উন্নত হৈছে । তেওঁলোকৰ ডব্লিউ পি আৰ ৩৮.৪ শতাংশৰ পৰা ৩৮.৬ শতাংশলৈ বৃদ্ধি পাইছে । চহৰীয়া মহিলাসকলৰ বাবে ডব্লিউ পি আৰ প্ৰায় ২৩ শতাংশত সীমাবদ্ধ আছে ।
শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ উন্নত:
এই প্ৰতিবেদনৰ তথ্য অনুসৰি ডিচেম্বৰত শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ (এল এফ পি আৰ) ৫৫.৮ শতাংশৰ পৰা বৃদ্ধি পাইছে ৫৬.১ শতাংশলৈ । গ্ৰাম্য অঞ্চলত এই হাৰ ৫৮.৬ শতাংশৰ পৰা ৫৯ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে চহৰ অঞ্চলত এল এফ পি আৰ ৫০.৪ শতাংশৰ পৰা ৫০.২ শতাংশলৈ হ্ৰাস পাইছে।
মহিলাসকলৰ বাবে সামগ্ৰিকভাৱে শ্ৰমিক শক্তিত অংশগ্ৰহণৰ হাৰ ৩৫.১ শতাংশৰ পৰা ৩৫.৩ শতাংশলৈ বৃদ্ধি পাইছে । গ্ৰাম্য মহিলাৰ এল এফ পি আৰ ৩৯.৭ শতাংশৰ পৰা ৪০.১ শতাংশলৈ বৃদ্ধি হৈছে । ইয়াৰ বিপৰীতে চহৰীয়া মহিলাৰ ক্ষেত্ৰত ২৫.৫ শতাংশৰ পৰা ২৫.৩ শতাংশলৈ হ্ৰাস পাইছে ।
জৰীপ আৰু নতুন গণনা পদ্ধতি :
এই সংখ্যা দেশজুৰি ৩৭৩,৯৯০ গৰাকী ব্যক্তিৰ ওপৰত কৰা সমীক্ষাৰ ভিত্তিত কৰা হৈছে । উল্লেখ্য় যে ২০২৫ৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা নতুন পিএলএফএছ গণনা পদ্ধতিয়ে শ্ৰম বজাৰৰ সূচকসমূহৰ অধিক ব্যাপক আৰু সঠিক মূল্যায়ন সম্ভৱ কৰিছে ।

