নীতি আয়োগৰ মাষ্টাৰপ্লেন : ২০৪৭ চনৰ ভিতৰত বিশ্বৰ উৎপাদন হাবত পৰিণত হ’ব ভাৰত
ন ন কৌশল, নতুন উন্নত নীতি আৰু ১২টা মূল খণ্ডৰ দ্বাৰা পৰিচালিত ভাৰতে ২০৪৭ চনৰ ভিতৰত বিশ্বৰ উৎপাদন হাবত পৰিণত হোৱাৰ সপোন দেখিছে ৷

Published : August 16, 2026 at 5:02 PM IST
হায়দৰাবাদ : ২০৪৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰত পৰিগণিত হোৱাৰ সম্ভাৱনা আছে ৷ নীতি আয়োগ আৰু CRISIL ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ প্ৰতিবেদন অনুসৰি, দেশখনক ৩০ লাখ কোটি ডলাৰৰ শক্তিশালী অৰ্থনীতিৰ দেশলৈ ৰূপান্তৰিত কৰিবলৈ উৎপাদন খণ্ডই আগশাৰীৰ ভূমিকা হ’ব লাগিব । বৰ্তমান এই খণ্ডই ভাৰতৰ মুঠ মূল্য সংযোজিত(জিভিএ)ৰ ১৭.৫% অংশগ্ৰহণ কৰে ৷ চৰকাৰৰ প্ৰধান উদ্দেশ্য হৈছে এই অংশ দ্ৰুতগতিত বৃদ্ধি কৰা ।
বিশ্বত খোপনি পুতিবলৈ ভাৰতে কেবল উৎপাদনত গুৰুত্ব দিলেই নহ’ব, বৰং বৃহৎ পৰিসৰত উৎপাদন, সঠিক মূল্য, নতুন প্ৰযুক্তি আৰু বিশ্ব যোগান শৃংখলত নিজৰ স্থান সুনিশ্চিত কৰিব লাগিব ।
উল্লেখ্য যে, নীতি আয়োগ আৰু CRISIL Intelligence ৰ উদ্যোগত দেশৰ ৬২ টা উদ্যোগ খণ্ডৰ বিশদ বিশ্লেষণ কৰা হৈছে । ইয়াৰে ১২টা এনে খণ্ড বাছনি কৰা হৈছে, যিবোৰে ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা আছে ৷ সেইসমূহ ক্ৰমে -
- অটোম’বাইল
- ৰাসায়নিক পদাৰ্থ
- মূলধনী সামগ্ৰী
- ইলেক্ট্ৰ’নিকছ
- ঔষধৰ সামগ্ৰী
- প্ৰতিৰক্ষা আৰু ড্ৰোণ
- খাদ্য প্ৰক্ৰিয়াকৰণ
- বস্ত্ৰশিল্প
- তীখা
- চামৰা আৰু জোতা
- টেলিকম সঁজুলি
- সৌৰশক্তি
চীনৰ তুলনাত ১৯৯৫ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বিশ্বব্যাপী উৎপাদনত ভাৰতৰ অংশ ৫%-৩২% লৈ বৃদ্ধি পাইছে । আনহাতে, একে সময়তে ভাৰতৰ অংশ ১.৫%-৩.২% লৈ বৃদ্ধি পায় । এতিয়া যেতিয়া বিশ্বব্যাপী কোম্পানীসমূহে চীনৰ সৈতে হাত মিলোৱাৰ পৰা আঁতৰত আছে, তেনেক্ষেত্ৰত ভাৰতে এই ব্যৱধান দূৰ কৰাৰ বাবে এক সোণালী সুযোগ লাভ কৰিছে ।
- মূল উদ্যোগসমূহৰ শক্তি আৰু সম্ভাৱনা
বিশ্বব্যাপী কোম্পানীসমূহে চীনৰ সৈতে ব্যৱসায়িক চুক্তি ভংগ কৰাৰ পাছত ভাৰতৰ ৰাসায়নিক খণ্ড এইক্ষেত্ৰত সৰ্বাধিক লাভৱান হোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় বজাৰখন বিশাল আৰু ইয়াৰ গৱেষণাৰ ক্ষমতা অধিক শক্তিশালী । ২০২৫ চনৰ ভিতৰত এই খণ্ডৰ মূল্য ২০০-২২০ বিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছিল । ২০৩০ চনৰ ভিতৰত দেশত ঘৰুৱা ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ ২৯০-৩১০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে ।
- বস্ত্ৰ আৰু পোছাক উদ্যোগ
কৃষিৰ পিছতে বস্ত্ৰ আৰু পোছাক উদ্যোগ ভাৰতৰ দ্বিতীয় বৃহত্তম নিয়োগ খণ্ড ৷ এই উদ্যোগটোৱে প্ৰায় ৪.৫ কোটি লোকৰ জীৱন-জীৱিকাৰ ব্যৱস্থা কৰে । ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন(জিডিপি)ত ই ২% আৰু দেশৰ মুঠ ৰপ্তানিত ৯% অৰিহণা যোগায় । ২০২৫ চনত ভাৰতে ৩৭.৭ বিলিয়ন ডলাৰৰ পোছাক ৰপ্তানি কৰি বিশ্বৰ ষষ্ঠ বৃহত্তম বস্ত্ৰ ৰপ্তানিকাৰক দেশত পৰিণত হৈছিল ।
- ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম টেলিকম বজাৰত পৰিণত
দেশত ইণ্টাৰনেট ব্যৱস্থাই প্ৰায় ৭৫% লোকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে ৷ ডিজিটেল আন্তঃগাঁথনি আৰু ৫জি সঁজুলিৰ ক্ৰমবৰ্ধমান চাহিদাৰ লগে লগে ভাৰতে এই খণ্ডত বিশ্বব্যাপী হাবত পৰিণত হোৱাৰ সুবৰ্ণ সুযোগ লাভ কৰিছে ।
- নবীকৰণযোগ্য শক্তি আৰু সৌৰশক্তি উৎপাদন
ভাৰতত সৌৰ পেনেলৰ নিৰ্মাণ খণ্ড দ্ৰুতগতিত বৃদ্ধি পাইছে । সৌৰশক্তিৰ উৎপাদন ক্ষমতা ২০১৪ চনত ২.৩ গিগাৱাট আছিল যদিও ২০২৫ চনৰ আগষ্টৰ ভিতৰত ১০০ গিগাৱাটলৈ বৃদ্ধি পাইছে । একেদৰে সৌৰকোষৰ নিৰ্মাণ ক্ষমতাও ১.২ গিগাৱাটৰ পৰা ২৫ গিগাৱাটলৈ বৃদ্ধি পাইছে । ভাৰতৰ "পঞ্চমৰুত" লক্ষ্য (২০৩০ চনৰ ভিতৰত নবীকৰণযোগ্য উৎসৰ পৰা ইয়াৰ ৫০% বিদ্যুৎ উৎপাদন)ৰ বাবে চাহিদা অধিক ।
- ভাৰতৰ বৰ্তমানৰ ৰপ্তানিৰ মাত্ৰা
প্ৰতিবেদন অনুসৰি, ভাৰতৰ মুঠ ৰপ্তানিৰ ৭০% উৎপাদিত সামগ্ৰী ৷ আনহাতে, ৩০% কেঁচা বা নূন্যতমভাৱে প্ৰক্ৰিয়াকৃত সামগ্ৰী । ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি সামগ্ৰীসমূহ হ’ল -
পেট্ৰ’লিয়ামজাত সামগ্ৰী - ভাৰতে বিশ্বৰ ভিতৰতে সৰ্বাধিক পেট্ৰ’লিয়ামজাত সামগ্ৰী ৰপ্তানি কৰে ৷ এই পৰিমাণ মুঠ ৰপ্তানিৰ ১৪% । এই মূল্য ২০১৭ চনত ৩১,১৩৭ মিলিয়ন ডলাৰৰ পৰা ২০২৫ চনত ৬২,৫৫ কোটি ডলাৰলৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ পাইছে ।
হীৰা আৰু গহণা - মুঠ ৰপ্তানিৰ ৬% অংশীদাৰিত্বৰে ভাৰত দ্বিতীয় স্থানত আছে ৷ যাৰ মূল্য প্ৰায় ২৬,৩১৯ মিলিয়ন ডলাৰ ৷
ঔষধ - ৫% অংশীদাৰিত্বৰে ই ভাৰতৰ চতুৰ্থ বৃহত্তম ৰপ্তানি সামগ্ৰী, যাৰ মূল্য ২২,০২৬ মিলিয়ন ডলাৰ ।
ভাৰতে কেৱল উৎপাদন বৃদ্ধি কৰিয়েই বিশ্বৰ উৎপাদন হাবত পৰিণত হ’ব নোৱাৰে । ইয়াৰ বাবে ভাৰতীয় কোম্পানীসমূহে নতুন প্ৰযুক্তি গ্ৰহণ কৰিব লাগিব, বৃহৎ পৰিমাণে সামগ্ৰী উৎপাদন কৰিব লাগিব আৰু মূল্য আৰু গুণগত মান দুয়োটাতে সমগ্ৰ বিশ্বৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰিব লাগিব ।
- সফলতাৰ বাবে আৱশ্যকীয় পদক্ষেপ
ভাৰতত কেবল উৎপাদন হ’লেই নহ’ব, প্ৰতিবেদনত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে ৷ ইয়াৰ বাবে ভাৰতীয় কোম্পানীসমূহে নতুন প্ৰযুক্তি গ্ৰহণ কৰিব লাগিব, বৃহৎ পৰিসৰত সামগ্ৰী উৎপাদন কৰিব লাগিব আৰু মূল্য আৰু গুণগত মান দুয়োটা দিশতে বিশ্বজুৰি প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব লাগিব ।
পৃথক পৃথক নীতি - বস্ত্ৰ, ৰাসায়নিক, টেলিকম আৰু সৌৰখণ্ডৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ সুকীয়া ৷ সেয়েহে চৰকাৰে প্ৰতিটো খণ্ডৰ বাবে পৃথক আৰু নিৰ্দিষ্ট নিয়ম প্ৰণয়ন কৰিব লাগে ।
ঔদ্যোগিক ক্লাষ্টাৰ - সা-সামগ্ৰীৰ ব্যয় হ্ৰাস কৰাৰ বাবে একেটা স্থানতে সকলো সুবিধা প্ৰদান কৰা উৎপাদন কেন্দ্ৰ গঢ়ি তুলিব লাগে ।
দক্ষতা বিকাশ - নতুন প্ৰজন্মক আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰশিক্ষণ দিয়া উচিত ।
চৰকাৰ-উদ্যোগৰ অংশীদাৰিত্ব - চৰকাৰ আৰু দেশৰ আগশাৰীৰ উদ্যোগপতিসকলে একেলগে সহযোগিতামূলক মনোভাৱেৰে কাম কৰিলেহে ২০৪৭ চনৰ ভিতৰত ভাৰতে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হ’ব ৷

